ৰাইজে ধৰে ড্ৰাগছ সৰবৰাহকাৰীক, আৰক্ষীয়ে দিয়ে এৰিঃ ক্ষুব্ধ জনতাৰ প্ৰতিবাদ 

পেঙেৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক নিলম্বনৰ দাবী পেঙেৰীবাসীৰ

0 12

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৬ ডিচেম্বৰ : তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী পেঙেৰী অঞ্চলত ড্ৰাগছৰ অবাধ প্ৰচলনৰ বিৰুদ্ধে স্থানীয় আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগত আজি পেঙেৰীবাসী ৰাইজৰ হৈ শতাধিক পুৰুষ, মহিলাই জিলা সদৰ তিনিচুকীয়াত প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাইজৰ অভিযোগ অনুসৰি পেঙেৰী থানাৰ অন্তৰ্গত গাঁওসমূহত আৰক্ষী প্ৰশাসনৰ যিদৰে ড্ৰাগছ বিৰোধী অভিযান হ’ব লাগিছিল তেনেদৰে অভিযান চলোৱা দৃষ্টিগোচৰ হোৱা নাই। অতি শেহতীয়াকৈ পেঙেৰী থানাৰ অন্তৰ্গত তৰাণী গাঁৱৰ পৰা ৰাইজে ধৰি দিয়া ৫ ড্ৰাগছ সৰবৰাহকাৰীক থানালৈ নি ৰহস্যজনক কাৰণত পুনৰ সন্ধিয়াৰ লগে লগে এজনক এৰি দিয়া হয় ৷ ইয়াৰোপৰি আন এজনে ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিব পৰাকৈ সুৰুঙা ৰাখি দিয়া বুলি প্ৰকাশ ৷ প্ৰতিবাদী ৰাইজে জানিবলৈ দিয়া মতে এই বিষয়ে সুধিবলৈ একাংশ স্থানীয় মহিলা পেঙেৰী থানালৈ ২৩ ডিচেম্বৰৰ দুপৰীয়া ১ মান বজাত যায় যদিও ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বকুল ইংতিয়ে থানাৰ ভিতৰৰ পৰা ওলাই আহি ৰাইজৰ সৈতে কথা পতাৰ বতৰা বিপৰীতে পূৰ্বৰ পৰাই তাত থকা ৬/৮ জন ড্ৰাগছ সৰবৰাহকাৰীৰ সম্পৰ্কীয় গুণ্ডাই ড্ৰাগছৰ অবাধ প্ৰচলনৰ বিৰোধিতাৰ বাবে যোৱা ৫ গৰাকী মহিলা আৰু ১ জন পুৰুষ আন্দোলনকাৰীক মাৰপিট কৰে। লগে লগে গোচৰ ৰুজু কৰিবলৈ দাবী জনোৱা হয় যদিও আৰক্ষীয়ে গোচৰ ৰুজু কৰাৰ পৰা বিৰত থাকে ৷ ইয়াৰ বিৰুদ্ধে উক্ত দিনাই প্ৰায় তিনি ঘন্টামানৰ বাবে পেঙেৰী চাৰিআলিত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰা হয় ৷ ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলাৰ লগতে পেঙেৰী আৰক্ষীৰ এনে কাৰ্য্যকলাপৰ বিৰুদ্ধে আজি পেঙেৰীবাসী ৰাইজে তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ৰ সন্মূখত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণৰ কথা ঘোষণা কৰিছিল যদিও মূৰকত আৰক্ষীৰ বাধাৰ বাবে ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ খেলপথাৰত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে আৰু তাৰ পাছত প্ৰতিবাদস্থলীত উপস্থিত হোৱা তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক অভিজিত গৌৰৱৰ হাতত এখন স্মাৰক-পত্ৰ প্ৰদান কৰে ৷ স্মাৰক-পত্ৰখনত পেঙেৰী থানাৰ বৰ্তমানৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বকুল ইংতিয়ে ড্ৰাগছ ব্যৱসায় ৰোধত সম্পূৰ্ণ বিফল হোৱাৰ লগতে ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতে মিতিৰালি পতাৰ সন্দেহ ব্যক্ত কৰি তেওঁক নিলম্বন কৰি নিৰপেক্ষ তদন্তৰ দাবী জনোৱা হয় ৷ আনহাতে ২৩ ডিচেম্বৰত পেঙেৰী আৰক্ষীৰ চকুৰ সন্মুখতে ড্ৰাগছ বিৰোধী মহিলাক মাৰপিট কৰা ঘটনাৰ গোচৰ ৰুজু কৰি আক্ৰমণকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ লগতে এজাহাৰ গ্ৰহণ কৰিব নিবিচৰা দাবী আৰক্ষীৰ ওপৰতো ব্যৱস্থা ল’বলৈ দাবী জনোৱা হয় ৷ ইয়াৰোপৰি পেঙেৰী থানা এলেকাত কাঠফুলাৰ দৰে বৃদ্ধি পোৱা ড্ৰাগছৰ বেহাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা, লবলৈ দাবী জনালো। পেঙেৰী থানা অঞ্চলটোৰ প্ৰতিখন গাঁৱত কৰ্মোদ্যমী লোকেৰে গাঁওৰক্ষী সমিতি গঠন কৰা, আৰক্ষী অধীক্ষকৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত উদ্যমী লোকেৰে ড্ৰাগছ বিৰোধী স্বেচ্ছাসেৱী দল গঠন কৰা, নিচা মুক্তি কেন্দ্ৰ স্থাপন কৰা আদি দাবী উত্থাপন কৰা হয় ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More