ৰাজস্থানত মডেলিঙৰ খিতাপ অৰ্জন তেজপুৰৰ যুৱক মানসৰ

0 19

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫জুলাইঃ ৰাজস্থানত অনুষ্ঠিত হৈ যোৱা মিষ্টাৰ, মিছ, মাষ্টাৰ ছুপাৰ মডেল অৱ ৰাজস্থান খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে তেজপুৰৰ যুৱক মানস কেওঁটে৷ দেশৰ ভালেসংখ্যক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতাখনত বিজয়ী হৈ যোৱা নিশা নিজা বাসগৃহলৈ উভটি অহা মানস অসম আৰক্ষীত কৰ্মৰত আৰু তেওঁ বৰ্তমান অসম আৰক্ষীৰ ২২নম্বৰ বেটেলিয়নত নিযুক্ত হৈ আছে৷ উল্লেখযোগ্য যে,সোন্টি কেওঁট আৰু মঞ্জু কেওঁটৰ পুত্ৰ মানসে ইতিমধ্যে মিষ্টাৰ নৰ্থইষ্ট চাইন এণ্ড তাজ ইণ্ডিয়াজ নেক্সট চুপাৰ মডেলত প্ৰথম ৰাণাৰ আপ ৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ লগতে শ্ৰেষ্ঠ মডেলৰ খিতাপ লাভ কৰিছিল ২০২২ত৷ শৈশৱৰে পৰা অভিনয়ৰ স’তে জড়িত থকা মানসে বিভিন্ন ভাওনাৰ লগতে নাটকত অভিনয় কৰি আহিছে৷কাব্য সৃষ্টিৰেও নীৰৱে জড়িত সুদৰ্শন মানস এজন দক্ষ ভলীবল খেলুৱৈ আৰু তেওঁ ২০১৩ত শোণিতপুৰ জিলা ভলীবল দলৰ অধিনায়ক আছিল৷ আনহাতে,ডেকাৰগাঁও উচ্চ মাধ্যমিকৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা মানসে পৰৱৰ্তী সময়ত ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত সন্মান সহ স্নাতক পাঠ্যক্ৰম সমাপ্ত কৰে আৰু ২০১৫ৰ ২৬ডিচেম্বৰত অসম আৰক্ষীত যোগদান কৰে৷২০২০ত এগৰাকী বন্ধুৰ পৰামৰ্শ অনুসৰি মডেলিঙৰ জগত খনৰে জড়িত হৈ আৰক্ষীৰ কৰ্মব্যস্ততাৰ মাজতে এই দিশত অব্যাহত ৰখা প্ৰয়োজনীয় প্ৰচেষ্টাত সম্প্ৰতি মডেলিঙৰ ক্ষেত্ৰখনত প্ৰতিভাশালী মানস ৰাষ্ট্ৰীয় স্তৰতো জিলিকি উঠিবলৈ সক্ষম হোৱাত সকলোৱে তেওঁক অভিনন্দন জ্ঞাপন কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More