মাজৰাতিৰ পৰা শ্ৰীলংকাত জৰুৰী অৱস্থা

দেশজোৰা বিক্ষোভৰ মাজতে ঘোষণা ৰাজাপক্ষৰ

0 61

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ মে’ : মধ্যৰাতিৰ পৰা শ্রীলংকাত জৰুৰী অৱস্থা ঘোষণা কৰিলে ৰাষ্ট্ৰপতি গোতাবায়া ৰাজাপক্ষে। অর্থনৈতিক সংকটৰ প্রতিবাদত দেশজুৰি চলা ধর্মঘটৰ দিনটোতেই এই সিদ্ধান্ত ললে শ্রীলংকা চৰকাৰে। ১ এপ্রিলৰ পিছত পুনৰ1651887154579দ্বীপৰাষ্ট্রখনত দ্বিতীয়বাৰৰ বাবে এই নির্দেশ কার্যকৰী কৰা হ’ব। অর্থনৈতিক সংকটৰ ফলত ৰাজাপক্ষ চৰকাৰক কাঠগড়াত তুলি তেওঁৰ পদত্যাগৰ দাবীত উত্তাল শ্রীলংকা। ৬ মে’ৰ পুৱাৰে পৰা দেশজুৰি আৰম্ভ হয় ধর্মঘট। কর্মবিৰতি পালন কৰিছে শিক্ষাখণ্ডৰ লগতে ট্রেড ইউনিয়নৰ নেতৃত্বৰ পৰা আৰম্ভ কৰি সমাজৰ বিভিন্ন স্তৰৰ সাধাৰণ মানুহে। শুকুৰবাৰে পুৱা শিক্ষাৰ্থীসকলে সংসদত প্ৰৱেশৰ চেষ্টাও কৰে। কন্দুৱা গেছ আৰু পানীৰ কামানেৰে তেওঁলোকক বাধা দিয়ে শ্রীলংকা আৰক্ষীয়ে। ১৯৪৮ চনত শ্রীলংকাৰ স্বাধীনতাৰ পিছৰে পৰা দেশৰ অর্থনৈতিক ক্ষেত্রত এনে দুর্দশাৰ পৰিস্থিতি কেতিয়াও হোৱা নাছিল। চৰম আর্থিক সংকটত ভুগি থকা দ্বীপৰাষ্ট্ৰখনক ইতিমধ্যেই ‘অর্থনৈতিকভাৱে দেউলিয়া’ বুলি ঘোষণা কৰিছে গোতাবায়া চৰকাৰে। আন্তর্জাতিক ঋণ আৰু সুদ পৰিশোধ কৰিবলৈ চলিত বছৰৰ মাজভাগৰ শেষত ৬৯০ কোটি ডলাৰ (প্রায় ৫২,৪০০ কোটি টকা) ব্যয় কৰাৰ কথা শ্রীলংকাৰ। নিত্যপ্রয়োজনীয় খাদ্যদ্রব্যৰ পৰা আৰম্ভ কৰি ইন্ধন, কৃষিক্ষেত্রত সাৰৰ দৰে একাধিক পণ্যৰ দাম গগণচুম্বী ৰূপত বাঢ়িছে। মাহৰ পিছত মাহ দেশখনত এই অৱস্থাৰ বিৰুদ্ধে ৬ মে’ৰ পুৱাৰে পৰা দেশজুৰি নতুনকৈ চৰকাৰবিৰোধী প্রদর্শন কৰে শ্রীলংকাৰ সাধাৰণ জনতাই। ট্রেড ইউনিয়নসমূহৰ লগত ধর্মঘটত চামিল হয় কলকাৰখানাৰ লাখ লাখ কর্মী। কলকাৰখানাত ক’লা পতাকাও উত্তোলন কৰে বহুতে। গণ পৰিবহণ ব্যৱস্থাৰ লগত জড়িত কর্মীসকলেও ৬ মে’ৰ ধর্মঘট সমর্থন কৰে। ফলত বন্ধ আছিল ট্রেইন-বাছৰ দৰে পৰিসেৱা। দেশখনৰ ট্রেড ইউনিয়ন নেতা ৰবি কুমুদেশৰ দাবী— ‘‘ৰাষ্ট্ৰপতিৰ যিসমূহ নীতি ৰূপায়ণৰ ফলত শ্রীলংকাত এই অর্থনৈতিক সংকটে দেখা দিছে, তাৰ প্রতিটোৰ কথা উল্লেখ কৰিব পাৰি।’’ ৰাজাপক্ষৰ পদত্যাগৰ দাবীত কেইবামাহজুৰি তেওঁৰ কার্যালয়ৰ বাহিৰত শিবিৰ পাতি অৱস্থান বিক্ষোভত বহিছে বহু প্রতিবাদী। তথাপি এই বিক্ষোভৰ মাজতো অলৰ অচৰ হৈ আছে ৰাষ্ট্ৰপতি ৰাজাপক্ষ। নিজৰ পদৰ পৰা ইস্তফা দিবলৈ ৰাজি নহয় তেওঁ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More