ঢকুৱাখনাত ১১,১০৭ টা পৰিয়ালক নতুন ৰেচন কাৰ্ড বিতৰণ মন্ত্ৰী অতুল বৰাৰ

0 33

শতাব্দ ,লখিমপুৰ ১৮ জানুৱাৰীঃ ৭৭নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজি অসম চৰকাৰৰ কৃষি আৰু পশুপালন আৰু পশু চিকিৎসা ইত্যাদি বিভাগৰ মন্ত্ৰী তথা লক্ষীমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৩ ৰ অধীনত ৭৭নং ঢকুৱাখনা বিধানসভা সমষ্টিত আনুষ্ঠানিকভাৱে নতুন ৰেচন কাৰ্ড বিতৰণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। উল্লেখ্য যে সমগ্ৰ ৰাজ্যখনতে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা পৰিয়ালসমূহক যোৱা ১৬ জানুৱাৰীৰ পৰা ৰেচন কাৰ্ড প্ৰদান কৰি অহা হৈছে । ইয়াৰ অংশ হিচাপে ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিত মন্ত্ৰী বৰাৰ উপস্থিতিত আয়োজিত অনুষ্ঠানত সমষ্টিটোৰ ১১,১০৭ টা পৰিয়াললৈ নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰা হয় । আজিৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি মন্ত্ৰী বৰাই কয় যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত চৰকাৰে সৰ্বসাধাৰণৰ ভোক আৰু পুষ্টিহীনতা নিবাৰণৰ দ্বাৰা দেশত সামাজিক ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰিছে । খাদ্য সুৰক্ষা আইনৰ অধীনত অন্ত্যোদয়া অন্ন যোজনা কাৰ্ড আৰু অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়াল কাৰ্ডৰ জড়িয়তে পৰিয়ালে প্ৰতি মাহে ৩৫ কিল’গ্ৰামকৈ আৰু সদস্যই প্ৰতি মাহে ৫ কিল’গ্ৰামকৈ চাউল লাভ কৰে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অসমত এই চাউল সম্পূৰ্ণ বিনামূলীয়াকৈ উপলব্ধ আৰু প্ৰতি মাহৰ ১০ তাৰিখৰ ভিতৰত এই চাউল হিতাধিকাৰীসকলে লাভ কৰে । আনহাতে ৰেচন কাৰ্ড লাভ কৰা পৰিয়ালসমূহে আয়ুষ্মান আঁচনিৰ অধীনত বছৰি ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা আৰু উজ্জ্বলা আঁচনিৰ অধীনতো সুবিধা লাভ কৰিব পাৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।আনহাতে মহিলা সৱলীকৰণৰ এক দৃঢ় পদক্ষেপ হিচাপে আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যাক ১০,০০০ টকাকৈ দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । প্ৰণিধানযোগ্য যে সমগ্ৰ ৰাজ্যখনত নতুনকৈ প্ৰায় ৪০ লাখ হিতাধিকাৰীয়ে ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে । অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযান, ঢকুৱাখনাৰ খণ্ড প্ৰকল্প প্ৰবন্ধক বিজয় কৃষ্ণ কোঁচে আঁত ধৰা অনুষ্ঠানটিত আদৰণি ভাষণ প্ৰদান কৰে ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি অতিৰিক্ত আয়ুক্ত শ্রী কাৰ্তিক কলিতাই। আজিৰ এই অনুষ্ঠানত লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্রদান বৰুৱা, ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলে,লক্ষীমপুৰ জিলাৰ আয়ুক্ত গায়ত্রী হ্যালিংগে,লক্ষীমপুৰ জিলা পৰিষদৰ সভানেত্ৰী  মঞ্জু বৰগোঁহাই ,বিভিন্ন গন্য মান্য ব্যক্তি, হিতাধিকাৰী লগতে মহকুমা প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া, লক্ষীমপুৰে জনাইছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More