শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ ফেব্ৰুৱাৰীঃ এক কেজি মুগা সূতাৰ বৰ্তমান বজাৰ মূল্য ২৬ হাজাৰ টকা, এক কেজি মুগা লেটাৰ দাম প্ৰায় ১৫০০ টকা। মাজুলীৰ কাৰ্গিল চাপৰিত সম্প্ৰতি ২৫০ বিঘা ভূমিত কৃষি কাৰ্য আৰম্ভ কৰিছে প্ৰাক্তন আলফাই। যোৰহাটৰ থলুৱা মাছৰ বজাৰখনত মাজুলীৰ মাছ নহলেই নচলে… মাজুলীৰ পৰা এখন ফেৰীত প্ৰতিদিনে এক ফেৰী ছাগলী যায় যোৰহাটলৈ… এনেবোৰ বিপুল অৰ্থনৈতিক দিশ আৰু সম্ভাৱনীয়তাৰ আলোচনাৰে আজি লখিমপুৰত অনুষ্ঠিত হয় এডভাণ্টেজ আছামৰ কৰ্মশালা।
বিনিয়োগ আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰাজ্যজুৰি চলা পদক্ষেপৰ অংশ হিচাপে আজি লখিমপুৰত উত্তৰ লখিমপুৰৰ চুকুলীভৰীয়া কনভেনচন চেণ্টাৰত এডভান্টেজ অসম ২.০ – বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন ২০২৫ৰ জিলা পৰ্যায়ৰ কৰ্মশালা সফলতাৰে অনুষ্ঠিত হয়৷ লখিমপুৰৰ অভিভাৱক মন্ত্ৰী ৰানোজ পেগুৰ সভাপতিত্বত বিহপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞা, লখিমপুৰৰ জিলা উপায়ুক্ত, মাজুলীৰ জিলা উপায়ুক্ত, ধেমাজি, লখিমপুৰ আৰু মাজুলী, জি এম, ডি চি চি, লখিমপুৰ, ডি ডি এম, নাবাৰ্ড, লখিমপুৰ, উদ্যোগৰ নেতা আৰু স্থানীয় উদ্যোগী, আত্মসহায়ক গোট, কৃষক, শিপিনী আদি উপস্থিতিত অনুষ্ঠিত হয় কৰ্মশালা।
লখিমপুৰৰ জিলা উপায়ুক্তই এডভান্টেজ আছাম ২.০ৰ লক্ষ্য আৰু উদ্দেশ্য ব্যাখ্যা কৰি অঞ্চলটোৰ স্থায়ী অৰ্থনৈতিক বৃদ্ধিৰ বাবে গুৰুত্ব আৰোপ কৰে। তেওঁ উল্লেখ কৰে যে এই কৰ্মশালাৰ লক্ষ্য আছিল স্থানীয় অংশীদাৰসকলৰ অংশগ্ৰহণৰ পোষকতা কৰা, কৃষি, পৰ্যটন, তথ্য-প্ৰযুক্তি, হস্তশিল্প আদি খণ্ডত জিলা – নিৰ্দিষ্ট বিনিয়োগৰ সুযোগসমূহ সম্বোধন কৰা আৰু আগন্তুক এডভান্টেজ আছাম ২.০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ প্ৰসাৰ ঘটোৱা।
অহা ২৫-২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এডভান্টেজ আছাম ২.০ হৈছে অসম চৰকাৰৰ বিনিয়োগ আকৰ্ষণ আৰু ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়নক উন্নীত কৰাৰ এক প্ৰধান পদক্ষেপ। স্থানীয় অংশীদাৰসকলৰ মাজত আগ্ৰহ আৰু উত্তেজনা সৃষ্টি কৰাৰ লক্ষ্যৰে লখিমপুৰত অনুষ্ঠিত জিলা পৰ্যায়ৰ কৰ্মশালাখন মূল অনুষ্ঠানৰ পূৰ্ব প্ৰস্তুতি সম্পৰ্কীয় আভাস।
“লখিমপুৰত এডভান্টেজ অসম ২.০ৰ ওপৰত জিলা পৰ্যায়ৰ কৰ্মশালা এই দৃষ্টিভংগী লাভৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু আমি লখিমপুৰ, ধেমাজি আৰু মাজুলী জিলালৈ বিনিয়োগকাৰী আৰু ব্যৱসায়ীসকলক আদৰণি জনোৱাৰ বাবে আগ্ৰহী।” – তেওঁ লগতে কয়। বিহপুৰীয়াৰ বিধায়কজনেও স্থানীয় উদ্যোগীসকলক এডভান্টেজ আছাম ২.০ত অংশগ্ৰহণ কৰিবলৈ আৰু অঞ্চলটোৰ লগতে ৰাজ্যখনৰ ভিতৰতে নিয়োগ ঔদ্যোগীকৰণৰ সুবিধাসমূহ গঢ়ি তুলিবলৈ উৎসাহিত কৰে।সভাৰ কাৰিকৰী অধিবেশনত ডিডিএম, নাবাৰ্ড, লখিমপুৰ আৰু মৃদুপবন গগৈয়ে লখিমপুৰ জিলাৰ বিভিন্ন ব্যৱসায়িক সুযোগ আৰু বৃদ্ধিৰ সম্ভাৱনা আৰু চৰকাৰৰ দূৰদৰ্শী UNNATI আৰু RAMP আঁচনিৰ বিষয়ে সদনৰ সন্মুখত উপস্থাপন কৰে ইয়াৰ পিছত অঞ্চলটোৰ সফল উদ্যোগী দিগন্ত গগৈ, জিতু বৰা আৰু ড° অম্লানদ্বীপ বৰা আদিয়ে নিজ উদ্যোগৰ যাত্ৰা আৰু গতিশীলতাৰ ওপৰত ভাষণ দিয়ে। তেওঁলোকৰ ঔদ্যোগীকৰণ যাত্ৰাৰ বিভিন্ন দিশ সন্দৰ্ভত উপস্থিতসকলৰ সৈতে মত বিনিময় কৰে। নিজ নিজ জিলা প্ৰশাসনক তেওঁলোকৰ সমগ্ৰ যাত্ৰাত নিৰন্তৰ সহায়ৰ বাবে আৰু ভৱিষ্যতেও একেধৰণৰ সহায় কামনা কৰে। ইয়াৰ পিছতে উপস্থিতসকলৰ মাজত মুকলি অধিৱেশন অনুষ্ঠিত হয়। জাতীয় সংগীত গায়নেৰে অনুষ্ঠানৰ সামৰণি পৰে।
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
পূৰ্বৱৰ্তী লেখা
পৰৱৰ্তী লেখা