গীত, কবিতা, সংগীত আৰু ইতিবাচক দিশ স্মৰণেৰে ২০২২ বৰ্ষক বিদায় দি ২০২৩ বৰ্ষক আদৰণী তেজপুৰৰ ১০৭ বছৰীয়া “অসমীয়া ক্লাব” ৰ
সাহিত্য কাণ্ডাৰী স্মৃতি বিজড়িত ঐতিহাসিক সুমধুৰ অনুষ্ঠানত বাঁহী - বেহেলাৰ সংগীতৰ মূৰ্চ্ছনা
ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা প্ৰাপক মিনাক্ষী গোস্বামীয়ে বঁটা গ্ৰহণৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে বিশিষ্ট সংগীতশিল্পী অনিল কুমাৰ ভট্টাচাৰ্যক শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰাত অভিনন্দন জ্ঞাপন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৩১ ডিচেম্বৰ : বিদায়ী বৰ্ষটিৰ তেজপুৰৰ সকলো ক্ষেত্ৰৰ ইতিবাচক দিশৰ স্মৰণৰ লগতে বিদায়ী বৰ্ষটিৰ দেশৰ গুৰুত্বপূৰ্ণ দিশৰ পৰ্য্যালোচনাৰ উপৰি গীত, কবিতা, নাটকৰ সংলাপ, সাহিত্যৰ বিভিন্ন দিশৰ আলোকপাত, চিত্ৰকলা প্ৰদৰ্শন আদিৰে জীপাল হৈ পৰিল তেজপুৰৰ সাহিত্য কাণ্ডাৰী স্মৃতি বিজড়িত ১০৭ বছৰীয়া অসমীয়া ক্লাবৰ বালিৰাম লহকৰ সভাকক্ষ। ক্লাবৰ বিষয়ববীয়া আৰু সদস্য – সদস্যা সকলে বিভিন্ন ক্ষেত্ৰৰ ইতিবাচক দিশ সমূহ স্মৰণ কৰাৰ লগতে সম্পূৰ্ণ সুৰীয়া আৰু সাংগীতিক ভাৱে ২০২২ বৰ্ষক বিদায় দি নতুন ২০২৩ বৰ্ষক আদৰণী জনায় । অসমীয়া ক্লাবৰ সম্পাদক অনু দেৱী মহন্তই আদৰণী ভাষণ দাঙি ধৰা আৰু উপসভাপতি পংকজ বৰাই পৰিচালনা কৰা অনুষ্ঠানটিৰ আৰম্ভণিতে দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড° সুচিত্ৰা দেৱীয়ে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ ফলত ভাৰতবৰ্ষৰ অৰ্থনীতিত কেনেদৰে প্ৰভাৱ পৰি মুদ্ৰাস্ফীতিৰ সৃষ্টি হয় তাৰ সবিশেষ লগতে এই যুদ্ধই ভাৰত বৰ্ষলৈ আনি দিয়া ইতিবাচক দিশৰ ওপৰতো নিৰ্দিষ্ট সময়ৰ ভিতৰত সদৰী কৰে। ক্লাবৰ জ্যেষ্ঠ সদস্য, লেখক হৰেশ্বৰ গোস্বামীয়ে পাৰ হৈ যোৱা বৰ্ষটিত কৰা নিজৰ সৃষ্টিৰাজি আৰু বিভিন্ন ঠাই ভ্ৰমণৰ ওপৰত সদৰী কৰে। প্ৰাক্তন সম্পাদক চিত্তদেৱ শৰ্মাই অসমীয়া ফকৰা যোজনা, ডাকৰ বচন আদি আজি বিলুপ্ত হৈ গৈছে যদিও এই সমূহৰ বিজ্ঞান সন্মত ভিত্তিৰ ওপৰত আলোকপাত কৰি বহু ফকৰা যোজনা আৰু ডাকৰ বচনেৰে জীপাল কৰি তোলে। ক্লাবৰ সদস্যা মিনাক্ষী গোস্বামীয়ে উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ শিক্ষক হিচাপে যোৱা ৫ ছেপ্তেম্বৰত বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা গ্ৰহণ কৰাৰ আগৰ পৰা সেই সময়লৈকে হোৱা স্মৰণীয় অভিজ্ঞতা সদৰী কৰে। আনহাতে ক্লাবৰ জ্যেষ্ঠ সদস্য, বিশিষ্ট শিশু সাহিত্যিক দিলীপ কুমাৰ বৰুৱাই মামণি ৰয়ছম গোস্বামীৰ “সংস্কাৰ” গল্পটিৰ আধাৰত অভিনয় কৰি সকলোকে মুগ্ধ কৰি তোলে। সেইদৰে ক্লাবৰ সদস্য, সাংবাদিক পংকজ বৰুৱাই বিদায়ী বৰ্ষটিত তেজপুৰ তথা জিলাখনৰ যোগাত্মক বাতৰি সমূহৰ ওপৰত আলোকপাত কৰাৰ লগতে বিশিষ্ট লেখিকা মনোমতী কুৰ্মীয়ে চলিত বৰ্ষত অসম চৰকাৰৰ সাহিত্যিক পেন্সন লাভ কৰা আৰু সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰধান সম্পাদিকাৰ আসনত আসীন হোৱাৰ অনুভৱ সদৰী কৰে। সেইদৰে বিশিষ্ট সংগীতশিল্পী অনিল কুমাৰ ভট্টাচাৰ্যই বাঁহীৰ মূৰ্চ্ছনা তোলাৰ পিছত অলপতে “আইনা জীৱনৰ” উদ্যোগত অনুষ্ঠিত হোৱা” ৰংগমঞ্চ নাট্য উৎসৱ – ২০২২” শীৰ্ষক সদৌ অসম একাংক নাট প্ৰতিযোগিতাত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰাত আজিৰ অনুষ্ঠানতে অসমীয়া ক্লাবে অভিনন্দন জ্ঞাপন কৰে ।ক্লাবৰ প্ৰাক্তন সভাপতি, অৱসৰপ্ৰাপ্ত অধ্যাপক ড° অবনী কুমাৰ শৰ্মাই ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ ফলত ভাৰতৰ ৰাজনৈতিক লাভালাভৰ ওপৰত নিৰ্দিষ্ট সময়ৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানটিত প্ৰবীণ কন্ঠশিল্পী কল্পনা কলিতাই বৰগীত পৰিৱেশন কৰাৰ লগতে সুবৰ্ণ ভূঞাই বেহেলা বাদনেৰে সুমধুৰ কৰি তোলে। উপসভাপতি তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ক্ৰীড়াবিদ পংকজ বৰাই বিদায়ী বৰ্ষটিৰ লৌহ ক্ৰীড়াৰ লগতে শোণিতপুৰ জিলা শৰীৰৰ চৰ্চা সন্হাৰ খেলুৱৈৰ কৃতিত্ত্বৰ ওপৰত আলোকপাত কৰে। জিলাখনলৈ বক্সিং খেলৰ জৰিয়তে সুনাম কঢ়িয়াই অনা অংকিতা বড়োৰ লগতে যমুনা বড়োৰ কৃতিত্বৰ বিষয়েও সদৰী কৰে। সেইদৰে অনুষ্ঠানটিত বিশিষ্ট লেখক নবীন চন্দ্ৰ লহকৰ, দৰংমহাবিদ্যালয়ৰ অধ্যাপিকা ড০ স্বপ্নালী কাকতি, অসমীয়া ক্লাবৰ চলচ্চিত্ৰ মঞ্চৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত অধ্যাপক শৈলজা কুমাৰ পদ্মপতি, সহকাৰী সম্পাদক নাৰায়ণ বৰঠাকুৰ, জেষ্ঠ সদস্য উদয় কৃষ্ণ গোহাঞি বৰুৱা, প্ৰাক্তন সভাপতি যতীন কোঁচ, যোগ ক্ৰীড়াৰ কাৰিকৰি নিৰ্দেশিকা নমিতা ডেকা লহকৰৰ লগতে অসমীয়া ক্লাবৰ উপসভাপতি হেমন্ত লহকৰ, সভাপতি তথা অৱসৰপ্ৰাপ্ত জিলা আৰু সত্ৰ ন্যায়াধীশ অৰুণা দেৱী আদিয়ে গীত, কবিতা, সাহিত্যৰ বিভিন্ন স্মৰণেৰে ২০২২ বৰ্ষক বিদায় দি ২০২৩ বৰ্ষক আদৰণী জনায় ।