২২ জুলাইত তেজপুৰত সদৌ অসম ভিত্তিত জয়ন্ত হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা

"সংগীতম" ৰ উদ্যোগঃ বিজয়ী প্ৰতিযোগীলৈ নগদ ধনৰ বঁটা

0 14

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ১৮ জুলাই : চিৰসেউজ, দৰদী গীতেৰে শ্ৰোতাৰ অন্তৰ জয় কৰি যোৱা বিশিষ্ট কন্ঠশিল্পী, সুৰকাৰ, সংগীতশিল্পী জয়ন্ত হাজৰিকাৰ গীতসমূহ চিৰযুগমীয়া কৰি ৰখাৰ মানসেৰে তেজপুৰৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান “সংগীতম” এ বিগত দুটা বছৰৰ পিছত এইবাৰো অহা ২২ জুলাই তাৰিখে তেজপুৰৰ বাণ থিয়েটাৰত আয়োজন কৰিছে সদৌ অসম ভিত্তিক তৃতীয় বাৰ্ষিক জয়ন্ত হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা। পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’ব লগা এই প্ৰতিযোগিতা দুটা শাখাত অনুষ্ঠিত হ’ব। “ক” শাখাত প্ৰথম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ আৰু “খ” শাখা অনুষ্ঠিত হ’ব অষ্টমৰ পৰা সকলো শ্ৰেণীৰ বাবে। প্ৰতিযোগী সকলে প্ৰয়োজনীয় বাদ্য যন্ত্ৰ নিজে আনিব লাগিব। প্ৰতিটো শাখাৰ বাবে ভৰ্তি মাছুল ৫০০ টকা। কোনো বৈদ্যুতিক বাদ্য যন্ত্ৰ ব্যৱহাৰ কৰিব নোৱাৰিব। চাৰিজনতকৈ অধিক সংগতকাৰীক ল’ব নোৱাৰিব। প্ৰতিটো শাখাত ৭০ জনকৈ প্ৰতিযোগীকহে অন্তৰ্ভুক্ত কৰা হ’ব। প্ৰতিযোগিতাত “ক” শাখাৰ প্ৰথম প্ৰতিযোগীক নগদ ১০, ১০০ টকা আৰু অঞ্জনজ্যোতি শৰ্মা সোঁৱৰণী বঁটা, দ্বিতীয় প্ৰতিযোগীক বিজয়া বৰাৰ সোঁৱৰণত নগদ ৭,৭০০ আৰু অমিয়া বৰগোঁহাই সোঁৱৰণী বঁটা আৰু তৃতীয় প্ৰতিযোগীক নগদ ৫,৫০০ টকা আৰু কৃষ্ণকান্ত বৰদলৈ সোঁৱৰণী বঁটাৰ লগতে নীল চন্দ্র গোস্বামী সোঁৱৰণী বিশেষ বঁটা প্ৰদান কৰা হ’ব। সেইদৰে “খ” শাখাৰ প্ৰথম প্ৰতিযোগীক শোভন চন্দ্র বৰাৰ সোঁৱৰণত নগদ ১৫, ৫০০ টকা আৰু অন্নদা দাস, অনু দাস সোঁৱৰণী বঁটা, দ্বিতীয় প্ৰতিযোগীক যাদৱানন্দ তালুকদাৰ আৰু হেমপ্ৰভা তালুকদাৰৰ সোঁৱৰণত নগদ ১২,২০০ টকা আৰু প্ৰভাত শৰ্মা, লাৱণ্য প্ৰভা সোঁৱৰণী বঁটা আৰু তৃতীয় প্ৰতিযোগীক নগদ ৮,৮০০ টকা আৰু তৰুলতা চেতিয়া, হিড়িম্বেশ্বৰ চেতিয়া সোঁৱৰণী বঁটাৰ লগতে শিৱৰাম ভূঞাৰ সোঁৱৰণত বিচাৰকৰ বিশেষ বঁটা প্ৰদান কৰা হ’ব। ইচ্ছুক প্ৰতিযোগীসকলক 9101702131 /9365040780 ফোন নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More