উত্তৰ লখিমপুৰ, ২০ এপ্ৰিলঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ শাৰীৰিক সুস্থতা আৰু সুস্বাস্থ্যৰ বাবে আজি জুম্বা ফিটনেছৰ এক অনুশীলন প্ৰদৰ্শন কৰা হয়। মহাবিদ্যালয়খনৰ শাৰীৰিক আৰু মানসিক সুস্থতা কোষে উত্তৰ লখিমপুৰৰ পি এইচ জুম্বা ফিটনেছ চেণ্টাৰৰ সহযোগত আয়োজন কৰা এই অনুশীলন কাৰ্যসূচী উদ্বোধন কৰে মহাবিদ্যালয়খনৰ উপাধ্যক্ষ গোপাল কুমাৰ চেত্ৰীয়ে। অনুষ্ঠানৰ আৰম্ভণি কৰে ধেমাজি কেন্দ্ৰৰ পৰা অহা জুম্বা প্ৰশিক্ষক প্লাবিতা হাজৰিকাই। উত্তৰ লখিমপুৰৰ পি এইচ জুম্বা ফিটনেছ চেণ্টাৰৰ প্ৰশিক্ষক ৰামা বাগৰাই জুম্বাৰ ধাৰণা আৰু পদক্ষেপৰ বিষয়ে ব্যাখ্যা কৰে। উত্তৰ লখিমপুৰ কেন্দ্ৰৰ জুম্বাৰ প্ৰশিক্ষক তন্দ্ৰা বৰুৱা আৰু প্লাবিতা হাজৰিকাই জুম্বাৰ মূল অনুশীলন সত্ৰৰ নেতৃত্ব দিয়ে। এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু কাৰ্যালয়ৰ কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। মহাবিদ্যালয়খনৰ শাৰীৰিক আৰু মানসিক সুস্থতা কোষৰ সমন্বয়ক ড° ৰূপজ্যোতি ভট্টাচাৰ্যই শলাগৰ শৰাইৰে কাৰ্যসূচীৰ সামৰণি পৰে।
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
পূৰ্বৱৰ্তী লেখা