শৈশৱৰ স্মৃতিৰ লেচেৰী বুটলি

0 701

 বিমল বৰগোঁহাই

শৈশৱৰ স্মৃতিৰ লেচেৰী বুটলি শৈশৱৰ সোণোৱালী দিনবোৰৰ কথা ৰোমন্থন কৰিলে, নিশ্চয় আমাৰ সকলোৰে মনত সেই দিনবোৰৰ স্মৃতিবোৰে মনত বৰকৈ খুন্দা মাৰে। আমাৰ শৈশৱৰ সেই দিনবোৰ কিমান যে মধুৰ, আনন্দৰ আৰু হেঁপাহৰ আছিল, সেই কথা ভাবিলেই পুনৰ সেই দিনবোৰৰ মাজলৈ উভতি যাবলৈ মনটো একেবাৰে উৰি গুচি যায়। সেই সময়ৰ এটা বিশেষ গুৰুত্বপূৰ্ণ আৰু মন কৰিবলগীয়া কথা আছিল যে আমাৰ বন্ধু-বান্ধৱীৰসকলৰ মাজত থকা এটা নিঃস্বাৰ্থ প্রাকৃতিক সম্পৰ্ক, যিবোৰ নেকি আজিকালিৰ নৱপ্ৰজন্নৰ বন্ধু-বান্ধবীৰ ক্ষেত্ৰত অভাৱ দেখা যায়। আজি মই শৈশৱত কটোৱা মোৰ আপোন জন্ম চহৰখনৰ কথা আৰু তাত শিক্ষা গ্ৰহণ কৰা বিদ্যালয়ৰ স্মৃতিৰ লেচেৰী বুটলি পুনৰ মনৰ কোঠাৰ ৰঙীন বেৰত সজাই ৰাখি মনটো ৰঙীন আৰু সতেজ কৰি ৰাখিবলৈ যত্ন কৰিছোঁ। মোৰ মৰমৰ জন্ম চহৰখন হল ডিগবৈ। এই ডিগবৈৰ চহৰখন পৃথিৱীৰ ভিতৰতে এখন বিখ্যাত ঠাই। ডিগবৈৰ নামটোৰ উৎপত্তিৰ বিষয়ে আমি সকলোৱে গম পাওঁ। গতিকে, সেই বিষয়ে আৰু বৰ্ণনা কৰিব নিবিচাৰোঁ।

উল্লেখযোগ্য যে, এছিয়াৰ পোন প্ৰথম খাৰুৱা তেল আবিষ্কাৰ হোৱা ঠাইখনেই আছিল এই ডিগবৈ চহৰ। ১৮৮৯ চনত পোন প্ৰথম এই চহৰখনতেই খাৰুৱা তেল আবিষ্কাৰ হৈছিল আৰু প্ৰথমটো তেল কূপ (Well No.1) ১৮৯০ চনত স্থাপন হৈছিল আৰু বৰ্তমান এই তেল কূপটো অইল ইণ্ডিয়া কৰ্তৃপক্ষই (Oil India Limited) বৰ সুন্দৰকৈ আৰু সযতনে সংৰক্ষণ কৰি দর্শনাৰ্থীৰ দৰ্শনৰ বাবে ব্যৱস্থা কৰি ৰাখিছে। ইয়াৰ পাছতেই ১৯০১ চনত এছিয়াৰ প্ৰথমটো শোধনাগাৰ ডিগবৈত স্থাপিত হৈছিল। সেয়েহে, ডিগবৈ ঠাইখন পৃথিৱীৰ এখন বিখ্যাত ঠাই বুলি কলেও বঢ়াই কোৱা নহয়।

গতিকে, ডিগবৈৰ এগৰাকী বাসিন্দা হিচাপে মোৰ লগতে ডিগবৈত জন্ম গ্ৰহণ কৰা বা ডিগবৈত বসবাস কৰা প্ৰতিজন লোকেই গৌৰৱ অনুভৱ কৰে। ডিগবৈ চহৰখন সেই সময়ত ব্ৰিটিছসকলে যে বৰ সুন্দৰকৈ পৰিকল্পনা কৰি সজাইছিল সেই কথা ডিগবৈত বসবাস কৰা বা চাকৰিৰ সূত্ৰে এই ঠাইত কৰ্মৰত লোকসকলে ভালদৰে গম পাব। কোম্পানীৰ বিষয়াসকলৰ বাবে সেই তেতিয়াই কোম্পানীয়ে আটোম-টোকাৰিকৈ টিলাত নিৰ্মাণ কৰা কাঠৰ চাং-ঘৰ, ডিগবৈৰ শ্বিলং ৰোডত অৱস্থিত বিভিন্ন কাঠৰ চাংঘৰ আৰু “গোলফ্ ফিল্ড’ৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই, ডিগবৈ ৰিফাইনেৰী আদিয়ে তাকে প্ৰমাণ কৰে। সেয়েহে, ডিগবৈৰ এই মনোৰম প্ৰাকৃতিক দৃশ্যৰ আমেজ লবলৈ এতিয়াও বিভিন্ন দর্শনাৰ্থীক বাৰে বাৰে হাত বাউল দি মাতে। বিভিন্ন ভাষা-ভাষী লোকৰ শিক্ষাৰ প্ৰতি দৃষ্টি ৰাখি সেই সময়ৰ অসম অইল কোম্পানীয়ে (অৱশ্য ইয়াৰ আগতে বাৰ্মা অইল কোম্পানী আছিল আৰু বৰ্ত্তমান ইণ্ডিয়ান অইল কোম্পানী লিমিটেড ) তেওঁলোকৰ কোম্পানীত কাম কৰা বিভিন্ন ভাষা-ভাষী বিষয়া আৰু কৰ্মচাৰীৰ সন্তানৰ শিক্ষাৰ সুবিধাৰ্থে আৰু অঞ্চলভেদে বিভিন্ন ভাষাৰ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয় স্থাপন কৰিছিল। বিশেষকৈ অসমীয়া, বাঙালী, হিন্দী আৰু নেপালী ভাষাৰ বিদ্যালয় স্থাপন কৰিছিল। উচ্চ শিক্ষাৰ বাবে সেই সময়ত এখন ছোৱালী উচ্চ বিদ্যালয় (AOD Girls’ High School), এখন হিন্দী উচ্চ বিদ্যালয় আৰু এখন লৰাৰ উচ্চ বিদ্যালয় (Boys’ High School) স্থাপন কৰিছিল। এই বিদ্যালয়সমূহত অকল কোম্পানীত চাকৰি কৰা বিষয়া বা কৰ্মচাৰীৰ সন্তানেহে শিক্ষা গ্ৰহণ কৰিব পাৰিছিল।IMG 20220605 081953 অৱশ্যে, আন আন ছাত্র-ছাত্ৰীৰ বাবে চৰকাৰী প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ বিদ্যালয়ও আছিল। মোৰ দেউতা যিহেতুকে সেই সময়ৰ অসম অইল কোম্পানীৰ এগৰাকী কৰ্মচাৰী আছিল, তাৰবাবে মই কোম্পানীৰ বিদ্যালয়ত অধ্যয়নৰ সুযোগ পাইছিলো। মই, প্ৰাথমিক শিক্ষা ৰিফাইনেৰী প্ৰাইমেৰী বিদ্যালয়ত গ্ৰহণ কৰিছিলো। (এই বিদ্যালয় ইতিমধ্যে বন্ধ হৈ গৈছে আৰু বৰ্তমান ইয়াত এটা ভাৰতীয় সামৰিক বাহিনীৰ কেম্প আছে)। মই ঘৰৰ পৰা প্ৰায় ৪-৫ কিলোমিটাৰমান দূৰত্ব খোজ কাঢ়ি বিদ্যালয়লৈ গৈছিলোঁ, কিয়নো সেই সময়ত ৰিক্সা বা আন কোনো যাতায়াতৰ সু-ব্যৱস্থাৰ নাছিল। প্ৰাথমিক শিক্ষা সমাপ্ত কৰি মই অসম অইল কোম্পানীৰ লৰাৰ উচ্চ বিদ্যালয়লৈ (AOD Boys’ High School) আহিলোঁ আৰু তাৰপৰাই ১৯৮৫ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিলো। কিন্তু, পাছত ১৯৮৮ চনত কোম্পানীয়ে এই লৰা আৰু ছোৱালীৰ দুয়োখন উচ্চ বিদ্যালয় একেলগ কৰি এ.অ.ডি উচ্চতৰ মাধ্যমিক বিদ্যালয়(A.O.D Higher Secondary School) বুলি নতুনকৈ নামকৰণ কৰে। অৱশ্যে, ছাত্র-ছাত্ৰীৰ সংখ্যা ক্ৰমান্বয়ে কমি অহাত কোম্পানীয়ে এই বিদ্যলয়খনো পৰৱৰ্তী সময়ত বন্ধ কৰি দিয়ে।ইয়াৰ উপৰি কোম্পানীৰ আন আন বিদ্যালয় সমূহো ইতিমধ্যে বন্ধ হৈ গৈছে। মই, শিক্ষা গ্ৰহণ কৰা প্ৰাথমিক বিদ্যালয় আৰু উচ্চ বিদ্যালয়ৰ স্মৃতিবোৰে এতিয়াও বৰকৈ আমনি কৰে। বিদ্যালয়ত একেলগে শিক্ষা গ্ৰহণ কৰা বন্ধু-বান্ধৱী আৰু শ্ৰদ্ধাৰ শিক্ষাগুৰু সকলক এতিয়াও স্মৰণ কৰোঁ। বিশেষকৈ, আমাৰ শিক্ষাৰ আধাৰ মজবুত কৰাত প্ৰাথমিক শিক্ষাৰ পৰা উচ্চ শিক্ষা লৈকে আমাৰ শিক্ষা গুৰুসকলে আমাৰ বাবে বহু ত্যাগ স্বীকাৰ কৰিব লগা হৈছিল, যাৰবাবে আমিবোৰে বৰ্ত্তমান কিছু হলেও নৈতিকতাৰ পৰিচয় দিব পাৰিছোঁ। ইয়াৰ উপৰি আমাৰ বিদ্যালয়ৰ বহু জ্যেষ্ঠ আৰু কনিষ্ঠ সহপাঠীয়ে নিজৰ নিজৰ দক্ষতাৰ বলত সেই সময়ত দেশৰ লগতে বিদেশতো নিজৰ লগতে আমাৰ এই বিদ্যালয় নাম জিকাবলৈ সক্ষম হৈছিল। গতিকে, সেই সকল শিক্ষাগুৰু আমাৰ বাবে অতিকৈ শ্ৰদ্ধাৰ আৰু নমস্য ব্যক্তি। মোৰ মনত পৰা মতে, প্ৰাথমিক বিদ্যালয়ত শিক্ষা প্ৰদান কৰা সেই সময়ৰ শ্ৰদ্ধাৰ সন্দিকৈ বাইদেউ, বিশ্বনাথ গগৈ ছাৰ, ভৰত হাজৰিকা ছাৰ, দীপ্তি বাইদেউ আৰু সেই সময়ৰ আমাৰ লৰাৰ উচ্চ বিদ্যালয়ৰ শ্ৰদ্ধাৰ ধীৰেন বৰুৱা ছাৰ, বিপিন বৰঠাকুৰ ছাৰ, ৰাজেন বৰঠাকুৰ ছাৰ, চিন্তামণি ছাৰ, আদিত্য ছাৰ, গুৰুবন্ধু চক্ৰৱৰ্তী ছাৰ, বীৰেন দত্ত ছাৰ, অগ্নি বাহাদুৰ ক্ষেত্ৰী ছাৰ, শ্বেখৰ ছাৰ, উমা গগৈ ছাৰ, উমা গোস্বামী ছাৰ আদিৰ নাম বিশেষ ভাৱে উল্লেখযোগ্য। অৱশ্য, মই এতিয়া বহু কেইজনমান শ্ৰদ্ধাৰ শিক্ষাগুৰুৰ নাম পাহৰিছো আৰু আমাক শিক্ষা প্ৰদান কৰা ভালে কেইজন মান শিক্ষা গুৰুয়ে ইতিমধ্যে এই পৃথিৱীৰ পৰা বিদায় লৈছে। সেই সকল শ্ৰদ্ধাৰ শিক্ষাগুৰুক মই শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। “বয়জ হাই স্কুলত’ পঢ়ি থাকোতে শুকুৰবাৰৰ দিনা এঘণ্টাৰ বাবে টিফিন হৈছিল। যিহেতু, ইছলাম ধৰ্মালম্বী ছাত্রসকলৰ নামাজৰ সুবিধাৰ্থে প্ৰতি শুকুৰবাৰে এঘণ্টাৰ টিফিন দিয়াটো আমাৰ বিদ্যালয়ৰ এটা পৰম্পৰা আছিল। আমিও এই সুবিধা গ্ৰহণ কৰি বন্ধুৰ সৈতে চাইকেল চলাই বহু দূৰলৈ নিৰ্ভয়ে ফুৰিবলৈ গৈছিলো আৰু বাটতে পোৱা বিভিন্ন ফলৰ গছৰ পৰা ফল-মূল, বিশেষকৈ আম, বগৰী, জামু আদি চিঙি আনি খাইছিলোঁ। অৱশ্যে, পুনৰ সময়মতে বিদ্যালয়ত আহি উপস্থিত হৈছিলো।কেতিয়াবা কেতিয়াবা বন্ধুৰ ঘৰলৈও গৈছিলো। সঁচাকৈ, সেই দিনবোৰৰ ফুৰ্তি আৰু আনন্দবোৰৰ মাদকতাই আছিল সুকীয়া। কিন্তু, আজিকালি আমিবোৰ আমাৰ সন্তানক এনেদৰে যাবলৈ দিব পাৰিম জানো? যিহেতু,আজিৰ দিনত পৰিস্থিতি সম্পূৰ্ণ পৃথক।সঁচাকৈ, সেই দিনবোৰৰ কথা ভাবিলে আজি মনত বৰ দুখ লাগে। পৰবৰ্তী সময়ত, মই ডিগবৈ মহাবিদ্যালয়ত অধ্যয়ন কৰিলো আৰু তাৰপৰাই মই স্নাতক উপাধি লাভ কৰিলোঁ।ডিগবৈ কলেজখনো এটা ওখ টিলাত অৱস্থিত। এখনি নামজ্বলা এই কলেজৰ মনোমোহা প্ৰাকৃতিক দৃশ্যও সকলোৰে বাবে এক আকর্ষণৰ কাৰণ।IMG 20220605 081634 ডিগবৈ কলেজত পঢ়োতে আমি ‘scholarship” ৰ সুবিধা পাইছিলোঁ। তাৰ বাবে উক্ত প্ৰ-পত্ৰত “চক্ৰ বিষয়া” আৰু মৌজাদাৰ চহীৰ প্রয়োজন হৈছিল। গতিকে, আমি সেই সময়ত ১০-১৫ জন মান বন্ধুৱে ডিগবৈৰ প্ৰায় ১৬ কিলোমিটাৰমান দূৰত্ব চাইকেল চলাই গৈ মাৰ্ঘেৰিটাত থকা “চক্ৰ বিষয়া” আৰু মৌজাদাৰ পৰা চহী লৈ পুনৰ ঘূৰি আহি কলেজত জমা দিয়াৰ কথা মনত পৰিলে এতিয়া কিবা সপোন সপোন যেন লাগে। সহপাঠীসকলৰ সৈতে অধ্যয়ন কৰা বিদ্যালয় আৰু মহাবিদ্যালয়ত শ্রেণী কোঠাৰ স্মৃতিবোৰে এতিয়াও বৰকৈ আমনি কৰে। বহু পুৰণি বন্ধু-বান্ধৱীক বিচাৰি বা সুঁৱৰি কেতিয়াবা কেতিয়াবা আবেগিক হৈ পৰোঁ। শৈশৱৰ এনে বহু সৰু বৰ স্মৃতি মোৰ অতি মৰমৰ এই চহৰখনৰ সৈতে জড়িত হৈ আছে। উল্লেখযোগ্য যে ডিগবৈ চহৰ এনে এখন ঠাই, যত বিভিন্ন ভাষা-ভাষী আৰু ধৰ্মাৱলম্বী লোকে যুগ যুগ ধৰি বসবাস কৰি এক সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ পৰিচয় দি আহিছে।এয়া, নিশ্চয়কৈ ধৰ্মনিৰপেক্ষতা আৰু কটকটীয়া ভাতৃত্ববোধৰ এক সুন্দৰ চানেকী। সেয়েহে, ডিগবৈৰ প্ৰতিটো উৎসৱত সকলো ধৰ্মালম্বী বা ভাষা-ভাষী লোকে স্বত:স্ফুতভাৱে অংশ গ্ৰহণ কৰি সদায় ভাতৃত্ববোধৰ এনাজৰীডাল মজবুত কৰাৰ লগতে সম্প্ৰীতিৰ এক সুন্দৰ আদৰ্শ দেখুৱাই আহিছে। সেয়ে, মোৰ জন্মস্থান ডিগবৈ মোৰ অতিকৈ প্ৰিয় আৰু তাতকৈ প্রিয় মোৰ শৈশৱৰ সোণোৱালী দিনবোৰৰ মধুৰ স্মৃতিবোৰ।

বি:দ্ৰ: গুগুলৰ সহায় লৈ ফটোবোৰ দিয়া হৈছে।

ঠিকনাঃ বৰবিল নং-২ ডিগবৈ, তিনিচুকীয়া ফোন: ৯৪৩৫০৩৫১৭৭

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More