Browsing Category

অসম

যুৱ মহোৎসৱৰ ইতিহাসত অভিলেখঃ ৭২ খন মহাবিদ্যালয়ৰ অংশগ্ৰহণ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ জানুৱাৰীঃ সাম্প্ৰতিক যুগটো যুৱ যুগ ৷ ভাৰতত সম্প্ৰতি ৬৫ শতাংশ লোক ৩৫ বছৰৰ ভিতৰৰ৷ সেয়ে এই সময়ছোৱাক যুৱ যুগ বুলি কোৱা হৈছে৷ যুৱ মহোৎসৱৰ দৰে অনুষ্ঠানত প্ৰতিভা প্ৰদৰ্শন কৰিব পাৰি আৰু আনৰ প্ৰতিভাৰ উমান ল’ব পাৰি৷ শ্ৰেষ্ঠ প্ৰতিযোগীয়ে ক্ৰমশঃ ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো অংশগ্ৰহণ কৰিবগৈ পাৰে৷ সেয়ে যুৱ মহোৎসৱ তেনে প্ৰতিযোগীৰ বাবে আখৰাস্থলী৷ এইক্ষেত্ৰত প্ৰতিজন প্ৰতিভাবানে নিজকে নিৰ্ণয় কৰাটো অতি কঠিন৷ এই প্ৰত্যাহ্বান অতিক্ৰম কৰিব পৰাজনে অসাধ্য সাধন কৰিব পাৰে৷ কাৰণ এইটো অসাধ্য সাধন কৰাৰ বয়স৷…

একৰিট একাডেমিৰ ১৪ সংখ্যক বাৰ্ষিক অধিৱেশন

শতাব্দ প্ৰতিনিধি, নাৰায়ণপুৰ,২১ জানুৱাৰী: বেচৰকাৰী সংস্থা প্ৰথম এখোজৰ পৰিচালনাত চলি থকা লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অগ্ৰণী ব্যক্তিগত খণ্ডৰ বিদ্যালয় একৰিট একাডেমিৰ ১৪ সংখ্যক বাৰ্ষিক খেল সপ্তাহ, অভিভাৱক সন্মিলন আৰু বাৰ্ষিক অধিৱেশনখনি আজি আড়ম্বৰপূৰ্ণভাৱে সম্পন্ন হৈ যায়। যোৱা ১৭ জানুৱাৰীৰ পৰা চলি থকা খেল সপ্তাহৰ পিছত আজি অনুষ্ঠিত মুকলি সভাখন অভিভাৱিকাসকলৰ দ্বাৰা পৰিৱেশিত এটি দিহানামেৰে আৰম্ভ হয়। অধিৱেশনখনি উদ্বোধন কৰে পৰিচালন সঞ্চালক ৰাজীৱ গগৈয়ে। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বীৰেণ চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত মূল সভাখনত…

যুৱ মহোৎসৱঃ উখল-মাখল এল টি কেৰ চৌহদ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২১ জানুৱাৰীঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱ কাইলৈ ২২ জানুৱাৰীৰ পৰা লক্ষীমপুৰ জিলাৰ লক্ষীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয় চমুকৈ এল.টি.কে. মহাবিদ্যালয়ত আৰম্ভ হ’ব৷ এই উপলক্ষে আজি মহাবিদ্যালয় চৌহদত উখল-মাখল পৰিবেশৰ সৃষ্টি হৈছে৷ কাইলৈৰ পৰা চাৰিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হ’ব লগা যুৱ মহোৎসৱত অংশ গ্ৰহণ কৰিবলৈ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত প্ৰায় ৭১ খন মহাবিদ্যালয়ৰ শিক্ষাৰ্থী, তত্ত্বাৱধায়ক আৰু বাদ্যযন্ত্ৰী তথা কলা-কৌশলীসকল আহি মহাবিদ্যালয়ৰ চৌহদত ভীৰ কৰিছে৷ মহোৎসৱত বিভিন্ন মহাবিদ্যালয়ৰ পোন্ধৰশ প্ৰতিযোগীয়ে…

পাৰিজাত একাডেমীত কেৰিয়াৰ সজাগতা সভা 

শতাব্দ গুৱাহাটী, ২০ জানুৱাৰীঃ অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত ২০জানুৱাৰীত গুৱাহাটীৰ মহানগৰীৰ কাষৰীয়া পামহি(গড়চুক)স্থিত পাৰিজাত একাডেমীত এখন কেৰিয়াৰ সজাগতা সভা অনুষ্ঠিত হয় । পাৰিজাত একাডেমীৰ প্ৰতিষ্ঠাপক উত্তম টেৰণে আদৰণী ভাষণ আগবঢ়োৱা সভাখন সঞ্চালনা কৰে পাৰিজাত একাডেমীৰ অধ্যক্ষ দীপাঞ্জলী ভাগৱতীয়ে আৰু কেৰিয়াৰ সজাগতা সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক…

নতুন পেঞ্চন নীতি বাতিলৰ দাবীত এদিনীয়া কৰ্ম বিৰতি সদৌ অসম চৰকাৰী এন. পি. এছ কৰ্মচাৰী সংস্থাৰ

শতাব্দ প্ৰতিনিধি,২০ জানুৱাৰীঃ নতুন পেঞ্চন নীতি বাতিল আৰু পুৰণি পেঞ্চন নীতি প্রৱর্তন কৰি ৰাজ্যখনৰ বৃহৎ সংখ্যক কৰ্মচাৰীক সকাহ প্রদান কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে সদৌ অসম চৰকাৰী এন. পি. এছ কৰ্মচাৰী সংস্থাই ।সেই উদ্দেশ্যে আজিৰ পৰা ৩১ জানুৱাৰী ২০২৪লৈকে এলানি গণ আন্দোলন কাৰ্যসূচী ঘোষণা কৰিছে। সদৌ অসম চৰকাৰী এন,পি,এছ কৰ্মচাৰী সংস্থাই ঘোষণা কৰা কাৰ্য্যসূচী মতে অসমৰ প্ৰতিখন জিলা, সদৰ ঠাইসমূহত এদিনীয়াকৈ কৰ্মবিৰতি পালন কৰি দিনৰ ১১ বজাৰ পৰা প্ৰতিবাদী সভা অনুষ্ঠিত কৰি জনপ্রতিনিধিসমূহক দাবী পত্ৰ প্ৰদান কৰিব।আগন্তুক ৩১ জানুৱাৰীত…

ঢকুৱাখনাত ১১,১০৭ টা পৰিয়ালক নতুন ৰেচন কাৰ্ড বিতৰণ মন্ত্ৰী অতুল বৰাৰ

শতাব্দ ,লখিমপুৰ ১৮ জানুৱাৰীঃ ৭৭নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজি অসম চৰকাৰৰ কৃষি আৰু পশুপালন আৰু পশু চিকিৎসা ইত্যাদি বিভাগৰ মন্ত্ৰী তথা লক্ষীমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৩ ৰ অধীনত ৭৭নং ঢকুৱাখনা বিধানসভা সমষ্টিত আনুষ্ঠানিকভাৱে নতুন ৰেচন কাৰ্ড বিতৰণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। উল্লেখ্য যে সমগ্ৰ ৰাজ্যখনতে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা পৰিয়ালসমূহক যোৱা ১৬ জানুৱাৰীৰ পৰা ৰেচন কাৰ্ড প্ৰদান কৰি…

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় নাট সমাৰোহ সম্পন্ন

শতাব্দ প্ৰতিনিধি, ১৮ জানুৱাৰীঃ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনৰ পূৰ্বাঞ্চল সাংস্কৃতিক কেন্দ্র, কলকতাৰ দ্বাৰা ফুলবাৰী বোকানদী  অভিনৱ থিয়েটাৰৰ সহযোগত অভিনৱ থিয়েটাৰ প্ৰকল্পত যোৱা  ১৬ আৰু ১৭ জানুৱাৰীত ৰংগ যাত্ৰা শীৰ্ষক এক ৰাষ্ট্ৰীয় নাট সমাৰোহ অনুষ্ঠিত হয়। এই নাট সমাৰোহৰ প্ৰথম দিনা সন্ধিয়া ৬ বজাত উদ্বোধনী অনুষ্ঠান অনুস্থিত কৰাৰ লগতে বিহাৰৰ আৰাৰ প্ৰভাৱ ক্ৰীয়েটিভ চছাইটিৰ শিল্পীসকলে মনোজ কুমাৰ সিঙৰ পৰিচালনাত ভিক্ষাৰী ঠাকুৰৰ ৰচিত ভোজপুৰী ভাষাৰ কালজয়ী নাটক “গংগা স্নান” মঞ্চস্থ কৰে। লগতে কলিকতাৰ নৃত্য দলে লোকনৃত্য পৰিবেশন কৰে।…

কুকুৰৰ ক্লিনিকঃ লখিমপুৰত “দ্যা পেটচ হাউচ” মুকলি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৮ জানুৱাৰীঃ কুকুৰ ভালপোৱা সকলৰ বাবে সুখবৰ। উত্তৰ লখিমপুৰ নগৰত আজি নতুনকৈ মুকলি হল কুকুৰৰ বাবে এখন ক্লিনিক-দোকান। এই দোকানত কুকুৰৰ সকলোধৰণৰ খাদ্য সামগ্ৰী, ঔষধ, সাজ সজ্জা তথা বন্ধনৰ সামগ্ৰী উপলব্ধ হ'ব। তদুপৰি অভিজ্ঞ পশু চিকিৎসকৰ দ্বাৰা কুকুৰৰ যতন, চিকিৎসা আৰু টীকাকৰণ কৰা হ'ব। উত্তৰ লখিমপুৰৰ পৰ্যটন উদ্যোগী প্ৰয়াত দেৱজিৎ গগৈৰ স্মৃতিত পৰিয়ালে "দ্যা পেটচ হাউচ" নামৰ কুকুৰৰ বাবে অত্যাধুনিক ক্লিনিকখন প্ৰতিষ্ঠা কৰিছে। উত্তৰ লখিমপুৰৰ গাৰ্লচ হাইস্কুল ৰোডত আজি সন্ধিয়া ক্লিনিকখন মুকলি কৰে লখিমপুৰৰ বিধায়ক মানৱ…

ভোগালী বিহুৰ উপলক্ষে পৰেশ বৰুৱাৰ শুভেচ্ছা 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৩ জানুৱাৰীঃ  ভোগালী বিহু উপলক্ষে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই ৰাজ্যবাসীলৈ শুভেচ্ছা জনাইছে। এক ই মেইল বাৰ্তাত বৰুৱাই কয়--  অসমৰ থলগিৰি জাতি তথা সমাজ জীৱনৰ আয়ুসৰেখা কেউটি বিহু৷ বিগত বৰ্ষবোৰৰ দৰে এই বছৰো ঢেঁকীৰ মাতে ধৰণী কঁপাই আদৰি আনিছে কৃষিজীৱী চহা সমাজৰ হেঁপাহৰ ভোগালী বিহুটি; য’ত সংপৃক্ত হৈ আহে প্ৰাপ্তিৰ আনন্দ৷ “সংযুক্ত মুক্তি বাহিনী, অসম ” সংগঠনৰ সভাপতিৰ আসনৰ পৰা জেনেৰেল পৰেশ অসম (সভাপতি, উচ্চতম পৰিষদ সংযুক্ত মুক্তি বাহিনী, অসম সেনা প্ৰধান সংযুক্ত মুক্তি ফৌজ, অসম [স্বাধীন ) হেঁপাহৰ ভোগালীৰ এই শুভ…

প্ৰথম বৰ্ষতে এম বি বি এছৰ চূড়ান্ত পৰীক্ষাত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ কৃতিত্ব

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১৩ জানুৱাৰীঃ ৰাজ্যৰ স্বাস্থ্যখণ্ডত নতুন সংযোজনেৰে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত এম বি বি এছৰ পাঠ্যক্ৰম অন্তৰ্ভুক্তি কৰাৰ পিছত চলিত বৰ্ষৰ ১০ জানুৱাৰীত এম বি বি এছৰ প্ৰথম বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয়৷ শ্ৰীমন্ত শঙ্কৰদেৱ ইউনিভাছিটি অফ হেলথ চাইন্স এ ঘোষণা কৰা ফলাফলত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত অধ্যয়ন কৰা তিনি শিক্ষাৰ্থীয়ে অসমৰ ১০ টা স্থানৰ ভিতৰত স্থান দখল কৰিবলৈ সক্ষম হয় ৷ মুঠ ১০০ জন শিক্ষাৰ্থীয়ে চিকিৎসা মহাবিদ্যালয়খনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছত ইয়াৰে ৯৮ জনেই সুখ্যাতিৰে উত্তীৰ্ণ…

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More