শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৬জুলাইঃ গীত-নৃত্য-আবৃত্তি আৰু সংলাপেৰে মুখৰিত হ’ল ৰূপকোঁৱৰৰ কৰ্ম সাধনাস্থলী পৈতৃক গৃহ ‘পকী’৷ যি স্থানত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই অমৰ সৃষ্টিৰাজিৰ জৰিয়তে জ্যোতিৰ সন্ধান কৰিছিল, সেই স্থানতেই তিনিকুৰিৰো অধিক শিশু আৰু কিশোৰ-কিশোৰীয়ে পৰিৱেশন কৰিলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি ‘নিমাতী কইনা’৷ উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত আয়োজন কৰা সমষ্টি ভিত্তিক গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিবিৰৰ অন্ত পৰাৰ পিছত কালি সন্ধিয়া পকী অৰ্থাৎ জ্যোতিভাৰতীৰ ৰূপকোঁৱৰ মঞ্চত প্ৰশিক্ষাৰ্থী সকলে পৰীক্ষামূলকভাৱে নিমাতী কইনা নাটকখন পৰিৱেশন কৰে৷ বিগত দহ দিনযোৰা কৰ্মশালাত অংশ লোৱা প্ৰশিক্ষাৰ্থী সকলে নিজে গীত গাই নৃত্য কৰি আবৃত্তি আৰু সংলাপ পৰিৱেশনেৰে নিজস্ব ব্যৱস্থাপনা আৰু পৰিকল্পনাৰে পৰিৱেশন কৰা এই নাটকখনৰ জৰিয়তে নৱ প্ৰজন্মৰ ন শিকাৰুসকলে উপস্থিত দৰ্শকসকলক নতুন চিন্তাৰ খোৰাক যোগায়৷ প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই প্ৰশিক্ষাৰ্থী সকলক সাংস্কৃতিক উত্তৰণৰ জৰিয়তে সমাজখনক সুশৃংখলিত কৰাৰ লগতে নিজৰ বৌদ্ধিক তথা মানসিক উত্তৰণ ঘটাবলৈ আহ্বান জনায়৷ বিধায়কগৰাকীয়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা এই অনুষ্ঠানৰ মাংগলিক প্ৰাৰ্থনা আৰু আঁত ধৰা আদি কাৰ্যও প্ৰশিক্ষাৰ্থী সকলেই সম্পাদন কৰে৷ এই প্ৰশিক্ষণৰ মুখ্য সমল ব্যক্তি সাংবাদিক নাট্যকাৰ পুলক কুমাৰ ডেকাই বক্তব্য প্ৰদান কৰাৰ উপৰিও প্ৰশিক্ষণৰ অন্যতম সমল ব্যক্তি আছিল নৃত্যপটীয়সী মিতালী দত্ত বৰঠাকুৰ আৰু প্ৰৱীন বাঁহী বাদক সোনটি শৰ্মা৷ সাংস্কৃতিক উন্নয়ন বিষয়া জিতেন কুমাৰ দাসৰ লগতে প্ৰশিক্ষণকালত সহযোগিতা আগবঢ়োৱা আলিম্পন চৌধুৰী, প্ৰণৱ লহকৰ আৰু কুলেন বৰা, নিৰূপ বৰঠাকুৰ, তুলিকা দেৱী আৰু ৰেপাৰটৰীৰ জান তালুকদাৰক উক্ত অনুষ্ঠানত কৃতজ্ঞতা জ্ঞাপন কৰা হয়৷ অভিভাৱক আৰু প্ৰশিক্ষাৰ্থী সকলে নিজৰ চমু বক্তব্যত এনে প্ৰশিক্ষণৰ আয়োজন কৰাৰ বাবে অসম চৰকাৰক ভূয়সী প্ৰশংসা কৰে৷ আনহাতে সংগীতিক পৰিৱেশত পৰীক্ষামূলকভাৱে মঞ্চায়ন হোৱা নিমাতী কইনা নাটকখনত প্ৰশিক্ষাৰ্থী চৰ্চিকা চৌধুৰী, মেঘনা শৰ্মা, পিহু বড়ো, ৰাখী গগৈ, কাব্যাঞ্জলী কাশ্যপ, নিলাংগনা বৰ্মন, চিত্ৰাখী দাস, স্বাথী কৰ, পৰিস্মিতা বৰা, অৰ্ণৱ ডেকা, প্ৰণয়ৰাগ বৰঠাকুৰ, অৰ্ণৱ শৰ্মা, গৌতম কলিতা, কাব্যশ্ৰী মহন্ত, কৃষ্টি বৰঠাকুৰ, সুনয়না নাথ, প্ৰীতিৰেখা বৰা, ময়ূৰৰাজ কৌশিক, পোহৰ প্ৰগল্ভ বৰুৱা, ৰিয়ন কৌশিক, প্ৰাচুৰ্য শৰ্মা, তনভী কাশ্যপ, গায়ত্ৰী বণিয়া, ময়ূৰ পংখী কাশ্যপ, লৰিয়া লক্ষী বৈশ্য, প্ৰেৰণা শৰ্মা, পূজা বৰা, বনশ্ৰী নেওগ, বিপাঞ্চী ডেকা, ডলী দাস, কৃষ্ণা দাস, কুহিলিকা ডেকা, নেহা চাহানী, হিমশিখা গগৈ, লুস্মিতা বৰা, নম্ৰতা ডেকা, তৃষ্ণা বৰা, নবনীতা কলিতা, দিবাংশু বৰুৱা, ময়ূৰী দাস, গৰিমা দাস, ঊৰ্বশী তালুকদাৰ, বিষ্ণুপ্ৰিয়া বৰা আৰু তৃষ্ণা শইকীয়াই অভিনয় কৰে৷ শোণিতপুৰৰ ১৬ টা স্থানত অনুষ্ঠিত গ্ৰীষ্মকালীন প্ৰশিক্ষণৰ অন্যতম কেন্দ্ৰ তেজপুৰ সদৰৰ জ্যোতিভাৰতীত এই প্ৰশিক্ষণৰ সহযোগী সংগঠন হিচাপে আছিল অসম ৰেপাৰটৰী৷
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.