শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৯ এপ্ৰিল : ইলোৰা ৰায়চৌধুৰী নামৰ এগৰাকী মাত্ৰ ৩৪ বছৰীয়া মহিলাৰ চৰম ত্যাগক যাউতিযুগীয়া কৰাৰ মানসেৰে ২০০৪ চনত এখন বৈজ্ঞানিক দৃষ্টিভঙ্গী সম্পন্ন সমাজ গঢ়ি তোলাৰ সংকল্পেৰে জন্ম লাভ কৰা ইলোৰা বিজ্ঞান মঞ্চৰ চতুৰ্থ দ্বি বাৰ্ষিক তেজপুৰৰ ৰাজ্যিক অধিৱেশনৰ আজি সামৰণি পৰে প্ৰতিনিধি সভাৰ জৰিয়তে। যোৱা ৭ এপ্ৰিলৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হোৱা মঞ্চৰ আজি অন্তিম দিনটোত সভাপতি ড০ চন্দ্র মোহন শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত প্ৰতিনিধি সভাই বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাব গ্ৰহণ কৰে। অসমত ৰাজহুৱা স্বাস্থ্যসেৱাৰ হতাশজনক ছবিখনৰ বাবে ইলোৰা বিজ্ঞান মঞ্চৰ তেজপুৰত অনুষ্ঠিত চতুৰ্থ অসম ৰাজ্যিক সন্মিলনে গভীৰ উদ্বেগ প্ৰকাশ কৰে। ২০২০ আৰু ২০২১ বৰ্ষৰ কোভিড পৰিস্থিতিয়ে অসমত স্বাস্থ্য আৰু চিকিৎসা সেৱাৰ ভয়ানক অৱস্থা উদঙাই দিলে। পঁয়ালগা ৰাজহুৱা স্বাস্থ্য ব্যৱস্থাৰ ফলত বহুলোকে বেচৰকাৰী চিকিৎসালয়বোৰত অতি উচ্চহাৰত মাচুল আদায় দি চিকিৎসা গ্ৰহণ কৰিব লগা হ’ল। চৰকাৰে ৰাজ্যত নতুন নতুন চিকিৎসালয়, চিকিৎসা মহাবিদ্যালয় আদি স্থাপন কৰিছে ঠিকেই, কিন্তু চিকিৎসা মহাবিদ্যালয়সমূহত প্ৰয়োজনীয় আন্তঃগাঁথনি, শিক্ষক-কৰ্মচাৰীৰ অভাৱ প্ৰকট। প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, সমূহীয়া স্বাস্থ্যকেন্দ্ৰ আৰু আনকি জিলা অসামৰিক চিকিৎসালয়সমূহতো প্ৰয়োজনীয় আন্তঃগাঁথনি, ডাক্তৰ, নাৰ্ছ, চিকিৎসা আদিৰ অভাৱত সাধাৰণ ৰোগীৰ অৱস্থা পানীত হাঁহ নচৰা বিধৰ হয়। ৰাজ্যৰ গাঁও বা অন্যান্য ভিতৰুৱা অঞ্চল, চৰ অঞ্চলৰ আদিৰ জনসাধাৰণৰ সমস্যাৰ বর্ণনা নিষ্প্ৰয়োজন। অসমত প্ৰসূতি মৃত্যুৰ হাৰ দেশৰ ভিতৰতে এতিয়াও সৰ্বাধিক। নৱজাত শিশু মৃত্যুৰ হাৰ উদ্বেগজনক। ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা(পঞ্চম)-ই দেখুৱাইছে যে ২০১৫-১৬ বৰ্ষত অসমত ১৫-১৯ বয়সৰ মহিলাৰ ভিতৰত ৪২.৭ শতাংশই ৰক্তহীনতাত ভুগিছিল। কিন্তু সেই সংখ্যা বাঢ়ি ২০১৯-২০ বৰ্ষত ৬৭.৪ শতাংশলৈ বৃদ্ধি পাইছে। একেদৰে ১৫-৪৯ বছৰৰ ভিতৰৰ প্ৰসূতি সকলৰ ৰক্তাল্পতা ৪৪.৮% ৰ পৰা ২০১৯-২০ বৰ্ষত ৫৪.২ শতাংশলৈ বাঢ়িছে। পুৰুষৰ ক্ষেত্ৰতো ২০১৫-১৬ বৰ্ষৰ ৩৬ শতাংশৰ পৰা ২০১৯-২০ বৰ্ষত ৰক্তহীনতা ৩৭.৫% লৈ বৃদ্ধি পায়। ভাৰতৰ মহা পঞ্জীয়কৰ (RGI) কাৰ্যালয়ে যোৱা ১ ডিচেম্বৰত (২০২২ চন) প্ৰকাশ কৰা প্ৰসূতি মৃত্যুৰ বিশেষ বুলেটিনৰ তথ্য মতে অসমত এতিয়াও প্ৰসূতি মৃত্যুৰ হাৰ ১৯৫ অৰ্থাৎ দেশৰ ভিতৰত সৰ্বাধিক। ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা মতে শিশু মৃত্যুৰ হাৰ ৩১.৯%। ছয় মাহৰ পৰা ৫৯ মাহ বয়সৰ শিশুৰ ৰক্তাল্পতা ২০১৫-১৬ বৰ্ষৰ ৩৫.৭ % ৰ পৰা ২০১৯-২০ বৰ্ষত বাঢ়ি ৬৮.৪ শতাংশ হৈছে। ৩৫.৩ শতাংশ শিশুৰ উচ্চতা বয়সৰ তুলনাত কম (stunted)। ২১.৭ শতাংশ শিশুৰ ওজন বয়সৰ তুলনাত কম (wasted)। আনহাতে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ সংস্থা ‘নিতি আয়োগে’ প্ৰকাশ কৰা স্বাস্থ্য সূচাংক অনুসৰি দেশৰ ২০ খন প্ৰধান ৰাজ্যৰ ভিতৰত অসমৰ স্থান ১৪ নম্বৰত। দেশত ‘আয়ুষ্মান ভাৰত’ আঁচনি জনসাধাৰণৰ কামত অহাৰ সলনি কৰ্পৰেট খণ্ডৰ বীমা কোম্পানীবোৰক ধন ঘটাৰহে সুবিধা প্ৰদান কৰা হৈছে। দেশৰ অন্য ৰাজ্যৰ তুলনাত অসম তথা উত্তৰ-পূবত কৰ্কট ৰোগীৰ সংখ্যাধিক্যই সকলোকে উদ্বিগ্ন কৰি তুলিছে। কেৱল অসমতে প্ৰতি বছৰে ৩৪ সহস্ৰাধিক লোক কেন্সাৰৰ দ্বাৰা আক্ৰান্ত হয় বুলি গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানে প্ৰকাশ কৰিছে। এই সংখ্যা উদ্বেগজনক হাৰত বাঢ়ি আছে। সেয়ে আগতীয়াকৈ ৰোগ চিনাক্ত তথা সময়োপযোগী উন্নত চিকিৎসা ব্যৱস্থাৰ খুবেই প্ৰয়োজন। অৱশ্যে চৰকাৰে টাটা ট্ৰাষ্টৰ সহায় কৰ্কট ৰোগ চিকিৎসাৰ উদ্যোগ গ্ৰহণ কৰিছে। অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ এই যৌথ উদ্যোগৰ ফলপ্ৰসূতা বা কাৰ্যকাৰিতা সম্পৰ্কে মন্তব্য দিবলৈ কিছু সময় অপেক্ষা কৰিব লাগিব। ই যাতে চৰকাৰী আৰু ব্যক্তিগত— অৰ্থাৎ যৌথখণ্ড(পি পি পি মডেল)ৰ চিকিৎসাসেৱা হৈ অৱশেষত ব্যক্তিগত খণ্ডৰ অত্যন্ত ব্যয়বহুল চিকিৎসা সেৱালৈ পৰ্যবসিত নহয়, সেয়া নিশ্চিত হ’ব লাগিব বুলি ইলোৰা বিজ্ঞান মঞ্চৰ সন্মিলনে মত প্ৰকাশ কৰি এক প্ৰস্তাব গ্ৰহণ কৰে । আনহাতে ডেংগু, এনচেফেলাইটিছ আদি নিয়ন্ত্ৰণ তথা ৰোগৰ সংক্ৰমণ ৰোধ আৰু আক্ৰান্ত ৰোগীৰ আধুনিক তথা উন্নত চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজন। ডেংগু, জাপানী এনকেফেলাইটিছ আদি ৰোগৰ বাবে ভেকচিন দিয়াৰ ব্যৱস্থাও যথোপযুক্ত কৰা উচিত বুলি সন্মিলনে অনুভৱ কৰে। এনকেফেলাইটিছত মৃত্যু হোৱা ৰোগীসকলৰ ভিতৰত ১০ শতাংশতকৈ কম ৰোগীয়েহে ভেকচিন লোৱা বুলি প্ৰকাশ। শিশুৰ পুষ্টিহীনতা আঁতৰ কৰা আঁচনিবোৰ ৰূপায়ণৰ বাবে একমাত্ৰ দায়িত্বপ্ৰাপ্ত চৰকাৰী সংস্থা হ’ল : সংহত শিশু উন্নয়ন প্ৰকল্প (ICDS) যদিও চৰকাৰী নীতিৰ ভুলৰ বাবেই এই আঁচনি সফল হ’ব পৰা নাই বুলি প্ৰতিনিধি সভাই মতপোষণ কৰি এই ক্ষেত্ৰত চৰকাৰক বিহীত ব্যৱস্থা ল’বলৈ আহ্বান জনায়। আনহাতে ইলোৰা বিজ্ঞান মঞ্চৰ তেজপুৰ সন্মিলনে জীৱনদায়িনী ঔষধ আৰু খাদ্য সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ দাম অবিৰতভাৱে বাঢ়ি আছে বুলি সহমত পোষণ কৰি শেহতীয়াভাৱে চৰকাৰে যোৱা এক এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ নিত্য ব্যৱহাৰ্য ঔষধৰ দাম ১২.১২ শতাংশ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে। অৱশ্যে পৰৱৰ্তী কালত প্ৰবল জনমত, জনতাৰ ক্ষোভ আৰু প্ৰতিবাদৰ ওচৰত সেও মানি চৰকাৰে ৬৫১ বিধ ঔষধৰ মূল্য ৬.৭৩ শতাংশ হ্ৰাস কৰিবলৈ বাধ্য হৈছে। আচলতে এই হ্ৰাসো গ্ৰহণযোগ্য হ’ব নোৱাৰে। বিগত সময়ছোৱাত জীৱনদায়িনী ঔষধৰ মূল্য অত্যধিক হাৰত বৃদ্ধি পোৱাত সাধাৰণ নাগৰিকৰ জীৱন বিপন্ন হৈ পৰিছে। মুদ্ৰাস্ফীতিয়ে কোঙা কৰা সাধাৰণ মানুহৰ সমস্যা ঔষধৰ দাম বৃদ্ধিয়ে ইতিমধ্যে বহুগুণ বঢ়াই দিছে। কেন্দ্ৰীয় চৰকাৰে ২০২২ চনৰ ছেপ্টেম্বৰত নিত্য প্ৰয়োজনীয় ঔষধৰ ৰাষ্ট্ৰীয় তালিকা প্ৰকাশ কৰিছিল। সাধাৰণতে দেখা পোৱা জ্বৰ, মধুমেহ, বিভিন্ন সংক্ৰামক ৰোগ, হৃদৰোগ, ৰক্তৰ সমস্যা, যক্ষ্মা, উচ্চ ৰক্তচাপ, ছালৰ ৰোগ, কৰ্কট ৰোগ, আদি বিভিন্ন ৰোগত ব্যৱহাৰ কৰা ৰাষ্ট্ৰীয় তালিকাভুক্ত ঔষধবোৰৰ দাম বঢ়িয়েই আছে। যোৱা বছৰ এপ্ৰিলত নিত্য প্ৰয়োজনীয় ঔষধৰ দাম ১০ শতাংশ বৃদ্ধি কৰা হৈছিল। চৰকাৰে ঔষধ কোম্পানীসমূহক বাৰ্ষিক পাইকাৰী মূল্য সূচক অৰ্থাৎ ডব্লিও পি আইৰ পৰিৱৰ্তনৰ সৈতে সামঞ্জস্য ৰাখি ঔষধৰ দাম বৃদ্ধি কৰাৰ অনুমতি প্ৰদান কৰাৰ নীতি গ্ৰহণৰ ফলত দৰৱৰ দাম বাঢ়ি আছে। ঔষধৰ (মূল্য নিয়ন্ত্ৰণ) নিৰ্দেশ (ডি পি চি অ’), ২০১৩ অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ সংস্থা নেচনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটি অফ ইণ্ডিয়া (এন পি পি এ)ই আৱশ্যকীয় ঔষধৰ চিলিং নিৰিখ নিৰ্ধাৰণ কৰে। সাধাৰণ মানুহৰ স্বাস্থ্য আৰু ৰোগ নিৰাময়ৰ দিশটো সম্পূৰ্ণ আওকাণ কৰি ঔষধ কোম্পানীসমূহক লাভান্বিত কৰা আৰু লুণ্ঠনৰ সুযোগ দিয়াটোয়েই চৰকাৰৰ প্ৰধান লক্ষ্য। দৰাচলতে কেৱল ঔষধৰ মূল্য বৃদ্ধি নহয়, চৰকাৰৰ নীতিৰ সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যখনতো ৰাজহুৱা স্বাস্থ্যসেৱা সম্পূৰ্ণ ভাগি পৰিছে আৰু সাধাৰণ শ্ৰেণীৰ ৰোগী তথা ৰোগীৰ পৰিয়ালবোৰৰ অৱস্থা হৈছে অবৰ্ণনীয়। চৰকাৰী হস্পিটেলত ঔষধ নাই, চিকিৎসক, নাৰ্চ, স্বাস্থ্যকৰ্মী, আন্তঃগাথঁনিৰ অভাৱ চকুত লগা। ইয়াৰ বিপৰীতে স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত ব্যক্তিখণ্ডৰ চিকিৎসালয়বোৰত ৰমৰমীয়া ব্যৱসায়। ৰোগী আৰু পৰিয়ালৰ পৰা চিকিৎসাৰ নামত ব্যক্তিগতখণ্ডৰ নাৰ্চিং হোমবোৰে আদায় লোৱা মাছুল, বিভিন্ন ব্যয় আদিৰ ক্ষেত্ৰত চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাই। আইন থাকিলেও ৰহস্যজনক কাৰণত প্ৰযোজ্য নহয়। চৰকাৰেই পৰিকল্পিতভাৱে ৰাজহুৱা স্বাস্থ্যসেৱা ধ্বংসৰ গৰাহলৈ ঠেলি দিছে, উৎসাহিত কৰি আছে ব্যক্তিগত আৰু কৰ্পোৰেট খণ্ডৰ চিকিৎসালয় তথা চিকিৎসা প্ৰতিষ্ঠানসমূহক। স্বাস্থ্যৰ শিতানত বাজেটত চৰকাৰে প্ৰতিবছৰে ক্ৰমান্বয়ে পুঁজিৰ আবণ্টন হ্ৰাস কৰি আছে। ২০২২-২৩ বৰ্ষৰ বাজেটত স্বাস্থ্যৰ শিতানত আবন্টিত ধনৰ ৮৯,২৫১ কোটি টকাৰ বিপৰীতে এইবেলি ২০২৩-২৪ বৰ্ষত ধাৰ্য কৰা হৈছে ৯২,৮০৩ কোটি টকা। প্ৰকৃততে মুদ্ৰাস্ফীতি হিচাপত ধৰিলে যোৱা বেলিতকৈ ২% কম ধনৰ আবণ্টন। যোৱা বছৰৰ মুঠ বাজেটৰ ২.২৬ শতাংশ ধন স্বাস্থ্যৰ শিতানত ধাৰ্য কৰা হৈছিল। এইবেলি কমি ২.০৬ শতাংশ হ’ল। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনত ২০২২-২৩ বৰ্ষত ৩৭,১৫৯ কোটি টকাৰ বিপৰীতে এইবাৰ ২০২৩-২৪ বৰ্ষত ধন আবণ্টন কৰা হৈছে ৩৬,৭৮৫ কোটি টকা। কেন্দ্ৰীয় চৰকাৰে স্বাস্থ্যৰ শিতানত ধনৰ আবণ্টন মুঠ ঘৰুৱা উৎপাদনৰ ৫ শতাংশলৈ ব্যয় বৃদ্ধিৰ দাবী উত্থাপন হৈ থকা সত্ত্বেও কেন্দ্ৰীয় চৰকাৰে ১.১ শতাংশৰ পৰা ১.৩ শতাংশৰ ভিতৰতে সীমাবদ্ধ ৰাখিছে । আমাৰ দেশত এতিয়াও স্বাস্থ্যৰ অধিকাৰক আইনী অধিকাৰ হিচাপে স্বীকৃতি দিয়া হোৱা নাই। অলপতে ৰাজস্থান চৰকাৰে ইয়াক আইনী বৈধতা প্ৰদানৰ বাবে ৰোগীৰ স্বাৰ্থত ইতিবাচক দৃষ্টিৰে আইন প্ৰণয়ন কৰিছিল যদিও ব্যক্তিগতখণ্ডৰ চিকিৎসালয় আৰু চিকিৎসক সংগঠনসমূহৰ হেঁচাত আইনখনৰ বহু পৰিৱৰ্তন কৰিব লগা হ’ল। কেৰালা চৰকাৰে বহু ইতিবাচক পদক্ষেপেৰে আইন প্ৰণয়ন কৰিবলৈ আগবাঢ়িছে। অসমতো এখন জনমুখী স্বাস্থ্যৰ অধিকাৰ সম্পৰ্কীয় আইন প্ৰণয়ন কৰাৰ বাবে আজিৰ সন্মিলনে দাবী উত্থাপন কৰিছে। সেয়েহে
সন্মিলনে দাবী উত্থাপন কৰিছে যে
১. ৰাজ্যত ৰাজহুৱা স্বাস্থ্য সেৱাৰ সম্প্ৰসাৰণ কৰক। ব্যক্তিগত খণ্ডৰ চিকিৎসা সেৱাৰ ক্ষেত্ৰত চৰকাৰী নিয়ন্ত্ৰণ নিশ্চিত কৰক।
২. ৰাজ্যত চৰকাৰী চিকিৎসালয় বোৰত প্ৰয়োজনীয় সংখ্যক চিকিৎসক, নাৰ্চ, স্বাস্থ্য কৰ্মীৰ নিযুক্তি নিশ্চিত কৰাৰ উপৰি জিলা সদৰ অসামৰিক চিকিৎসালয় বোৰত বিশেষজ্ঞ চিকিৎসকৰ নিশ্চয়তা প্ৰদান কৰক। চিকিৎসালয় বোৰত ৰোগ পৰীক্ষা আদিকে ধৰি স্বাস্থ্যখণ্ডৰ আন্তঃগাথঁনিৰ দ্ৰুত উন্নয়ন সাধন কৰক। স্বাস্থ্যৰ শিতানত চৰকাৰী ব্যয় বৃদ্ধি কৰক।৩. ঔষধৰ মূল্য নিয়ন্ত্ৰণ আৰু মূল্য বৃদ্ধি ৰোধ কৰক। ঔষধ কোম্পানীসমূহৰ ওপৰত চৰকাৰে নিজৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰক আৰু কোম্পানীসমূহে যাতে ইচ্ছামতে ঔষধৰ দাম বঢ়াব নোৱাৰে সেয়া নিশ্চিত কৰক।ইয়াৰোপৰি ইলোৰা বিজ্ঞান মঞ্চৰ চতুৰ্থ দ্বি বাৰ্ষিক তেজপুৰৰ ৰাজ্যিক অধিৱেশনৰ প্ৰতিনিধি সভাই টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠান সংক্ৰান্তত এক গুৰুত্বপূৰ্ণ প্ৰস্তাব গ্ৰহণ কৰি উল্লেখ কৰিছে যে দেশৰ অন্যতম ঐতিহ্যময় ১১২ বছৰীয়া পুৰণি যোৰহাটস্থিত টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠান চৰকাৰৰ অবহেলাৰ বাবে মৃত্যুমুখত পৰাৰ উপক্ৰম হৈছে। ৰাজ্যখনৰ লগতে দেশৰ অৰ্থনৈতিক উন্নয়নত গুৰুত্বপূৰ্ণ ভুমিকা লোৱা চাহ শিল্পৰ উন্নয়নৰ ক্ষেত্ৰত টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানে গুৰুত্বপূৰ্ণ ভুমিকা লৈ আহিছে। ১৯১১ চনতে ব্ৰিটিছ চাহ খেতিয়কৰ পৃষ্ঠপোষকতাত তথা ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বেংগল চৰকাৰৰ আৰ্থিক সাহায্যত ভাৰতীয় চাহ সংস্থাই স্থাপন কৰা টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানে চাহৰ বিভিন্ন জাত, কাটিং, ক্ল’ন আদি উদ্ভাৱন কৰাৰ লগতে মাটিৰ গুণাগুণ নিৰূপণ, পোক-পতংগ নিবাৰণৰ কৌশল উদ্ভাৱন কৰি অনন্য অৱদান আগবঢ়াই আহিছে। চাহ উদ্যোগৰ বাবে অন্যতম প্ৰয়োজনীয় গৱেষণামূলক এই কাম-কাজ সমূহৰ অবিহনে চাহ উদ্যোগৰ বিকাশ অসম্ভৱ।
এসময়ত সোণালী যুগ চলা এই গৱেষণা প্ৰতিষ্ঠান এতিয়া চৰকাৰৰ পুঁজি মোকলাই নিদিয়া আৰু নতুন নিযুক্তি নিদিয়াৰ ফলত গভীৰ সংকটত পৰি মৃত্যুমুখী যাত্ৰা আৰম্ভ হৈছে। প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীৰ সংখ্যা ৫০০ ৰ পৰা ১৩৬ লৈ নামি আহিছে। ইলোৰা বিজ্ঞান মঞ্চই লগতে লক্ষ্য কৰিছে যে এই গৱেষণা প্ৰতিষ্ঠানটোত অত্যাধুনিকটো বাদেই, সাধাৰণ ভাৱে উপলব্ধ হ’বলগীয়া কিছুমান বৈজ্ঞানিক সঁজুলিৰেই অভাৱ। ইয়াৰোপৰি প্ৰতিষ্ঠানটো পুথিভঁৰালকে ধৰি অন্যান্য কিছু সমস্যাটো ভাৰক্ৰান্ত। এনে অৱস্থাতে এই প্ৰতিষ্ঠানত চাহ ব্যৱস্থাপনাৰ ওপৰত ৬ মহীয়া ডিপ্লমাৰ পাঠদান চলি আছে যাৰ দ্বাৰা ভাৰত তথা ভাৰতৰ বাহিৰৰ শিক্ষাৰ্থীও উপকৃত হৈছে আৰু চাহ উদ্যোগত দেশে বিদেশে নিজৰ জীৱিকা বিচাৰি লোৱাত সুবিধা অৰ্জন কৰিছে। ইলোৰা বিজ্ঞান মঞ্চই টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠানটোৰ প্ৰতি চৰকাৰৰ আওকানীয়া মনোভাৱক কঠোৰ ভাষাৰে সমালোচনা কৰিছে আৰু প্ৰতিষ্ঠানটোক সৰ্বদিশত শক্তিশালী কৰি গঢ়ি তোলাৰ বাবে পদক্ষেপ ল’বলৈ দাবী জনাইছে।ইয়াৰোপৰি মৰণোত্তৰ দেহদান প্ৰক্ৰিয়াত হোৱা ব্যয় চৰকাৰে ব্যয় কৰা, অসমত মৰণোত্তৰ অংগদান, অংগ প্ৰতিষ্ঠান আৰু টিচ্যুবেংকৰ সুবিধা উপলব্ধ কৰোৱাৰ লগতে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ প্ৰস্তাব গ্ৰহণ কৰি ৰাজ্যখনৰ পৰিৱেশ আৰু পৰিৱেশ বিজ্ঞানৰ বিশেষজ্ঞ সকলৰ অংশ গ্ৰহণ নিশ্চিত কৰি জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগৰ বিপদশংকা হ্ৰাস আৰু বহনক্ষমতাক উন্নয়নৰ প্ৰাৰম্ভিক চৰ্ত হিচাপে লৈ জলবায়ু কাৰ্যনীতিৰ খচৰা প্ৰস্তুত কৰা ব্যৱস্থা কৰা আৰু জলবায়ু পৰিৱৰ্তন প্ৰত্যাহ্বান সমূহৰ দিশত কৰ্মৰত সংশ্লিষ্ট সকলো পক্ষ সমন্বিতে বহল জনমত আহৰণৰ স্বাৰ্থত ৰাজহুৱাভাৱে, নিয়োজিত বিশেষজ্ঞ সকলৰ পৰিচয়সহ খচৰা ৰাজহুৱা কৰা আৰু উপযুক্ত শুনানী সপক্ষে নীতিৰ প্ৰণয়নৰ দাবী জনায়।
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
পূৰ্বৱৰ্তী লেখা
পৰৱৰ্তী লেখা