তেজপুৰত ‘টিপকাই’ৰ প্ৰশংসনীয় পদক্ষেপ

0 11

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৫ জুলাই : তেজপুৰ চহৰৰ মাজ-মজিয়াত আজি অধিবক্তাৰ উপস্থিতিত শাহু-বোৱাৰীৰ কাজিয়া, হাতত বেলনা মাৰি লৈ শাহুৰ ৰণচণ্ডী ৰূপৰ দৃশ্যই চহৰৰ একাংশ প্ৰত্যক্ষদৰ্শী ৰাইজৰ মাজত ব্যাপক কৌতূহলৰ সৃষ্টি কৰে ৷ এজন তান্ত্ৰিকো উপস্থিত থকা এই কাজিয়াত সকলোৱে পাৰ্যমানে শাহুৱেকক বুজোৱাৰ অন্তত পিছলৈ এই উত্তেজনাময় পৰিস্থিতিৰ শাম কাটে ৷ দৰাচলতে,সমাজৰ অবহেলিত লোকৰ হকে কাম কৰি অহা গুৱাহাটীৰ স্বেচ্ছাসেৱী অনুষ্ঠান টিপকাই-এ আজি তেজপুৰৰ আদালত চৌহদৰ সমীপত ৰূপায়ন কৰিলে এখন বাটৰ নাট ৷ আসাম চাইন্স টেকন’লজি আৰু এনভাইৰনমেন্টেল কাউন্সিলৰ সহযোগত ৰূপায়িত বাটৰ নাটৰ জৰিয়তে তৃতীয় লিংগ লোকৰ অধিকাৰৰ হকে মাত মাতি সজাগতা বৃদ্ধিৰ প্ৰয়াস কৰা হয় ৷ আজিৰ এই বিজ্ঞানৰ যুগত বৰ্তি থকা অন্ধ বিশ্বাস আৰু কুসংস্কাৰৰ লগতে কিদৰে আজিও আমাৰ সমাজত তৃতীয় লিংগৰ লোকসকলে শিক্ষা-স্বাস্হ্যৰ দৰে মৌলিক অধিকাৰৰ লগতে অৰ্থনৈতিক অধিকাৰ আদিৰ পৰা অবহেলিত তথা বঞ্চিত হৈ আহিছে সেয়া শাহু-বোৱাৰী দুই মূল চৰিত্ৰৰ জৰিয়তে উপস্থাপন কৰিবলৈ প্ৰয়াস কৰে ৷ সন্তানৰ আশাত বন্দী শাহুৱে অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ কিদৰে তান্ত্ৰিকৰ সহায়ত বোৱাৰীয়েকৰ ওপৰত শাৰীৰিক-মানসিক নিৰ্যাতন চলাই আহিছিল আৰু অৱশেষত আইনৰ সহায়ত শাহুৱেকে উপলব্ধি কৰা আদিকে মূল বিষয়বস্তু হিচাপে লৈ এই সকল শিল্পীয়ে কৰা সুন্দৰ অভিনয় বাটৰুৱাই এপলক ৰ লাগি নোচোৱাকৈ নাথাকিল ৷ উল্লেখ্য যে, আজি এই নাটখনি তেজপুৰৰ পাঁচটাকৈ স্থানত ৰূপায়িত হোৱাৰ পিছত কাইলৈ দৰঙত প্ৰদৰ্শিত হ’ব ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More