শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১২ আগষ্ট : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত নিৰাপত্তাৰ দিশটো তদাৰক কৰাৰ বাবে তিনিচুকীয়াত উপস্থিত হৈছে অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান জি পি সিং ৷ বৃহস্পতিবাৰে তিনিচুকীয়াত উপস্থিত হোৱা অসম আৰক্ষীৰ শীৰ্ষ বিষয়াজনে প্ৰথমে আৰক্ষীৰ উচ্চ পদস্থ বিষয়াবৰ্গৰ সৈতে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় ৷ কালি নিশাটো ডিগবৈত পাৰ কৰা বিশেষ আৰক্ষী সঞ্চালকপ্ৰধানজনে সেনাবাহিনীৰ সৈতেও আলোচনাত বহে ৷ উল্লেখ্য যে শেহতীয়াকৈ নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে আলফা (স্বা) তৎপৰ হৈ উঠা পৰিলক্ষিত হৈছে ৷ কিছুদিন পূৰ্বে তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলৰ দ-পথাৰ মাজগাঁৱত এজন লোকৰ ঘৰত থিতাপি লৈ থকা অত্যাধুনিক অস্ত্ৰশস্ত্ৰৰে সুসজ্জিত আলফাৰ (স্বাঃ) এটা ছয়জনীয়া দলৰ সৈতে সেনা-আৰক্ষীৰ সংঘৰ্ষ হৈছিল । উক্ত সংঘৰ্ষত জ্ঞান অসম নামৰ দুধৰ্ষ আলফা কেডাৰজন ঘটনাস্থলীতে নিহত হোৱাৰ উপৰি উদ্ধাৰ হৈছিল এ কে চিৰিজৰ ৰাইফলৰ লগতে ভালেসংখ্যক বিস্ফোৰক সামগ্ৰী ৷ অৱশ্যে নিৰাপদে পলায়ন কৰিবলৈ সক্ষম হৈছিল আলফাৰ লেফটেনেন্ট কৰ্ণেল পৰ্যায়ৰ নেতা ৰূপম অসমৰ নেতৃত্বত অহা দলটোৰ আন পাচঁজন সদস্য ৷ উক্ত দলটোৰ সন্ধানত অসম-অৰুণাচল সীমান্তৱৰ্তী এলেকাত সেনা,আৰক্ষীয়ে তীব্ৰ অভিযান চলাই থকাৰ সময়তে জিলাখনৰ পেঙেৰীৰ কুজুপথাৰত সেনা, আৰক্ষীৰে আলফাৰ দ্বিতীয়টো সংঘৰ্ষ সংঘটিত হয় ৷ লক্ষ্যণীয়ভাৱে সুদীৰ্ঘ ৭ বছৰৰ ব্যৱধানত এইবাৰ দেশৰ স্বাধীনতা দিৱসৰ দিনটো আলফাই (স্বা) সৰ্বাত্মক বন্ধ ঘোষণা কৰিছে ৷ ইফালে স্বাধীনতা দিৱসৰ সময়ত আলফাই কূটাঘাতমূলক কাৰ্য্য সংঘটিত কৰাৰ প্ৰবল সম্ভাৱনাৰ কথা সদৰি কৰিছে চোৰাংচোৱাৰ সূত্ৰই ৷ ইতিমধ্যে তিনিচুকীয়া জিলাত ভাৰতীয় দণ্ডবিধিৰ ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে ৷ এনে সময়তে সমগ্ৰ নিৰাপত্তা ব্যৱস্থাৰ তদাৰকীৰ বাবে তিনিচুকীয়ালৈ আগমন ঘটে অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান জি পি সিঙৰ ৷ আজি সংবাদ মাধ্যমৰ আগত সিঙে কয় যে নিষিদ্ধ ঘোষিত সংগঠনৰ দ্বাৰা আগে পিছে তেল আৰু চাহ খণ্ডৰ লগতে ভাষিক সংখ্যালঘু লোকক আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা গৈছে ৷ এনে সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা ব্যৱস্থাৰ পৰ্য্যালোচনা কৰাৰ লগতে কঠোৰ কৰি তোলা হৈছে ৷
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.