ব্ৰহ্মপুত্ৰৰ জলস্তৰ অস্বাভাৱিক মাত্ৰাত হ্ৰাস

মাজুলীত ব্ৰহ্মপুত্ৰৰ বুকু খনন, শীঘ্ৰে নিয়মীয়া ফেৰী সেৱাৰ সম্ভাৱনা

0 32

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৭ অক্টোবৰঃ ব্ৰহ্মপুত্ৰৰ জলস্তৰ অস্বাভাৱিক মাত্ৰাত হ্ৰাস পোৱাৰ লগতে মাজুলীৰ কমলাবাৰী পাৰঘাটৰ দিশত জলপথটিৰ কিছু অংশত নতুনকৈ পৰা বালিচৰৰ বাবে আভ্যন্তৰীণ জলপৰিৱহণৰ নিয়মীয়া ফেৰী ফেৰী সেৱা যোৱা ২০ অক্টোবৰৰ পৰা বন্ধ হৈ পৰা কমলাবাৰী-নিমাতিঘাট জলপথটো পুনৰ ফেৰী চলাচলৰ বাবে সুগম কৰি তোলাৰ বাবে ‘ড্ৰেজাৰ’ৰ জৰিয়তে বৰ্তমান খনন কাৰ্য চলাই থকা হৈছে। ইতিমধ্যে কমলাবাৰী-নিমাতীঘাট জলপথৰ স্পৰ্শকাতৰ অংশত জলস্তৰৰ গভীৰতা বৃদ্ধিৰ বাবে আভ্যন্তৰীণ জলপৰিৱহণ বিভাগে জৰুৰী ভাৱে ভাৰত চৰকাৰৰ আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ সহযোগত ২৫ অক্টোবৰৰ পৰা জলপথটোৰ কমলাবাৰী-দৰবাৰ চাপৰি অংশত এই খননকাৰ্য অব্যাহত ৰখিছে। ড্ৰেজাৰেৰে বালিচৰ খন্দা অংশৰে নদীখনৰ উপসুঁতিৰ পানীৰ ধাৰৰ প্ৰাবল্য বৃদ্ধি হোৱাকৈ বাঁহ পুতি ‘বাণ্ডলিং’ কৰাৰ কামো পূৰ্ণগতিত অব্যাহত আছে। এই গুৰুত্বপূৰ্ণ জলপথটোৰে যথাসম্ভৱ শীঘ্ৰে আভ্যন্তৰীণ জলপৰিৱহণৰ নিয়মীয়া ফেৰী সেৱা পুনৰ আৰম্ভ কৰিব পৰা হ’ব বুলি আশা কৰা হৈছে।

উল্লেখ্য যে যোৱা ২৩ অক্টোবত ব্ৰহ্মপুত্ৰৰ জলস্তৰ অভাৱনীয় ভাৱে তৰাং হৈ পৰাৰ লগতে নিয়মীয়া ফেৰীসেৱা বন্ধ হৈ পৰা কমলাবাৰী-নিমাতিঘাট সংযোগী জলপথৰ অৱস্থাৰ চৰজমিন বুজ লৈছিল পৰিৱহণ মন্ত্ৰী কেশৱ মহন্তই। মন্ত্ৰীগৰাকীয়ে নিমাতীঘাট-কমলাবাৰী পাৰঘাটৰ মাজৰ জলপথত ফেৰী সেৱা বন্ধ হৈ পৰা পৰিস্থিতিক লৈ যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানী, আভ্যন্তৰীণ জলপৰিবহণ সঞ্চালক সুস্মিতা কাকতি আৰু যুটীয়া আভ্যন্তৰীণ জল পৰিৱহণ সঞ্চালক বিক্ৰমাদিত্য চৌধুৰীৰ লগতে বিভাগীয় বিষয়া-অভিযন্তাসকলৰ সৈতে আলোচনাত মিলিত হয়। এই জলপথেৰে যথাসম্ভৱ শীঘ্ৰে পুনৰ নিয়মীয়া ফেৰীসেৱা আৰম্ভ কৰিবলৈ লোৱা ব্যৱস্থাৱলীৰ লগতে ফেৰীসেৱা বন্ধ হৈ থকাৰ বাবে পাৰঘাটটিৰে আহ-যাহ কৰা ৰাইজে সদ্যহতে সন্মুখীন হোৱা অসুবিধাৰ পৰা সকাহ দিয়াৰ বিষয়ে যোৰহাটৰ জিলা আয়ুক্তৰ লগতে বিভাগীয় বিষয়াসকলৰ সৈতে পৰিৱহণ মন্ত্ৰীগৰাকীয়ে বিতং ভাৱে চৰ্চা কৰে। নিমাতিঘাটৰ পাছতে মন্ত্ৰী মহন্তই আভ্যন্তৰীণ জলপৰিৱহণ সঞ্চালক আৰু যুটীয়া সঞ্চালকক লগত লৈ অফলামুখ পাৰঘাটহৈ মাজুলীৰ কমলাবাৰী পাৰঘাটত উপস্থিত হৈ কমলাবাৰী পাৰঘাটো পৰিদৰ্শন কৰি পৰিৱেশ-পৰিস্থিতিৰ চাক্ষুক বুজ লোৱাৰ পিছতে কালিৰে পৰা খনন কাৰ্য আৰম্ভ হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More