মহাকাশত ভাৰতীয় বিজ্ঞানীৰ অভূতপূৰ্ব আৱিষ্কাৰ! স্তম্ভিত সমগ্ৰ বিশ্ব

0 21

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ অক্টোবৰ : অসীম বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো অংশতে লুকাই আছে গভীৰ ৰহস্য। বছৰ বছৰ ধৰি বিজ্ঞানীসকলে এই ৰহস্য উন্মোচন কৰিবলৈ চেষ্টা কৰি আহিছে। এনে ক্ষেত্ৰত প্ৰায়ে কিছুমান তথ্য বিজ্ঞানীসকলৰ মাজলৈ আহে যিবোৰে সকলোকে আচৰিত কৰি তোলে। এই তথ্যই মহাকাশৰ বিভিন্ন লুকাই থকা দিশৰ অন্বেষণত নতুন দিগন্ত মুকলি কৰে। শেহতীয়াকৈ ভাৰতীয় বিজ্ঞানীসকলে এনেকুৱা এটা কথা আৱিষ্কাৰ কৰিছে যিয়ে সমগ্ৰ বিশ্বৰ বিজ্ঞানীসকলক আচৰিত কৰি তুলিছে। মূলতঃ এটা মহাজাগতিক পৰিঘটনাৰ ছবি বিজ্ঞানীসকলৰ দৃষ্টিগোচৰ হৈছে। এই ফটোখন তুলিবলৈ ভাৰতীয় বিজ্ঞানীসকলে বহু বছৰ অপেক্ষা কৰিবলগীয়া হৈছিল। আৰু সেইবাবেই এই কৃতিত্ব আৰু অধিক শক্তিশালী। মূলতঃ মহাকাশত প্ৰথমবাৰৰ বাবে এক বিৰল পৰিঘটনা পৰ্যবেক্ষণ কৰা হৈছে। জনা যায় যে ৮ বছৰ ধৰি দুখন তাৰকাৰাজ্যই মুখামুখিকৈ ​​প্ৰদক্ষিণ কৰাৰ পিছত এখন তাৰকাৰাজ্যৰ পৰা এটা জেট স্প্ৰে নিৰ্গত হৈছিল যিটো আনখন তাৰকাৰাজ্যৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল। এই ক্ষেত্ৰত সংঘৰ্ষৰ পিছত জেট স্প্ৰে’টো আন এখন তাৰকাৰাজ্যলৈ যোৱাৰ পৰিৱৰ্তে ঘূৰি আহিল। এই ঘটনাৰ সাক্ষী হৈছে পুনেৰ বিজ্ঞানীৰ এটা দল।

* RADৰ বিজ্ঞানীসকলৰ আৱিষ্কাৰ :
RAD নামৰ এটা সংস্থাৰ বিজ্ঞানীসকলে এই পৰিঘটনা আৱিষ্কাৰ কৰিছে। ইয়াৰ উপৰি ইয়াৰ ফটোও প্ৰথমবাৰৰ বাবে সংশ্লিষ্ট বিজ্ঞানীসকলে তুলিছে। এই ক্ষেত্ৰত এনে ঘটনা প্ৰথমবাৰৰ বাবে কেমেৰাত ধৰা পৰিছে বুলি ধাৰণা কৰা হৈছে। ইফালে এই দুয়োখন তাৰকাৰাজ্য হাজাৰ হাজাৰ কিলোমিটাৰ দূৰত থকা বুলি জনা যায়। এই পৰিঘটনাৰ সঠিক কাৰণ জানিবলৈ বিজ্ঞানীসকলে ইতিমধ্যে অনুসন্ধান আৰম্ভ কৰিছে।

* কেমেৰাত বন্দী জেট স্প্ৰে’ৰ প্ৰভাৱ
ভাৰতীয় বিজ্ঞানীসকলে কেমেৰাত জেট স্প্ৰে’ৰ এই ফটোখন বন্দী কৰাটো নিঃসন্দেহে এক বৃহৎ অগ্ৰগতি হিচাপে গণ্য কৰা হৈছে। এই ফটোখন প্ৰকাশ পোৱাৰ পিছতে ভাৰতৰ লগতে বিশ্বৰ বহু বিজ্ঞানীয়ে এই বিষয়ত গৱেষণাত নামিছে। বিজ্ঞানীসকলে এই সমগ্ৰ পৰিঘটনাটো অধিক বিশদভাৱে বুজিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More