আলফাৰ শিবিৰত ভয়ংকৰ বোমা আক্ৰমণ

0 31

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৮ জানুৱাৰীঃ “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” চমুকৈ আলফাৰ ম্যানমাৰস্থিত এটা চলমান শিবিৰত কালি ৭ জানুৱাৰীত তিনিবাৰকৈ ড্ৰোণৰ জড়িয়তে বোমাৰ আক্ৰমণ সংঘটিত হয় ৷ সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন] প্রচাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল অসমে এক বিবৃতিৰে জনোৱা মতে প্ৰথমটো বোমা আক্ৰমণ আবেলি ৪:১০ বজাত, দ্বিতীয়টো ৪:১২ বজাত আৰু তৃতীয়টো ৪:২০ বজাত সংঘটিত হয় যদিও তৃতীয়টো বিস্ফোৰিত নহোৱাৰ বিপৰীতে অন্য দুটা আক্ৰমণত আলফাৰ দুজন সদস্য সামান্যভাৱে আহত হয়৷ এই আক্ৰমণ ভাৰতে কৰা বুলি দাবী কৰি বিবৃতিটোত আলফাই কয়–ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰই দখলদাৰী বাহিনীৰ দ্বাৰা এনেদৰে সামৰিক অভিযানেৰে “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ নেতা, বিষয়া আৰু সদস্য/সদস্যা সকলক লক্ষ্য-উদ্দেশ্য আৰু আদৰ্শৰ পৰা বিচলিত কৰিব পাৰিম বুলি যদি ভাবিছে তেন্তে তেওঁলোকে আকাশত চাং পাতিছে ৷ “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠন এক প্ৰবাহমান ধাৰা আৰু ই ইয়াৰ লক্ষ্যত উপনীত নোহোৱালৈকে নিৰবিচ্ছিন্নভাৱে বৈ থাকিব৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More