প্ৰসিদ্ধ নাট্যকাৰ, পৰিচালক নাজিম আহমেদৰ দেহাৱসান-জনাজা সম্পন্ন 

অৰ্ধশতাধিক দল-সংগঠনৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

0 55

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৫ ডিচেম্বৰঃ WhatsApp Image 2024 12 04 at 8.41.08 PM e1733410915161নাট্যকাৰ, পৰিচালক, অভিনেতা, অনাতাঁৰ নাট্যশিল্পী, গীতিকাৰ, আবৃতিকাৰ হিচাপে অসমবাসীৰ মাজত পৰিচিত অসম নাট্য সন্মিলনৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি নাজিম আহমেদৰ বুধবাৰৰ নিশা দেহাৱসান ঘটাৰ পিছত আজি মাটিৰ মানুহজন মাটিতেই চিৰদিনৰ বাবে শুই পৰিল। বিভিন্ন সামাজিক, সাংস্কৃতিক অনুষ্ঠানৰ গুৰি ধৰোতা, লখিমপুৰৰ নাট্য জগতৰ পুৰুধা ব্যক্তিজনৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৭১ বছৰ৷ যোৱা নিশা লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷ উত্তৰ লখিমপুৰ নগৰৰ ৬ নং ৱাৰ্ডৰ ”নৱাব কমপ্লেক্স” নিবাসী নাজিম আহমেদৰ মৃত্যুত সৰ্বত্ৰ গভীৰ শোকৰ ছাঁ পৰিছে৷ আজি আছুৰ উদ্য়োগত নাজিম আহমেদৰ নশ্বৰ দেহ পুষ্প সজ্জিত বাহনেৰে এক শৱযাত্ৰা কৰাৰ অন্তত উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰলৈ অনাৰ পিছত সেই ঠাইতে পুৰুধা ব্যক্তিজনক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱা হয়৷ এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলিত জিলাখনৰ লগতে লখিমপুৰৰ অৰ্ধশতাধিক দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে শেষ শ্ৰদ্ধা নিবেদন কৰে৷ লখিমপুৰৰ চাবতি জনকল্যান বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ২০১৪ চনত অৱসৰ গ্ৰহণ কৰা শিক্ষক নাজিম আহমেদে বিগত কিছুদিনৰ পৰা এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল৷ বুধবাৰে তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হয় যদিও সন্ধিয়া ৭ বজাত মৃত্যুক সাৱতি লয়৷ নাজিম আহমেদে নাটঘৰ প্ৰতিষ্ঠা কৰাৰ লগতে ২০০৮-০৯ বৰ্ষতে তেওঁ অসম নাট্য সন্মিলনৰ প্ৰধান সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰাৰ লগতে পৰৱৰ্তী সময়ত তেওঁ নাট্য সন্মিলনৰ কাৰ্যকৰী সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ উল্লেখ্য যে প্ৰথিতযশা নাট্যকাৰ আলি হাইদৰৰ এজন ৰজা আছিল, এটা চোলাৰ কাহিনী আদি একাংকিকা নাটকেৰে নাট্য জীৱন আৰম্ভ কৰা আহমেদে নাট্যকাৰ সেৱাব্ৰত বৰুৱা, মহেন্দ্ৰ বৰঠাকুৰ, ভৱেন্দ্ৰ নাথ শইকীয়া আদি নাট্যকাৰৰ নাটকত অভিনয় শিল্পী তথা পৰিচালক হিচাপে অৱতীৰ্ণ হৈ বঁটা লাভ কৰিছিল৷ তেওঁ জ্যোতি প্ৰসাদ আগৰৱালাৰ কাৰেঙৰ লিগিৰী, ৰূপালীম, লভিতা আদি নাটকৰ উপৰি অন্যান্য বহু পূৰ্ণাংগ নাটকত মূল চৰিত্ৰত অভিনয় কৰিছিল৷ নাট পৰিচালক হিচাপে পৰিচিত আহমেদ এগৰাকী আবৃতিকাৰো আছিল৷ ১৯৭৬ চনৰ পৰা তেওঁ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ নাট শাখাৰ নিয়মীয়া শিল্পী হিচাপে কেবাখনো নাটকত অভিনয় কৰাৰ লগতে সমান্তৰাল ভাৱে গুৱাহাটী দূৰদৰ্শনৰ কেবাখনো ধাৰাবাহিক আৰু টেলিফিল্মত অভিনয় কৰিছিল৷ ৰাজ্যৰ বিভিন্ন স্থানত অনুষ্ঠিত নাট কৰ্মশালাত আৰু নাট সম্পৰ্কীয় আলোচনা চক্ৰত সমল ব্যক্তি তথা প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰাই নহয় তেওঁ শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলাৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰাৰ লগতে পৰিচালক হিচাপে সেৱা আগবঢ়াইছিল৷ তেজপুৰৰ বান থিয়েটাৰৰ বঁটাপ্ৰাপক আহমেদে ১৯৯৩ চনত ওড়িশাৰ কটকত অনুষ্ঠিত ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমীৰ পূৰ্বাঞ্চল নাট সমাৰোহত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ পৰ্যবেক্ষক হিচাপে অংশ লৈছিল। লখিমপুৰৰ বিভিন্ন সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত আহমেদে লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সম্পাদক, সভাপতি হিচাপে দায়িত্ব পালন কৰিছিল৷ চৈয়দ নাজিম আহমেদৰ মহাপ্ৰয়াণত অসম সাহিত্য সভাৰ উত্তৰ লখিমপুৰ আঞ্চলিক কাৰ্যালয়ে গভীৰ শোক প্ৰকাশ কৰিছে৷ উত্তৰ লখিমপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক, নাট্যকাৰ, আবৃতিকাৰগৰাকীৰ মৃত্যুত বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷ মৃত্যুৰ সময়ত তেওঁ লখিমপুৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ মীৰা বেগমসহ দুই পুত্ৰ সহ বহু আত্মীয়ক এৰি থৈ যায়৷ আজি বিয়লি ২ বজাত অসংখ্য গুণমুগ্ধৰ উপস্থিতিত খেলমাটি কবৰস্থানত তেওঁৰ জানাজা সম্পন্ন কৰা হয়৷ তেওঁৰ মৃত্যুত নাটঘৰৰ সম্পাদক ৰাজীৱ গগৈ, নাবিকৰ সম্পাদক নবিউল হুছেইন, নৰ্থ লখিমপুৰ প্ৰেছ ক্লাব, জিলা সাংবাদিক সংস্থা, মঞ্চায়নৰ কাৰ্যকৰী সভাপতি অৰুণ কুমাৰ দত্ত, কণ্ঠশিল্পী মৃদুল বৰুৱা, নিবনুৱা সন্থাৰ সাধাৰণ সম্পাদক জীৱন ৰাজখোৱা, অগপৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য ধনমণি দত্ত আদিয়ে গভীৰ শোক প্ৰকাশ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More