অইল ইণ্ডিয়াৰ আৱাসিক মুখ্য বিষয়াৰ পদত অতীন্দ্ৰ ৰয়চৌধুৰীক নিযুক্তি

0 38

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩১ মে’ঃ অইল ইণ্ডিয়া লিমিটেডৰ পৰৱৰ্তী আৱাসিক মুখ্য বিষয়াৰূপে অতীন্দ্ৰ ৰয়চৌধুৰীয়ে ১ জুনত দায়িত্বভাৰ গ্ৰহণ কৰিব । ৰয়চৌধুৰীয়ে ১৯৮৬ চনত কোম্পানীটোৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগত কাৰ্যবাহী প্ৰশিক্ষাৰ্থী ৰূপে যোগদান কৰিছিল। গুৱাহাটীত জন্মলাভ কৰা অতীন্দ্ৰ ৰয়চৌধুৰীয়ে কটন কলেজিয়েট তথা কটন কলেজৰ পৰা ক্ৰমে স্কুলীয়া আৰু উচ্চতৰ মাধ্যমিক শিক্ষা গ্ৰহণ কৰি পিলানিৰ বিৰলা ইনষ্টিটিউট অফ টেকনলজি এণ্ড চায়েন্স (BITS)ৰ পৰা ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক্স বিষয়ত ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী অৰ্জন কৰে। ইলেক্ট্ৰিকেল বিভাগত কিছুদিন কাম কৰাৰ পাছত তেওঁ ভূ-পদাৰ্থবিজ্ঞান বিভাগত এটা দশক ধৰি সেৱা আগবঢ়ায় ।  পৰৱৰ্তী পৰ্যায়ত তেঁও তথ্য প্ৰযুক্তি বিভাগৰ এজন অগ্ৰণী বিষয়া হিচাপে অইলৰ ‘এল এ এন’ আৰু ‘ডব্লিউ এ এন’ৰ ডিজাইন নিৰ্মাণ আৰু ৰূপায়ণত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছিল । পৰৱৰ্তী সময়ত তেঁও ঠিকা বিভাগলৈ বদলি হয় আৰু নয়দাস্থিত অইলৰ কৰ্পৰেট কাৰ্যালয়ত ২০১৪ চনলৈকে মুখ্য প্ৰৱন্ধক (ঠিকা) ৰূপে দায়িত্ব পালন কৰে । তাত তেওঁ ২০১৭ চনৰ ১ জানুৱাৰীত কৰ্প’ৰেট প্লেনিং বিভাগত মুখ্য মহাপ্ৰৱন্ধকৰ পদলৈ পদোন্নতি লাভ কৰে আৰু ২০১৯ চনৰ ১ জানুৱাৰী পৰা ২০২০ চনৰ ১৩ ফেব্ৰুৱাৰীলৈকে কাৰ্যবাহী সঞ্চালক (কৰ্পৰেট এফেয়াৰ্চ) হিচাপে সেৱা আগবঢ়ায়। ২০২০ চনত তেওঁ দুলীয়াজানলৈ বদলি হৈ আহে আৰু উৎপাদন সেৱা বিভাগত কাৰ্যবাহী সঞ্চালক ৰূপে কাম কৰে। উল্লেখ্য যে অইলৰ দ্বাৰা মনোনীত হৈ তেঁও ইন্দ্ৰধনুশ গেছ গ্ৰীড লিমিটেডৰ অধ্যক্ষৰ পদতো অধিষ্ঠিত হয় । মন কৰিবলগীয়া যে, হাইড্ৰকাৰ্বনৰ উৎপাদন বৃদ্ধি তথা ন ন প্ৰযুক্তিৰ ব্যৱহাৰ আৰু কোম্পানীটোত বিভিন্ন প্ৰক্ৰিয়াসমূহৰ ডিজিটেলাইজেচনৰ ক্ষেত্ৰত অতীন্দ্ৰ ৰয়চৌধুৰীৰ বৰঙণি যথেষ্ট গুৰুত্বপূৰ্ণ। উৎপাদন সেৱা বিভাগত কাৰ্যবাহী সঞ্চালকৰূপে কাৰ্যনিৰ্বাহৰ সময়ত তেখেতে উৎপাদন বৃদ্ধিৰ বাবে গ্ৰহণ কৰা অইলৰ প্ৰধান পদক্ষেপসমূহ যেনে, টেকন’লজি ছাৰ্ভিচ মডেল, প্ৰডাকচন এনহেন্সমেন্ট কনট্ৰেক্ট আদিৰ ৰূপায়ণতো সক্ৰিয় ভূমিকা পালন কৰিছিল । সু-কাৰিকৰী জ্ঞানসম্পন্ন দূৰদৰ্শী নেতৃত্বৰ বাবে পৰিচিত ৰয়চৌধুৰীয়ে অইলৰ ডিজিটাইলেজন পদক্ষেপ প্ৰজেক্ট ড্ৰাইভৰ নেতৃত্ব প্ৰদান কৰিছিল। দুলীয়াজানৰ একাধিক সামাজিক অনুষ্ঠানৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ থকা ৰয়চৌধুৰীয়ে আৱাসিক মুখ্য বিষয়াৰূপে নিযুক্তি পোৱাত তেঁওক বহুতে শুভেচ্ছা জ্ঞাপন কৰিছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More