ধলপুৰত বনভোজ খাবলৈ গৈ ব্ৰহ্মপুত্ৰত ডুবিলঃ বাহন চি আৰ পি এফ জোৱানৰ কৰুণ মৃত্যু

কথমপি প্ৰাণ ৰক্ষা পত্নী-পুত্ৰৰ

0 44

 শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ২ ডিচেম্বৰঃ পহিলা জানুৱাৰীৰ দিনাই লুইতৰ চাপৰিত বনভোজ খাবলৈ গৈ অকালতে প্ৰাণ হেৰুৱালে ধলপুৰৰ বড়িগাঁৱৰ যুৱক তথা চি আৰ পি এফৰ জোৱান শ্ৰীমন্ত শইকীয়াই ৷ ঘটনাৰ বিৱৰণী অনুসৰি সোমবাৰে পহিলা জানুৱাৰী উপলক্ষে দিল্লীত কৰ্মৰত চি আৰ পি এফৰ জোৱান তথা ধলপুৰৰ যুৱক শ্ৰীমন্ত শইকীয়াই পৰিয়ালসহ ব্ৰহ্মপুত্ৰৰ চাপৰিত বনভোজ খাবলৈ যায়৷ পৰিয়ালটোৱে বনভোজ খাই ঘূৰি অহাৰ পথত ধলপুৰ জামুগুৰিৰ সমীপত তথা ব্ৰহ্মপুত্ৰ মথাউৰিৰ ওপৰেৰে গৃহাভিমুখে আহি থকাৰ পথত সন্ধিয়া জামুগুৰি ঘাটৰ সমীপত শইকীয়াৰ  বাহনখন [এচ এছ ০৭ ডব্লিউ ৭১৭০] দুৰ্ঘটনাত পতিত হয়৷ শ্ৰীমন্ত শইকীয়াই পত্নী পপী দাস, ভাই বোৱাৰীকে ধৰি দুই পুত্ৰ কন্যা আৰু এগৰাকী ভতিজাক গাড়ীত বহুৱাই লৈ বনভোজস্থলীৰ পৰা ব্ৰহ্মপুত্ৰৰ কাষেৰে আহি থকাৰ সময়তে বাহনখনৰ চকা নদীৰ গৰাৰ কাষত পৰা বাহনখন কেবাপাক ঘূৰি তলৰ পানীত পৰি যায়৷ স্থানীয় লোকে ততাতৈয়াকৈ বাহনখনত থকা লোকসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও চিটবেল্ট লগাই গাড়ী চালকৰ আসনত বহি থকা জোৱান শ্ৰীমন্ত শইকীয়াক জীৱন্তে উদ্ধাৰ কৰাত ব্যৰ্থ হয়৷ বনভোজ খাবলৈ যোৱা একাংশ লোকৰ লগতে স্থানীয় লোকে ততাতৈয়াকৈ এখন ট্ৰেক্টৰৰ সহায়ত বাহনখনত ৰছী লগাই শ্ৰীমন্ত শইকীয়াক উদ্ধাৰ কৰে যদিও ধলপুৰ চিকিৎসালয়ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে৷ ইফালে আজি পুৱাহে ধলপুৰ আৰক্ষীয়ে এখন ক্ৰেনৰ সহায়ত নদীৰ পৰা গাড়ীখন তুলি আনিবলৈ সক্ষম হয়৷ পহিলা জানুৱাৰীৰ দিনাই এনে হৃদয়বিদাৰক ঘটনা সংঘটিত হোৱাত সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More