নতুন পেঞ্চন নীতি বাতিলৰ দাবীত এদিনীয়া কৰ্ম বিৰতি সদৌ অসম চৰকাৰী এন. পি. এছ কৰ্মচাৰী সংস্থাৰ

0 84

শতাব্দ প্ৰতিনিধি,২০ জানুৱাৰীঃ নতুন পেঞ্চন নীতি বাতিল আৰু পুৰণি পেঞ্চন নীতি প্রৱর্তন কৰি ৰাজ্যখনৰ বৃহৎ সংখ্যক কৰ্মচাৰীক সকাহ প্রদান কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে সদৌ অসম চৰকাৰী এন. পি. এছ কৰ্মচাৰী সংস্থাই ।সেই উদ্দেশ্যে আজিৰ পৰা ৩১ জানুৱাৰী ২০২৪লৈকে এলানি গণ আন্দোলন কাৰ্যসূচী ঘোষণা কৰিছে। সদৌ অসম চৰকাৰী এন,পি,এছ কৰ্মচাৰী সংস্থাই ঘোষণা কৰা কাৰ্য্যসূচী মতে অসমৰ প্ৰতিখন জিলা, সদৰ ঠাইসমূহত এদিনীয়াকৈ কৰ্মবিৰতি পালন কৰি দিনৰ ১১ বজাৰ পৰা প্ৰতিবাদী সভা অনুষ্ঠিত কৰি জনপ্রতিনিধিসমূহক দাবী পত্ৰ প্ৰদান কৰিব।আগন্তুক ৩১ জানুৱাৰীত গুৱাহাটীত বিশাল গণ আন্দোলন কাৰ্য্যসূচী ৰূপায়ণেৰে আন্দোলনৰ সামৰণি মৰা আৰু সকলো কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে অসম হাইস্কুল শিক্ষক সংস্থাই পূর্ণ সমর্থন আগবঢ়াব বুলি জানিবলৈ দিয়ে। অসম হাইস্কুল শিক্ষক সংস্থাৰ সভাপতি সুনন্দ কলিতা, ৰাজ্যিক যুটীয়া সম্পাদক তৰুণ চন্দ্র নাথ আৰু ৰমেন দুৱৰাই অসম হাইস্কুল শিক্ষক সংস্থাৰ কার্যনির্বাহক বিষয়ববীয়া আৰু সদস্য-সদস্যা জিলা সভাপতি-সম্পাদক আৰু ৰাজ্যিক সদস্য-সদস্যাসকলক নিজ নিজ জিলা, উপ-জিলা, সদৰ ঠাইসমূহত সদৌ অসম চৰকাৰী এন,পি,এছ কৰ্মচাৰী সংস্থাৰ প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্রহণ কৰি সফল ৰূপায়ণ কৰিবলৈ আহ্বান জনায়।সেই মৰ্মেই আজি অসমৰ সকলোবোৰ বিদ্যালয়তেই বুকু আৰু মূৰত শ্লোগান সম্বলিত পোষ্টাৰ মাৰি শিক্ষকসকলে পাঠদান কৰাৰ লগতে অৱস্থান ধৰ্মঘটেৰে আন্দোলনৰ শুভাৰম্ভণী কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More