বৰ্ণিল- বৰ্ণাঢ্য ৰূপত কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী আৰম্ভ

স্মৃতিগ্ৰন্থ "কাকৈ কাঞ্চন" উন্মোচন

0 312

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৪ ডিচেম্বৰঃ লখিমপুৰ নগৰৰ সমীপৰ কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ত ব্য়াপক উছাহ উদ্দীপনাৰে আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে হীৰক জয়ন্তী মহোৎসৱ।WhatsApp Image 2024 12 14 at 5.00.10 PM e1734181231288 ষাঠি বছৰীয়া গৌৰৱ বুকুত কঢ়িওৱা বিদ্যালয়খনৰ ভিন্ন প্ৰান্তত থকা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে কালিৰে পৰা বিদ্যালয়ত উপস্থিত হৈছে। ফলত উৎসৱস্থলীত উদুলি মুদূলি পৰিৱেশৰ সৃষ্টি হয়। আজি পুৱা ৮ বজাত বিদ্যালয়খনৰ অন্যতম প্ৰতিষ্ঠাপক শিক্ষক গোপীনাথ দাসে বন্তি প্ৰজ্বলনৰে হীৰক জয়ন্তীৰ কাৰ্যসূচী শুভাৰম্ভ কৰে। লগে লগে হীৰক জয়ন্তী উপলক্ষে ৬০ খন পতাকা উত্তোলন কৰে বিদ্যালয়ৰ লগত জড়িত-শুভাকাংশী তিনিকুৰি বয়োজ্যেষ্ঠ বিশিষ্ট ব্যক্তিয়ে। হীৰক জয়ন্তীৰ মূল পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি পদ্ম বৰাই, আনহাতে বিদ্যালয়ৰ পতাকা উত্তোলন কৰে প্ৰধান শিক্ষয়িত্ৰী মোহিনী শইকীয়াই। স্মৃতি তৰ্পণ কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰামনাথ হাজৰিকাই। পুৱা ১০ বজাত মূল মণ্ডপৰ দ্বাৰ উদঘাটন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তীৰ্থনাথ গগৈয়ে। ১০.৩০ বজাত প্ৰাক্তন শিক্ষাৰ্থীৰ নাম পঞ্জীয়ন কৰে বিদ্যালয়খনৰ প্ৰথম মেট্ৰিক উত্তীৰ্ণ ছাত্ৰ কমল গগৈয়ে। মূল মঞ্চ উদ্বোধন কৰে মহেন্দ্ৰ দৈমাৰীয়ে। দুপৰীয়া ১২ বজাত গুৰু বন্দনা আৰু সম্বৰ্ধনা অনুষ্ঠিত হয়। ১ বজাত প্ৰাক্তন ছাত্ৰ ছাত্ৰী অন্তৰংগ অনুষ্ঠানৰ আঁত ধৰে মহেন শইকীয়া, অমৃত শৰ্মা আৰু গায়ত্ৰী গগৈয়ে। বিদ্যালয়খনৰ বিভিন্ন বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে গীত, মাত, কবিতা, বিহু আৰু মধুৰতম স্মৃতি ৰোমন্থনৰে অনুষ্ঠানটিত জীপাল কৰি তোলে। প্ৰাক্তনসকল আজি নষ্টালজিক হৈ পৰে।WhatsApp Image 2024 12 14 at 6.30.02 PM e1734181426905বিয়লি ৪ বজাত শিখাজ্যোতি কোঁৱৰৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ “কাকৈ কাঞ্চন” উন্মোচন কৰে বিশিষ্ট সাহিত্যিক স্বপ্না চেতিয়া গগৈয়ে। ভাষণত চেতিয়া গগৈয়ে কয়- স্মৃতিগ্ৰন্থ প্ৰকাশ কৰাটো এক মহৎ-অমূল্য বৰঙণি। কাকৈ এখন নদীৰ নাম। কাঞ্চন মানে এবিধ ফুল বা সোণ। কাকৈ কাঞ্চন নামটো যথেষ্ট অৰ্থপূৰ্ণ বুলি তেখেতে মন্তব্য কৰে। ৫ বজাত হীৰক জয়ন্তী স্মাৰক উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক হেমকান্ত সূতে। সন্ধিয়া সমূহীয়া বন্তি প্ৰজ্বলনৰ পিছত সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিতকৰণৰে প্ৰথম দিনাৰ কাৰ্যসূচী অন্ত পৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More