বতৰ পৰিৱৰ্তন আৰু আহুখেতিৰ কথা
দিগন্ত কুমাৰ কাকতি
আমি স্কুলত পঢ়ি থকা দিনত শালি খেতি কৰাৰ লগতে আমাৰ অঞ্চলৰ সকলো খেতি কৰা মানুহেই অলপ হ’লেও আহুখেতি কৰিছিল । পুহৰ হাড়কঁপোৱা ঠাণ্ডা কিছু কমাৰ পাছত সাধাৰণতে মাঘ বিহুৰ পাছৰপৰাই আহুখেতিৰ বাবে হাল বাবলৈ আৰম্ভ কৰে । কোন শ্ৰেণীত আছিলো পাহৰিলোঁ, আমি প্ৰাথমিক স্কুলত পঢ়ি থকা সময়তে দদাইদেউহঁতো একেলগে থকা দিনতে আহুখেতিৰ বাবে হাল বাওঁতে প্ৰথমবাৰৰ বাবে ময়ো হাল বাবলৈ শিকিছিলো । পাছত দদাইদেউহঁত বেলেগ হোৱাৰ পাছত দেউতা আৰু মই হাল বাবলৈ যাওঁ । আমাৰ তিনিখন পথাৰ আছিল । খেৰণি, ঘগৰা কাণ আৰু নৈকিনাৰৰ পথাৰ । প্ৰতিবছৰে সকলোকেইখন পথাৰতে শালি খেতি কৰা হয় যদিও আহুখেতি সলনা-সলনিকৈ এখন পথাৰতহে কৰোঁ । তেতিয়াৰ দিনৰপৰা আজিলৈকে ঢকুৱাখনাৰ পৰা জোনাইলৈকে অবিভক্ত ধেমাজি মহকুমাৰ খেতিয়কসকলে ধান খেতি কৰোতে ৰাসায়ানিক সাৰ বহুলভাবে প্ৰয়োগ কৰা নাই । সেয়ে এতিয়া আমেৰিকাৰ মানুহে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰা বাও চাউল ধেমাজি-ঢকুৱাখনাৰ পৰা আমদানি কৰিছে । পাছলৈ উৎপাদন কমি যোৱাৰ লগতে অন্য কিছু কাৰণৰ বাবে মানুহে আহুখেতি কৰিবলৈ প্ৰায় এৰি দিলে । যিহেতু সকলোৱে আহুখেতি কৰে আৰু ট্ৰেক্টৰ এতিয়াৰ দৰে সুলভ হোৱা নাছিল আৰু মানুহে প্ৰয়োজনীয় বুলিও ভবা নাছিল । সেয়ে সকলোৱে স্বাভাৱিকভাবে হালবাই খেতি কৰিছিল । ফলত হালবোৱা পথাৰত অকলশৰীয়া হ’বলগীয়া নহয় । দেউতা মজলীয়া স্কুলৰ শিক্ষক আৰু মই এম ই স্কুলৰ ছাত্ৰ । পাছত হাইস্কুললৈ গৈছিলো । দুয়োজনে স্কুল যাব লাগে বাবে কিছু আগতীয়াকৈ হাল মেলি পথাৰত চৰিবলৈ গৰুবোৰ উদং কৈ মেলি গুচি আহো । দেউতা আৰু মই দুয়োজনেই খেল ভাল পাওঁ । ক্ৰিকেটো ভাল পাওঁ । ১৯৭৭চন মানৰ পৰা ১৯৮৭চনমানলৈকে সেই সময়বোৰত এদিনীয়া ক্ৰিকেট সিমান জনপ্ৰিয় হোৱা নাছিল যদিও ভাৰতে ১৯৮৩চনত নাটকীয়ভাবে বিশ্বকাপ জিকিছিল । আহুতলিত হালবোৱাৰ দিনত ভাৰতে নিউজিলেণ্ড বা অষ্ট্ৰেলিয়াত খেলিবলৈ গ’লে ৰাতিপুৱাৰ পৰাই টেষ্ট ক্ৰিকেট খেল আৰম্ভ হয় আৰু সকলো খেলৰ চলন্ত বিবৰণী সাধাৰণতে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰয়ো ৰিলে কৰি শুনায় । গতিকে খেল থাকিলে ৰেডিঅটো কাপোৰৰ মোনাত ভৰাই লৈ যাওঁ আৰু কান্ধত ওলমাই লৈ হাল বাই থাকোতেও খেল শুনি থাকো । এনেদৰেই খেতিৰ কামবোৰ কৰিছিলো ।
আহুখেতিৰ ক্ষেত্ৰত সকলোৰে এটাই চেষ্টা যাতে মাঘৰ পৰা হালবাই চ’তৰ ভিতৰত আহু সিঁচি শেষ কৰিব পাৰি । বিহুৰ পিছলৈ কেনেবাকৈ থাকি গ’লে মনটো বেয়া লাগে আৰু খেতি পিছতীয়া হয় । সাধাৰণতে ধান সিঁচাৰ দিনা সাৰিয়া মতা হৈছিল । পাঁচ-ছয়হাল গৰুৰে ধান সিঁচাৰ পিছত দুচাহ হালবোৱা হৈছিল । এনেদৰে একেলগে হালবাই এক উচাহ লাগিছিল । দুই এবছৰ বতৰ বেয়া হ’লে, যদি মাজে মাজে বৰষুণ দি থাকে তেনেহ’লে আহুতলিৰ বনবোৰ নমৰিছিল আৰু হালখতি হৈছিল । ফলত আহু সিঁচা পলম হৈছিল । তেতিয়া বিহুৰ পিছতো কাম থাকি গৈছিল । সাধাৰণতে গৰুবিহুৰ দিনালৈ সিঁচা আহুধান গজি এক দুই ইঞ্চি ওখ হয় । ৰাতিপুৱা ৰাজহুৱাভাৱে গৰুবিহুৰ পৰম্পৰা গৰুক গা ধুৱাই লাও বেঙেনা মাৰি প্ৰতিঘৰৰ একোজনে বাহিৰে বাহিৰে আহুতলিত দীঘলতি বা মাখিয়তী একোডাল পুতিবলৈ গৈছিলো । ধানবোৰ ৭-৮ইঞ্চি ওখ হ’লে বিন্ধোৱা হৈছিল ।
যোৱা প্ৰায় ১৫বছৰ মানৰ পৰা বতৰৰ পৰিৱৰ্তন প্ৰায় চকুত পৰা হৈ পৰিছে । বাৰিষাৰ বৰষুণৰ পৰিমাণ বহুত কমি গৈছে । বাৰিষা কালচোৱা চুটি হৈ পৰিল । মন কৰি আছো জুলাই আৰু আগষ্ট মাহৰ ভিতৰত ডেৰ বা দুমাহহে খেতি কৰিব পৰাকৈ বৰষুণ দিয়ে । বাকী মে জুন আৰু ছেপ্টেম্বৰ মাহত বৰষুণ অতি সামান্যহে হয়। আনকি কঠিয়া পাৰিব পৰাকৈও সুবিধাজনক ভাবে বৰষুণ কমেইহে হয় । ভাগ্যে আজিকালি সৰহভাগ খেতি কৰা মানুহে জুলাই-আগষ্ট মাহৰ ভিতৰতে ট্ৰেক্টৰ লগাই কম সময়ৰ ভিতৰতে খেতিৰ কাম শেষ কৰিব পাৰে । আগৰ দৰে ব’হাগৰ শেষৰ পৰা কঠিয়াতলী চহাই পাছত ভাদ মাহলৈকে হালবাই খেতি কৰিবলগীয়া হোৱা হ’লে বহুতৰে মাটি চন পৰি থাকিলহেঁতেন। বৰষুণৰ পৰিমাণ যিদৰে কমি গ’ল আৰু বাৰিষাকাল চুটি হৈ পৰিল, সেইদৰে শীতকালো চুটি হৈ পৰিছে । আহো নাহোকৈ ঠাণ্ডা যেন নাহিবই । শেষত যেনিবা ডিচেম্বৰ আৰু জানুৱাৰী মাহত কিছু ঠাণ্ডা পৰে ।
এইবছৰ মাঘ বিহুৰ সময়ত গোগামুখৰ এফালে গাখীৰ আনিবলৈ গৈছিলো । বৰষুণে পোৱাৰ বাবে দোকান এখনত ৰৈ থাকিবলগা হৈছিল । তেতিয়া জ্যেষ্ঠ মানুহ এজনে ক’লে যে পুহ মাহ গ’ল যেতিয়া বাৰিষা আহিলেই আৰু । কথাটো সিমান ভবা নাছিলোঁ । কিন্তু সেই পুহৰ শেষৰ পৰা এয়া বহাগ সোমালেহি । প্ৰায় মাজতে দুই এদিন বাদ দি একেৰাহে বৰষুণ দি আছে । ফাগুন চ’তত একেৰাহে দি থকা বৰষুণজাকলৈ চাই মনলৈ ভাব আহি আছে আমি আহুখেতি কৰি থকা দিনত এনেদৰে বৰষুণ দি থকা হ’লে কেনেকৈ আহু খেতি কৰিলোহেঁতেন ! তেতিয়া এতিয়াৰ দৰে ৰোৱা আহু কৰাৰ কথাও মানুহে নাজানিছিল । কিন্তু তেতিয়াতো দুই এবছৰ কিছু অসুবিধা হোৱাৰ বাদে বতৰে এনে ওলোটা ৰূপ লোৱা নাছিল । খৰালি ফৰকাল বতৰ আৰু বাৰিষা ব’হাগৰ শেষৰ পৰা ভাদমাহলৈকে প্ৰায় সমানভাবে বৰষুণ দিছিল । কোনো এবছৰ হয়তো প্ৰকোপ কম বেছি হৈছিল । আজিৰ প্ৰজন্মই হয়তো বতৰৰ এই পৰিবৰ্তন সিমান ধৰিব নোৱাৰে । কিন্তু যিসকলে যোৱা শতিকাৰ ষষ্ঠ-অষ্টম দশকৰ বতৰ দেখা পাইছিল সেইসকলৰ দৃষ্টিত বতৰৰ পৰিৱৰ্তন অতি প্ৰকট হৈ দেখা দিয়ে । বতৰৰ এই দ্ৰুত পৰিবৰ্তনে অনাগত দিনত কেনে ৰূপ লয় সেয়া সময়েহে ক’ব । পৃথিবীৰ বতৰ, পৰিৱেশ কিমানদিনলৈ জীৱৰ অনুকূল হৈ থাকিব সি বিশেষ চিন্তাৰ কথা হৈ পৰিছে । বতৰ পৃথিৱীৰ জীৱকূলৰ অনুকূল কৰি ৰখাত মূলতঃ মানুহৰেই কৰিবলগীয়া দায়িত্ব আছে ।