স্বাধীন দেশৰ নাগৰিক হোৱাৰ অনুভৱ
দিগন্ত কাকতি
কিছুদিন আগতে আমাৰ সকলোৰে প্ৰিয় বিশিষ্ট সাহিত্যিক য়েচে দৰজে ঠংচিদেৱ অসম সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী হোৱাৰ সময়ত ‘শতাব্দ‘ৰ সম্পাদক শৈলেন বৰুৱাদেৱে ঠংচিদেৱক প্ৰথমবাৰ লগ পোৱাৰ স্মৃতিচাৰণ কৰোতে হঠাতে গুৱাহাটীৰ পৰা গৈ অৰুণাচলত এটা চাকৰিৰ সাক্ষাৎকাৰত অবতীৰ্ণ হোৱাৰ কথা আৰু যাওঁতে শদিয়ালৈ কেনেদৰে কেইবাখনো খৰস্ৰোতা নৈ বিপজ্জনকভাবে নাৱেৰে পাৰহৈ যাবলগীয়া হৈছিল সেই কথা বৰ সুন্দৰভাবে বৰ্ণনা কৰিছিল। সেয়া ১৯৯০ ৰ দশকৰ কথা। সেই সময়ত বা তাৰো আগতে অৰুণাচলৰ দুৰ্গম অঞ্চলবোৰলৈ কেনেদৰে কেইবাদিনো খোজকাঢ়ি, বিভিন্ন ধৰণৰ সাঁকো, দলং আদি পাৰ হৈ যাবলগীয়া হৈছিল সেই ৰোমাঞ্চকৰ কথাবোৰ চন্দ্ৰ বৰপাত্ৰগোহাঁই আৰু অন্যান্য লেখকসকলৰ লেখাত পাওঁ। এনেদৰেই লেখা বা বাস্তব অভিজ্ঞতাৰ ভিত্তিত অসমৰ শদিয়া, ধেমাজি আদি আৰু অৰুণাচলৰ সকলো ঠাই দুৰ্গম কলীয়াপানী বুলি আমাৰ মনত সাঁচ বহুৱাই ৰাখিছে । মনত ভাব হয় এয়াই যেন আমাৰ প্ৰাপ্য। বৃটিছে এৰি থৈ যোৱাৰ পাছৰপৰাই যেন স্হিতাৱস্হা একেদৰে বাহাল থাকিব লাগিব, কোনো পৰিবৰ্তন হ’ব নেলাগিব। স্বাধীন দেশৰ নাগৰিক হৈয়ো যেন চিৰদিন অৱহেলিত হৈ ৰম । আগলৈ যোৱাৰ, উন্নতি কৰাৰ যেন কোনো আশাই নাই । ধলা শদিয়াৰ দলংখন হোৱাৰ আগলৈকে শদিয়াৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়িবলৈ ওলাই অহাটোও নিশ্চিতভাবে এক বৃহৎ প্ৰত্যাহ্বান আছিল । বাকী লক্ষীমপুৰ, ধেমাজিৰ মানুহৰ কথাতো ক’বই নেলাগে। ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজৰ ছাত্ৰ ছাত্ৰী বা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়া সকলৰ কথাতো ক’বই নেলাগে । টুকুৰা টুকুৰকৈ গাড়ী মটৰ, ফেৰী, নাও সলাই দিনটোৰ ভিতৰত কোনোমতে ডকাইতৰ দৰে ব্যৱহাৰ কৰি টকা আদায় কৰা লোকৰ অতপালি সহি গন্তব্যস্থান পাবগৈ লাগে। বগীবিলত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মানৰ কাম আৰম্ভহে হৈছিল, শেষ হোৱাৰ কোনো লক্ষণ নাছিল ।
কিন্তু হঠাতে যেন যোৱা কেইবছৰমানৰ পৰা অৱস্হাৰ আমূল পৰিবৰ্তন ঘটিছে । বিশেষকৈ ২০১০ চনমানৰ পৰা লক্ষীমপুৰৰ পৰা জোনাইলৈকে পথচোৱা ডাবল লেন হোৱাৰপৰা পৰিস্হিতি কোনোৰকম সহজ হৈ আহিল। সদায় অৱহেলিত হৈ থকা উত্তৰ পূৱৰ প্ৰতি কেন্দ্ৰৰ সুদৃষ্টি পৰিল। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে কেন্দ্ৰই বহুতো ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট যুদ্ধকালীন তৎপৰতাৰে চলাই আছে । পথ, ৰেলপথ, বিমানবন্দৰৰ কাম চলি আছে দ্ৰুতগতিৰে । ৰেলপথবোৰ ব্ৰডগেজলৈ উন্নীত হোৱাৰ পাছত সপোনতো ভাবিব নোৱাৰা দ্বৈত ৰেলপথ আৰু ৰেলপথ বৈদ্যুতিকৰণৰ কামো চলি আছে । এতিয়া ব্ৰহ্মপুত্ৰৰ ওপৰত কেইখন দলং আছে বা কেইখন সাজি আছে বুলি সুধিলে সহজে উত্তৰ দিবলৈ টান হ’ব । এটা সময় আছিল লক্ষীমপুৰ বা ধেমাজিৰ পৰা অৰুণচলৰ মাজেৰে পথযোগে যাব পৰা একমাত্ৰ পথটোৰ দূৰত্ব ৪০০ বা ৫০০ কিলোমিটাৰ বুলি পথৰ কাষৰ ফলকত আছিল বা এতিয়াও আছে । কিন্তু বৰ্তমান বগীবিল আৰু ধলা শদিয়া দলঙেদি ডেৰশ কিলোমিটাৰ অতিক্ৰম কি সেই ঠাই পাব পাৰি । সেইদৰে পাছিঘাট আৰু ডাম্বুকৰ মাজত চিয়াং নদীৰ ওপৰত বনোৱা দলঙেৰেও সম দূৰত্ব অতিক্ৰম কৰি উক্ত ঠাইবোৰ পাব পাৰি।
চৰকাৰে ৰাইজৰ মুখত ভাত গুজি দিব লাগে নেকি ? নালাগে । বহুতে লাগে বুলি ভাবি ভুল কৰে আৰু চৰকাৰে কাম কৰা নাই বুলি গালি পাৰে । চৰকাৰে বাট পথ আৰু যোগাযোগ ব্যৱস্হা এনে সুচল কৰিব লাগে যাতে ৰাইজে খেতি বাতি, ব্যৱসায় বাণিজ্য কৰি নিজৰ ভাতমুঠি মোকলাব পাৰে । সম্ৰাট অশোকৰ দিনৰ পৰা উপযুক্ত বাটপথ বনোৱাটো কৰ্তৃপক্ষৰ এটা এৰাব নোৱাৰা দায়িত্ব হিচাপে পৰিগনিত হৈ আহিছে । অথচ আমাৰ স্বাধীন দেশৰ চৰকাৰে সেই কথা ইমানদিনে অৱহেলা কৰি আহিছিল
সিদিনা বৰদিনৰ বন্ধত হঠাতে অৰুণাচলৰ নামচাই আৰু ৰয়িঙলৈ ফুৰিবলৈ বুলি ওলালো । বগীবিল দলং পাৰহৈ ডিব্ৰুগড়ৰ বাইপাছেদি তিনিচুকীয়ালৈ গ’লো। তিনিচুকীয়াৰ পৰা ডুমডুমা হৈ নামচাই পালোগৈ। নামচাইৰ গল্ডেন পেগুদা চাই সুন্দৰ পথ দেখি পৰশুৰাম কুণ্ডলৈকে যাওঁ বুলি আগবাঢ়িলোঁ। কিন্তু বাট ভুল হোৱাত পুনৰ ৰয়িঙলৈকে যাবলৈ বাট ল’লো । ৰয়িঙৰ পৰা ধলা শদিয়া দলঙেদি পুনৰ তিনিচুকীয়ালৈ ঘূৰি আহিলো। ধেমাজিৰ পৰা ডিব্ৰুগড়, তিনিচুকীয়া, নামচাই. ৰয়িং এই সকলোবোৰ পথ ডাবল লেনৰ আৰু মসৃণ। খলা বমা নাই । অৰুণাচলৰ দিহং, চিয়াং আদি কেইবাখনো নৈত আছে সুন্দৰ দলং। কেইদিনমান আগতে ল’ৰা ছোৱালী দুটাই ডাম্বুকত হোৱা অৰেঞ্জ ফেষ্টিভেললৈ গৈছিল । সেইফালৰ পথবোৰো সুন্দৰ বুলি সিঁহতে ক’লে।
চীনৰ পৰা বাৰে বাৰে পাই থকা ভাবুকিৰ বাবে কেন্দ্ৰীয় চৰকাৰে অৰুণাচলৰ ভাৰত চীন সীমান্তকে ধৰি সমগ্ৰ অৰুণাচলৰ পথ যোগাযোগ সুচল কৰি তুলিবলৈ বদ্ধপৰিকৰ হৈছে। কেৱল উত্তৰ পূৱতে নহয় সমগ্ৰ দেশৰে পথ যোগাযোগ উন্নত কৰিবৰ বাবে চৰকাৰে বহুতো প্ৰকল্প ৰূপায়ন কৰি আছে । কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নিতীন গাডকাৰীয়ে দাবী কৰিছে যে কেইবছৰমানৰ ভিতৰতে দেশৰ পথবোৰৰ মান আমেৰিকাৰ দৰে উন্নত হ’ব ।
দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ পাৰ গৈ যোৱাৰ পাছত প্ৰথমবাৰলৈ অনুভৱ কৰিছোঁ আমিও যেন স্বাধীন দেশৰ নাগৰিক। যি কি নহওক একেবাৰে নোহোৱাতকৈ দেৰিকৈ হোৱাও বহুত ভাল।