ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
শতাব্দ প্ৰতিনিধি তেজপুৰ ২৩ জুলাইঃ দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক সাংস্কৃতিক মাধ্যমৰে একগোট কৰি আকৌ এখন বৰ অসম গঢ়ি কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ এক নিৰবিছিন্ন প্ৰয়াস কৰাৰ মানসেৰে কেইবাটাও আৰ্থ সামাজিক আচঁনিৰ প্ৰস্তাৱ গ্ৰহণ কৰি ঐতিহ্য সুৰক্ষা সমিতি অসমে আজি ৰাজ্যৰ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্ম্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সেই অনুসৰি, তেজপুৰত ইতিমধ্যে সংস্থাটোৱে নির্ধাৰণ কৰা স্থানত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা, নটসূৰ্য ফনী শৰ্ম্মা সাংস্কৃতিক আৰু গৱেষনা কেন্দ্ৰ স্থাপন কৰা, আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান সন্মত প্ৰেক্ষাগৃহ, উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰত্যেকখন ৰাজ্যৰ সাংস্কৃতিক অধ্যয়ন কেন্দ্ৰ, ত্ৰিমূৰ্তি ষ্টুডিঅ’, আন্তৰাষ্ট্ৰীয় মানৰ গ্ৰন্হাগাৰ, উত্তৰ-পূৰ্বাঞ্চলৰ জাতীয় সাজপাৰ বিক্ৰী কেন্দ্ৰ, আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ বিক্ৰী কেন্দ্ৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ শিল্পীসকলৰ বাবে এটা অতিথিশালা নিৰ্মাণ কৰাৰ দাবী জনাই মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰখন প্ৰেৰণ কৰে । আজি এক বিবৃত্তিত ঐতিহ্য সুৰক্ষা সমিতি অসমে উল্লেখ কৰে যে, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাই উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰ ভৈয়ামৰ জাতি জনজাতিসকলক সাংস্কৃতিক মহামন্ত্ৰেৰে একতাৰ এনাজৰীৰে বান্ধি ৰখাৰ যি অবিৰত যাত্ৰা আৰম্ভ কৰি অনবদ্য সৃষ্টিৰাজিৰে আমাক চহকী কৰি থৈ গ’ল সেই সৃষ্টিৰাজি কলাগুৰুৰ মৃত্যুৰ ৫৪ বছৰ অতিক্ৰম কৰাৰ পিছতো চৰকাৰী পৃষ্ঠপোষকতাত বিজ্ঞান সন্মত সংৰক্ষণ নোহোৱাত এক অৱক্ষয়ৰ গৰাহত নিচিহ্ন হোৱাৰ সংশয় ঘটিছে। কলাগুৰুৰ গুণমুগ্ধ অনুগামী আৰু তেজপুৰীয়া ৰাইজৰ হৈ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ প্ৰাক্তন সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰা প্ৰয়াত কাৰ্তিক হাজৰিকাই কলাগুৰুৰ সৃষ্টিৰাজী বিজ্ঞান সন্মত সংৰক্ষণৰ বাবেই অসম চৰকাৰলৈ ১০ খনৰো অধিক চিঠি প্ৰেৰণ কৰাৰ লগতে তেজপুৰীয়া সচেতন ৰাইজে চহৰখনৰ মাজমজিয়াত পৰিত্যক্ত অৱস্থাত অবহেলিত হৈ পৰি থকা মহাভৈৰৱ মৌজাৰ ৫০৬ নম্বৰ দাগৰ চাৰি বিঘা তিনি কঠা মাটি আৱন্টন দিয়াৰ বাবে অনুৰোধ জনোৱাৰ পৰিপ্ৰেক্ষিতত ২০১০ ত তদানীন্তন উপায়ুক্ত ৰাজেশ প্ৰসাদৰ কাৰ্যকালত তেজপুৰ সাহিত্য সভা, বাণ থিয়েটাৰ, জংগম, সাংবাদিক সন্হা আৰু বিশিষ্ট ব্যক্তিসকলৰ লগতে সুধাকণ্ঠৰ ভাতৃ নৃপেন হাজৰিকা, কলাগুৰু পুত্ৰ হেমৰাজ ৰাভাৰ উপস্থিতিত আৰু সেই সময়ৰ অতিৰিক্ত উপায়ুক্ত প্ৰভাত কোৱঁৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উক্ত ভূমি খণ্ড কলাগুৰু সৃষ্টি ৰাজি সংৰক্ষণ আৰু গৱেষণা কেন্দ্ৰৰ গৃহ নিৰ্মাণৰ বাবে আৱন্টন দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল যদিও কংগ্ৰেছী নেতাৰ কু অভিসন্ধিত সেয়া হৈ নুঠিল বুলি উল্লেখ কৰে। বিবৃত্তিটোত আৰু উল্লেখ কৰে যে, ২০২০ৰ ৩১ জুলাইত নটসুৰ্য ফণী শৰ্ম্মাৰ স্মৃতি দিৱসত বাণ থিয়েটাৰৰ প্ৰেক্ষাগৃহত পুুৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কলাগুৰু কলাক্ষেত্ৰ নিৰ্মাণৰ উদ্দ্যেশ্যে ভূমি নিৰ্বাচনৰ বাবে অৰ্পণ কৰা দায়িত্বৰ বাবে ২০২০ৰ ২০ ছেপ্তেম্বৰত ডায়েৰী ফাৰ্মৰ নামত আৱন্টন থকা চাৰি বিঘা তিনি কঠা মাটি নিৰ্বাচন কৰি তেজপুৰৰ একাংশ ৰাইজে কলাগুৰু বিষ্ণুৰাভা কলাক্ষেত্ৰ নামত সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰি স্থায়ী ফলক আৰি দিয়াৰ উপৰিও উক্ত ভূমিৰ চৌহদত কলাগুৰুৰ এক আৱক্ষ মুৰ্তি স্থাপন কৰি শোণিতপুৰৰ তদানীন্তন উপায়ুক্ত ভূপেষ চন্দ্ৰ দাসে তেজপুৰ ঐতিহ্য সুৰক্ষা সমিতিয়ে ভূমি আৱন্টনৰ বাবে আবেদন জনোৱাত যোৱা ২৯ডিচেম্বৰত তেজপুৰ ভূমি উপদেষ্টা সমিতিয়ে সদস্যসকলৰ উপস্থিতিত উক্ত ভূমি কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা কলাক্ষেত্ৰ নামত আৱণ্টন প্ৰস্তাৱ উক্ত প্ৰস্তাৱ ৰাজ্য চৰকাৰলৈ ১৬জানুৱাৰীত প্ৰয়োজনীয় নথিপত্ৰ সহ প্ৰেৰণ কৰে। বিবৃত্তিটোত মুখ্যমন্ত্ৰী ড° শৰ্ম্মাই এই প্ৰস্তাব সমূহক বাস্তৱ ৰূপ দিয়াৰ বাবে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব বুলি ঐতিহ্য সুৰক্ষা সমিতি অসমে আশা প্ৰকাশ কৰিছে।
পূৰ্বৱৰ্তী লেখা
পৰৱৰ্তী লেখা