শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ এপ্ৰিল : নাছাৰ জেমছ ৱেব টেলিস্কোপে মহাকাশত এই দানৱটো বিচাৰি পাইছিল। কিন্তু সেইটো দানৱ নহয় বুলি সেউজীয়া মুখখনৰ ফটো পোহৰলৈ অহাৰ লগে লগে পৃথিৱীৰ মহাকাশ বিজ্ঞানীসকলৰ মাজত হৈ চৈ লাগিল। ফটোখন বিশ্লেষণ কৰাৰ পিছত জনা গ’ল যে তৰাটোৰ বিস্ফোৰণৰ বাবেই মহাকাশত এই দানৱীয় প্ৰতিকৃতিটো ভাঁহি আহিছিল। নাছাৰ তথ্য অনুসৰি যেতিয়া মহাকাশত কেছিঅ’পিয়া নামৰ তৰাটোৰ বিস্ফোৰণ ঘটে তেতিয়াই ধূলি আৰু গেছৰ সংমিশ্ৰণেৰে এটা ছুপাৰন’ভা সৃষ্টি হয়। ইয়াৰ পোহৰ ৩৪০ বছৰৰ পাছত পৃথিৱীত উপস্থিত হয়। ই আমাৰ তাৰকাৰাজ্যৰ আটাইতকৈ কম পৰিচিত ছুপাৰন’ভাৰ অৱশিষ্ট। এই দৃশ্যটো কেৱল টেলিস্কোপৰ জৰিয়তেহে চাব পাৰি।
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.