নাওবৈচা-বঙালমৰাত নকল সোণৰ নাৱৰ বেহা
আৰক্ষীৰ তীব্ৰ অভিযানঃ মাজনিশা গ্ৰেপ্তাৰ নকল সোণৰ বেপাৰীঃ নগদ ধন জব্দ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৬ আগষ্টঃ লখিমপুৰ জিলাৰ ভিন্ন প্ৰান্তৰ লগতে বঙালমৰাতো যে নকল সোণ আৰু জালনোটৰ বেহা এইপৰ্যন্ত অব্যাহত আছে সেই কথা আৰক্ষীৰ শেহতীয়া অভিযানত পোহৰলৈ আহিছে৷ প্ৰায় দুদিন পূৰ্বে বঙালমৰাত আৰক্ষীয়ে নকল সোণৰ বেপাৰী-জাল নোট চক্ৰৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়ত আনাৰুল হুছেইন নামৰ এজন ড্ৰাগছ ব্যৱসায়ীক এনকাউণ্টাৰ কৰাৰ পিছতো এই পৰ্যন্ত বঙালমৰা অঞ্চলত নকল সোণ আৰু জালনোটৰ বেহা অব্যাহত আছে৷ যোৱা নিশা নাওবৈচা আৰু বঙালমৰা আৰক্ষীয়ে যুটীয়া ভাৱে অভিযান চলাই এটা নকল সোণৰ বেপাৰীক হাতে লুটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ বঙালমৰাৰ সমীপৱৰ্তী ১ নং আহমেদপুৰত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই মিৰাজ আলি নামৰ এটা নকল সোণ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত মিৰাজ আলিৰ স্বীকাৰোক্তিৰ ভিত্তিত ম’হঘূলি অঞ্চলত অভিযান চলোৱাৰ পিছত ম’হঘূলিৰ নাছিম উদ্দিন নামৰ লোকজনৰ গৃহৰ পৰা এখন নকল সোণৰ নাওঁ আৰু নগদ ৫০ হাজাৰ টকা জব্দ কৰা হয়৷ আৰক্ষীয়ে নাছিম উদ্দিনক লগত লৈ সমগ্ৰ অঞ্চলটোত ব্যাপক অভিযান আৰম্ভ কৰিছে৷ উল্লেখনীয় কথা যে প্ৰায় এটা পষেকৰ পূৰ্বে লখিমপুৰ জিলা কাৰাগাৰৰ পৰা অৰ্ধ শতাধিক নকল সোণ-জাল নোটৰ বেপাৰীয়ে জামিনত মুক্ত হৈ ঘৰলৈ যায়৷ অৱশ্যে আৰক্ষীৰ জালৰ পৰা আৰু বহু জাল নোট-নকল সোণ ব্যৱসায়ী সাৰি যোৱাৰ পিছতে এইসকল অপৰাধীয়ে পুনৰ অপৰাধ জগতত নামি পৰাৰ তথ্য পোহৰলৈ আহিছে৷ প্ৰায় ১০ দিন পূৰ্বেও আৰক্ষীয়ে বঙালমৰাৰ সোনাপুৰ ৰিজাৰ্ভ গাঁৱত অভিযান চলাই দুটা নকল সোণ বেপাৰীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে৷ লখিমপুৰত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই যোগদান কৰাৰ পিছতে অৰ্ধ শতাধিক অপৰাধীয়ে আত্মসমৰ্পণ কৰাৰ বিপৰীতে কুৰিজনৰো অধিক অপৰাধীক জেললৈ প্ৰেৰণ কৰিছিল৷ কিন্তু এইসকল অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ পিছতো পুনৰ আন একাংশ অপৰাধীয়ে টিঘিলঘিলাই আৰক্ষীক একপ্ৰকাৰে অংগুষ্ঠ প্ৰদৰ্শন কৰি আহিছে৷ শেহতীয়াকৈ আৰক্ষীৰ হাতত কেবাজনো গ্ৰেপ্তাৰ হোৱা কাৰ্যই এই কথা পোহৰলৈ আনিছে৷