শতাব্দ বিশেষ প্ৰতিনিধি, ২৮ আগষ্টঃ মাত্ৰ ৯ ছেকেণ্ডতে দিল্লী নয়ডাৰ ১০০ মিটাৰ ওখ টুইন টাৱাৰ মাটিত মিহলি হৈ পৰিল। গোটেই আকাশখন ধূলিৰে আবৃত হৈ পৰিছিল। ওচৰৰ ঘৰবোৰ পূৰ্বে ঢাকি থোৱা আছিল। কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছিল। নয়ডাত এই টুইন টাৱাৰ ভাঙি পেলোৱাৰ পিছত হুলস্থুলৰ সৃষ্টি হৈছে। এই টুইন টাৱাৰ ভাঙি যোৱাৰ প্ৰভাৱে ভৱিষ্যতে কোনো বৃহৎ প্ৰাকৃতিক দুৰ্যোগৰ সম্ভাৱনাৰ সৃষ্টি কৰিব নেকি ? ভূ-বিজ্ঞানী ড° সুজীৱ কৰে এটা পৰামৰ্শমূলক টুইট কৰে। তেওঁ লিখিছে, “হঠাতে টুইন টাৱাৰৰ চাপ মাটিৰ পৰা মুক্ত হৈছে। ফলত অদূৰ ভৱিষ্যতে দিল্লীৰ নয়ডাত ভূমিকম্পৰ সম্ভাৱনা আছে।” এই সন্দৰ্ভত তেওঁ কয়, ‘টুইন টাৱাৰ বহুদিনৰ পৰা নিৰ্মাণ হৈ আহিছে। অৱশ্যে বহুদিন তাতেই থাকিল। ফলত মাটিত বহু সময় ধৰি এটা নিৰ্দিষ্ট বোজা আছিল। অট্টালিকাটো পৰ্যায়ক্ৰমে ভাঙি পেলোৱাৰ প্ৰয়োজন আছিল। তেনে ক্ষেত্ৰত হঠাতে মাটিত হেঁচা নাহিলহেঁতেন। মাটিৰ পৰা হঠাতে চাপ কমিলে সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ ফলত অদূৰ ভৱিষ্যতে নয়ডা আৰু দিল্লীত প্ৰবল ভূমিকম্প হ’ব পাৰে। যদিও ড° সুজীৱ কৰৰ কথাত একাংশ ভূতত্ত্ববিদে একমত হোৱা নাই। তেওঁলোকৰ মতে, দীৰ্ঘদিন ধৰি পৰীক্ষা কৰি সকলো দিশ বিবেচনা কৰি টুইন টাৱাৰ ভাঙি পেলোৱা হৈছে। সেই ক্ষেত্ৰত ভূমিৰ ওপৰত হেঁচা বা আনুষংগিক বিষয়বোৰো বহু আগতেই চোৱা-চিতা কৰা হৈছে। মন কৰিব যে টুইন টাৱাৰ ভাঙিবলৈ ‘ৱাটাৰফ’ল ইম্পল’চন’ পদ্ধতি ব্যৱহাৰ কৰা হৈছে। ফলত মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে এই বিশাল বহুমহলীয়া অট্টালিকা মাটিৰ সৈতে মিহলি হৈ গল। উল্লেখযোগ্য যে ৩২ মহলাযুক্ত ‘এপেক্স’ আৰু ২৯ মহলাৰ ‘চেয়ানে’ দুটা অট্টালিকা অবৈধভাৱে নিৰ্মাণ কৰিছিল। এই সন্দৰ্ভত গোচৰ ৰুজু কৰা হৈছিল। উক্ত অট্টালিকা দুটা ভাঙি পেলোৱাৰ নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ৰ। দেওবাৰে বিয়লি প্ৰায় ২.৩০ বজাত ভাঙি পেলোৱা হয়। এই ঘটনাটোত আশে-পাশে থকা ঘৰ সমূহে অসুবিধাৰ পৰা হাত সাৰিবলৈ আগতীয়াকৈ ব্যৱস্থা কৰা হৈছিল। সাধাৰণ ৰাইজৰ যাতে কোনো ধৰণৰ ক্ষতি নহয় তাৰ বাবে পাঁচ হাজাৰ লোকক খালী কৰা হ’ল৷ বিস্ফোৰণৰ দায়িত্বত থকা বিশেষজ্ঞসকলে টুইন টাৱাৰ ভাঙি পৰাৰ পিছত ওচৰৰ ঘৰবোৰত কিবা প্ৰভাৱ পৰিছে নে নাই সেয়াও পৰীক্ষা কৰিব।
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
পৰৱৰ্তী লেখা