ভোগালী বিহুৰ উপলক্ষে পৰেশ বৰুৱাৰ শুভেচ্ছা 

0 49

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৩ জানুৱাৰীঃ  ভোগালী বিহু উপলক্ষে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই ৰাজ্যবাসীলৈ শুভেচ্ছা জনাইছে। এক ই মেইল বাৰ্তাত বৰুৱাই কয়–  অসমৰ থলগিৰি জাতি তথা সমাজ জীৱনৰ আয়ুসৰেখা কেউটি বিহু৷ বিগত বৰ্ষবোৰৰ দৰে এই বছৰো ঢেঁকীৰ মাতে ধৰণী কঁপাই আদৰি আনিছে কৃষিজীৱী চহা সমাজৰ হেঁপাহৰ ভোগালী বিহুটি; য’ত সংপৃক্ত হৈ আহে প্ৰাপ্তিৰ আনন্দ৷ “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ সভাপতিৰ আসনৰ পৰা জেনেৰেল পৰেশ অসম (সভাপতি, উচ্চতম পৰিষদ সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন] সেনা প্ৰধান সংযুক্ত মুক্তি ফৌজ, অসম [স্বাধীন ) হেঁপাহৰ ভোগালীৰ এই শুভ লগনত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে মান্যানুষাৰে সকলোকে বিহুৰ সেৱা আৰু ওলগ জনালোঁ৷ ভোগালী বিহুৰ নামত সম্প্ৰতি প্ৰচলিত হ’বলৈ ধৰা আমদানীকৃত সংস্কৃতিয়ে ছানি ধৰাৰ সময়ত কামনা কৰিছোঁ–জাতিটোৰ ভৱিষ্যৎ ৰক্ষাৰ স্বাৰ্থত, বিহু সংস্কৃতিৰ স্বকীয়তা আৰু থলগিৰিৰ ৰীতি-নীতি বৰ্তাই ৰখি জাতিটোৰ প্রাণস্পন্দন বিহুক ক্রমশঃ গ্রাস কৰি অহা অপসংস্কৃতিবোৰ আঁতৰাই সুস্থ চিন্তা, সচেতনতা আৰু স্বকীয়তা অটুট ৰাখি ভোগালীৰ হৰ্ষ-উলাহত নিজকে বিলাই দিওঁ, লগতে উঠি অহা চামক ভোগালীৰ প্রকৃত ৰূপ-ৰস পাণ কৰিবলৈ শিকাওঁ।

 

 

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More