দুদিনীয়া কাৰ্যসূচীৰে তেজপুৰৰ “তৰুণ অসম সংঘ” ৯২ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰম্ভ 

0 25
শতাব্দ প্ৰতিনিধি, তেজপুৰ ২১ মে’ : সু-সাহিত্যিক লক্ষীধৰ শৰ্মাকে ধৰি জাতীয় জীৱনৰ বহু কেইগৰাকী পুৰোধা ব্যক্তিৰ প্ৰযত্নত ১৯৩০ চনতে তেজপুৰত গঢ়ি উঠা “তৰুণ অসম সংঘ” ৰ ২২ মে’ৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত বৰ্ণাঢ্য কাৰ্যসূচীৰ আজি প্ৰথম দিনটোতে তৰুণ অসম সংঘৰ সদস্য তথা প্ৰতিষ্ঠিত চিত্ৰ ভাস্কৰ্য শিল্পী জ্ঞানেন্দ্ৰ নাথ বৰাৰ আকৰ্ষণীয় চিত্ৰ ভাস্কৰ্য প্ৰদৰ্শনী  ফিটা কাটি উদ্বোধন কৰে প্ৰসিদ্ধ চিত্ৰশিল্পী ননী বৰপূজাৰীয়ে। ফিটা কটাৰ পিছতেই শিল্পী ননী বৰপূজাৰীৰ লগতে তৰুণ অসম সংঘৰ ভাৰপ্ৰাপ্ত সভাপতি ড° ভুবনেশ্বৰ চহৰীয়া আৰু ননী বৰপূজাৰীয়ে একোগছিকৈ বন্তি প্ৰজ্বলন কৰাৰ পিছত চিত্ৰ প্ৰদৰ্শনীখনৰ প্ৰত্যেকখন ছবি ননী বৰপূজাৰীয়ে  পৰ্যবেক্ষণ কৰে।আনহাতে এই প্ৰদৰ্শনীস্থলীতেই বিশিষ্ট শিল্পী ননী বৰপূজাৰীয়ে ১৯১৯ চনতেই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই একাংশ শিল্পীৰ জৰিয়তে প্ৰথমখন চিত্ৰ প্ৰদৰ্শনী আয়োজন কৰিছিল যদিও আজিকোপতি তেজপুৰত এখন কলাবীথিকা গঢ়ি নুঠাতো এক দুৰ্ভাগ্যজনক কথা বুলি কৈ চৰকাৰ প্ৰশাসনক তেজপুৰত এখন কলাবীথিকা গঢ়ি তুলিবলৈ আহ্বান জনায়। ইয়াৰ পিছতেই ভাৰপ্ৰাপ্ত সভাপতি ড° ভুবনেশ্বৰ চহৰীয়াৰ পৌৰোহিত্যত সাংস্কৃতিক সম্পাদক নৰেণ শইকীয়াই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত প্ৰসিদ্ধ শিল্পী গৰাকীক তৰুণ অসম সংঘৰ তৰফৰ পৰা গামোচা, চেলেং আৰু শৰাইৰে এনেদৰে সন্মান জনায়। উপদেষ্টা প্ৰদীপ ভট্টাচাৰ্য, মহেন্দ্ৰ নাথ কেওঁট, উপসভাপতি জিতেন বৰঠাকুৰ আদিৰ উপস্থিতিত উদ্বোধনী অনুষ্ঠানত বিশিষ্ট চিত্ৰশিল্পী ননী বৰপূজাৰীয়ে ভাষণত তেজপুৰ তেওঁৰ অতি প্ৰিয় ঠাই বুলি মন্তব্য কৰি চিত্ৰশিল্পী সকলে নিজৰ সৃষ্টি সমূহ তুলি ধৰিব পৰাকৈ তেজপুৰত এখন সুন্দৰ আৰ্ট গেলেৰীৰ পোষকতা কৰে। আনহাতে প্ৰায় ৭৫ খন অতি সুন্দৰ আৰু অৰ্থবহ চিত্ৰৰ লগতে কিছু সংখ্যক অতি কুন্দতকটা ভাস্কৰ্যৰে এই প্ৰদৰ্শনীৰ মূল হোতা বিশিষ্ট চিত্ৰ ভাস্কৰ্য শিল্পী জ্ঞানেন্দ্ৰ নাথ বৰাই এই প্ৰদৰ্শনীত সংস্থাপিত কৰা ১৮৬০ চনৰে তেজপুৰৰ প্ৰথমখন আলোকচিত্ৰ নিজে অংকণ কৰি ৰখা আৰু বৰ্তমানে বৃটিছ মিউজিয়ামত সংৰক্ষিত হৈ থকা ছবিখনৰ প্ৰসংগৰ লগতে শিশু অৱস্থাৰ পৰা বৰ্তমানলৈকে চিত্ৰকলা ক্ষেত্ৰখনৰ সৈতে জৰিত হৈ অহা কেতবোৰ দিশ আলোকপাত কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More