শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৪ আগষ্ট ঃ নকল সোণ-জালনোটৰ ঘাটি হিচাপে পৰিচিত বঙালমৰাত দেওবাৰে মাজনিশা আৰক্ষীয়ে এটা ড্ৰাগছ বেপাৰীক এনকাউণ্টাৰ কৰা ঘটনাই সমগ্ৰ বঙালমৰা অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ কালি নিশা গুলীবিদ্ধ হোৱা ড্ৰাগছ ব্যৱসায়ীটো হৈছে বঙালমৰা আৰক্ষী চকীৰ অন্তৰ্গত ২ নং ইছলামপুৰৰ আনাৰুল হুছেইন [২৭]৷ প্ৰাপ্ত তথ্য অনুসৰি যোৱা নিশা বঙালমৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ধ্ৰুৱ শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ২ নং ইছলামপুৰৰ নকল সোণ আৰু জালনোটৰ বেপাৰী ছাদ্দাম হুছেইনৰ ঘৰত অভিযান চলাবলৈ যায়৷ আৰক্ষীৰ দলটোৱে প্ৰথমে ছাদ্দামৰ ভাতৃ তথা জেলফেৰৎ আনাৰুল হুছেইনৰ ঘৰত সোমাই আনাৰুলক আটক কৰে৷ ছাদ্দামৰ ঘৰৰ সমীপতে আনাৰুলৰ ঘৰ আৰু আনাৰুলে অৰুণাচলত ড্ৰাগছ বেপাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈ ইতিমধ্যে জামিনত মুক্তি হৈ ঘৰতে আছিল৷ যোৱানিশা প্ৰায় ১০ মান বজাত বঙালমৰা আৰক্ষীয়ে আনাৰুলক লগত লৈ ছাদ্দামৰ ঘৰত অভিযান চলাবলৈ যোৱাৰ সময়ত আনাৰুলে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাত আৰক্ষীয়ে এনকাউণ্টাৰ কৰিবলৈ বাধ্য হয়৷ ফলত আনাৰুলৰ ভৰিত গুলী লাগি আহত হয়৷ আহত আনাৰুলক নিশাই লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় আৰু সম্প্ৰতি তেওঁ সংকটমুক্ত৷ ইফালে এই ঘটনাৰ সময়তে ছাদ্দাম হুছেইন ঘৰ এৰি পলায় যাবলৈ সক্ষম হয়৷ আৰক্ষীয়ে গোপন সূত্ৰে খবৰ লাভ কৰিছিল যে জাল নোট আৰু নকল সোণৰ বেপাৰী ছাদ্দাম হুছেইনৰ ঘৰত জাল নোট প্ৰস্তুত কৰা এটা মেচিন আছিল৷ সেই মেচিন উদ্ধাৰৰ বাবে আৰক্ষীয়ে অভিযান চলোৱাৰ উদ্দেশ্যেই যোৱা নিশা আৰক্ষীয়ে বঙালমৰাত এই অভিযান চলোৱাৰ সময়তে আনাৰুল এনকাউণ্টাৰত আহত হয়৷ লক্ষণীয় কথা যে পূৰ্বে জাল নোট আৰু নকল সোণৰ ব্যৱসায়ৰ লগত জড়িত ছাদ্দাম হুছেইন প্ৰায় এবছৰ ধৰি লখিমপুৰ জিলা কাৰাগাৰত কাৰাবাস খাটি আছিল৷ ইফালে আনাৰুলে অৰুণাচল প্ৰদেশত ক্ষুদ্ৰ ব্যৱসায় কৰাৰ নামত ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ ফলত অৰুণাচলত আৰক্ষীৰ জালত পৰিছিল৷ যোৱা নিশাৰ এই ঘটনাৰ পিছতে ২ নং ইছলামপুৰত এনকাউণ্টাৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত আৰম্ভ হৈছে৷ বিহপুৰীয়াৰ চক্ৰ বিষয়াই আজি দুপৰীয়া ঘটনাস্থলীত উপস্থিত হৈ যোৱা নিশা ঘটনাৰ বুজ লোৱাৰ লগতে অভিযানকাৰী দলটো আৰু স্থানীয় লোকৰ ভাষ্য গ্ৰহণ কৰে৷ আনাৰুলক এনকাউণ্টাৰ কৰা ঘটনাই সমগ্ৰ বঙালমৰা অঞ্চলক আতংকিত কৰি তোলাৰ লগতে বিভিন্ন দল সংগঠনৰ উপৰি উত্তৰ পূৰ্বাঞ্চল সদৌ সংখ্যালঘু ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি নুৰুল আমিনে সমগ্ৰ বিষয়টোৰ ওপৰত উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে৷
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
পূৰ্বৱৰ্তী লেখা
যোৰহাটত যুৱবিজ্ঞানী ড° প্ৰণৱজ্যোতি চেতিয়ালৈ শ্ৰদ্ধাঞ্জলি বিজ্ঞান-প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তৰ
পৰৱৰ্তী লেখা