উৎসৰ পৰাই টিহু নদী শুকাইছে …
ধ্ৰুৱজ্যোতি কলিতা
সৰুৰেপৰাই শুনি আহিছিলো, টিহু নদীখন হেনো পথাৰৰ মাজত থকা এটা পানীৰ উহৰপৰা আৰম্ভ হৈছে। আজিৰপৰা কেইমাহমান আগতে, যোৱা ২০২০ চনৰ ডিচেম্বৰ মাহত এদিন টিহু মহাবিদ্যালয়ৰ উদ্ভিদ বিভাগৰ সহযোগী অধ্যাপক তথা অসম বিজ্ঞান সমিতিৰ টিহু শাখাৰ সম্পাদক ড° সুৰেশ ভৰালীৰ সৈতে কৌতুহলবশতঃ উৎসটো চাবলৈ গৈছিলো। হয়, বৰমাৰ পৰা কেইকিলোমিটাৰমান উত্তৰৰ ফালে বাক্সা জিলাৰ এখন পথাৰৰ মাজত থকা এটা পুখুৰীৰ বুকুত অহৰহ কিছুমান বুৰবুৰণি ওলাই থকা দেখিলোঁ আৰু পুখুৰীটোৰপৰাই অলপ পানীৰ সোঁত ওলাই গৈ আছে । পানীৰ সোঁতটো অনুসৰণ কৰি কিছু আগুৱাই যোৱাত দেখিলোঁ যে আগলৈ একাধিক পানীৰ বুৰবুৰণি ওলাই কিছু দূৰৈৰপৰা এটা সৰু জানৰ নিচিনা হৈ পানীৰ সোঁত আগুৱাই গৈছে। তাৰপৰা উভতি আহি আন এটা ফালেদি প্ৰায় দুইকিলোমিটাৰমান দূৰৈত গৈ দেখিলোঁ যে পানীৰ গভীৰতা আঁঠুলৈকে হৈছে। পিছে দুঃচিন্তা মনলৈ আহিল, যেতিয়া এগৰাকী বয়োজ্যেষ্ঠ স্থানীয় লোকৰ মুখে শুনিলোঁ যে নদীখন হেনো কিছু বছৰ পিছত উৎসতেই মৰিব। তেখেতে দিয়া বৰ্ণনা অনুসৰি স্থানীয় মানুহে খেতিপথাৰলৈ পানী বোৱাই নিয়াৰ বাবে মাজে মাজে কিছুমান বান্ধ দিছে, যাৰ বাবে বালি জমা হৈ নদীখন গুৰিৰপৰাই শুকাই আহিবলৈ ধৰিছে। তেখেতে এইটোও জনালে যে আমি আচলতে যিখিনিৰপৰা সেইদিনা নদীখন আৰম্ভ হোৱা যেন দেখিছিলোঁ, আচলতে তাৰ কিছু আগৰপৰাহে ওলাই আহিছিল হেনো। কিন্তু মানুহৰ অজ্ঞতা আৰু হস্তক্ষেপৰ কাৰণে আগৰ অংশটো শুকাই চিন-চাব নোহোৱা হৈছে। সেয়েহে, যদিহে স্থানীয় মানুহখিনিক বুজাই-বঢ়াই সৈমান কৰিব পৰা নাযায়, তেন্তে কিছুবছৰ পিছত টিহু নদীৰ অস্তিত্বই নাথাকিব।
সেয়েহে, আমি ভাবোঁ যে অসম বিজ্ঞান সমিতিৰ দৰে সংগঠনৰ লগতে স্থানীয় মহাবিদ্যালয়, বেচৰকাৰী সংগঠন, জনপ্ৰতিনিধিসকলে উক্ত বিষয়টোক লৈ টিহু নদীৰ উৎসস্থলৰ দুকাষৰ বাসিন্দাসকলৰ সৈতে নদীখন স্বাভাৱিক ভাবে বৈ থকাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা উচিত। আচলতে, অকল টিহু নদীয়েই নহয়, নৈৰ দুয়োপাৰৰ জনসাধাৰণৰ অংশগ্ৰহণেৰে অসমৰ প্ৰতিটো জান-জুৰি, পুখুৰী আৰু নদীৰেই বিতং তথ্য সংগ্ৰহৰ বাবে এক স্থায়ী আৰু শক্তিশালী শৃংখল গঢ়ি তোলা উচিত। লগতে থাকিব লাগে ৰাইজৰ সহযোগত জলতন্ত্ৰ প্ৰতিপালন আৰু বহনক্ষম ব্যৱহাৰৰ এক নিখুঁত স্থায়ী ব্যৱস্থা।
লেখকৰ ফোনঃ ৯৮৬৪০৬৯৫৮৩