অকিনাৱা : দীৰ্ঘায়ুৰ ৰহস্যময় দ্বীপ!

0 103

দাদুল দেৱকৃষ্ণ বৰুৱা

অকিনাৱা (Okinawa)। জাপানৰ পঞ্চম বৃহত্তম দ্বীপভূমি। আয়তনত সৰু। জনসংখ্যাও কম। কিন্তু প্রশান্ত মহাসাগাৰীয় এই দ্বীপভূমিতেই আছে মানুহৰ দীর্ঘ জীৱনৰ ৰহস্য। ইয়াতেই আছে পৃথিৱীৰ ভিতৰত সকলোতকৈ বেছি শতায়ুপ্ৰাপ্ত লোক। প্রতি ১ লাখ জনসংখ্যাৰ ভিতৰত শতায়ু লাভ কৰে ৬৮ জনে। প্রায় ডেৰশ দ্বীপৰ সমষ্টি অকিনৱা। এই দ্বীপবোৰত বসবাসকাৰী মানুহ কেৱল জাপানেই নহয়, পৃথিৱীৰ অন্য যিকোনো অঞ্চলৰ মানুহতকৈ বেছিদিন বাচি থাকে। আনুপাতিক হাৰত ইয়াতেই সকলোতকৈ বেছিসংখ্যক শতবর্ষীয় মানুহ আছে। তেওঁলোকৰ দীর্ঘ জীৱনৰ ৰহস্য কি? ব্লু জ’ন বা নীল মণ্ডল বিষয়ক দ্বিতীয়টো লেখাত আজি আগবঢ়োৱা হৈছে অকিনৱা সম্পৰ্কে এক সংক্ষিপ্ত আলোচনা।

  •  যৌৱন ধৰি ৰখাৰ অমৃত সুধা
    যৌৱন ধৰি ৰখাৰ পৰশমণি কি, তাৰ অনুসন্ধানত বিভিন্ন দেশ-মহাদেশলৈ ধাপলি মেলিছে বিভিন্ন সময়ত গৱেষকসকল। এই অনুসন্ধান জাপানৰ অকিনাৱা দ্বীপত গৈ থমকিছে। পূব চীন সাগৰ এলেকাত এই দ্বীপৰ অৱস্থান। দ্বীপটোৰ বাসিন্দাসকলে পৃথিৱীৰ যিকোনো অঞ্চলৰ মানুহতকৈ দীর্ঘজীৱন লাভ কৰে। কেৱল সেয়াই নহয়, গোটেই জীৱন ধৰি তেওঁলোকে অবিশ্বাস্যভাৱে সুস্বাস্থ্যকৰ জীৱন যাপন কৰে।

শত বছৰ বাচি থকাৰ আশা অনেক মানুহেই কৰে। এই ক্ষেত্রত অকিনাৱা দ্বীপৰ বাসিন্দাসকল যিকোনো অঞ্চলৰ মানুহতকৈ আগত। গৱেষণাত দেখা গৈছে যে, অকিনাৱাত প্রতি লাখত অন্ততঃ ৬৮ জনে শতবর্ষী হোৱাৰ মাইলফলক স্পর্শ কৰে। এই পৰিসংখ্যাটো প্রতি লাখত আমেৰিকাত যিমান জন শতবর্ষী হয় তাৰ তুলনাত অন্ততঃ তিনগুণ বেছি। কেৱল সেয়াই নহয়, জাপানৰ অন্যান্য এলেকাৰ মানুহতকৈয়ো এই অঞ্চলৰ মানুহ শতবর্ষী হোৱাৰ সম্ভাৱনা ৪০ শতাংশ বেছি।

  • গৱেষকৰ পর্যবেক্ষণ
    অকিনাৱা দ্বীপৰ বাসিন্দাসকলৰ দীর্ঘ জীৱনৰ ৰহস্য জানিবৰ বাবে গৱেষকসকলে বিগত কেইবা দশকধৰি অনুসন্ধান চলাই আহিছে। এই অনুসন্ধান চলিছে তেওঁলোকৰ জিনৰ গঠন আৰু দৈনন্দিন জীৱন যাপনকে নিবিড়ভাৱে পর্যবেক্ষণ কৰি। অনুসন্ধানত এক চমকপ্রদ তথ্য পাইছে গৱেষকসকলে। তেওঁলোকে প্ৰত্যক্ষ কৰিছে যে, অকিনাৱাবাসীয়ে খাদ্যৰ লগত যি আমিষ গ্রহণ কৰে তাত উচ্চমাত্রাত কার্বহাইড্রেট বা শর্কৰাজাতীয় উপাদানৰ উপস্থিতি আছে। আৰু তেওঁলোকৰ বেছিভাগ কেলৰিৰ মূল উৎস হৈছে মিঠা আলু। গৱেষক দলৰ অন্যতম সদস্য হ’ল চামান্থা চলোন-বিয়েত। তেওঁ অষ্ট্ৰেলিয়াৰ ইউনিভার্চিটি অব চিডনীত পুষ্টি আৰু বার্ধক্য বিষয়ে গৱেষণা কার্যক্রম পৰিচালনা কৰি আহিছে। অকিনাৱা দ্বীপৰ বাসিন্দাসকলৰ খাদ্যাভ্যাস সম্পর্কে চামান্থাই কয় যে, বর্তমান আমিষৰ উৎস হিচাপে বিশ্বত যি ধৰণৰ খাদ্যসমূহ প্রচলিত, অকিনাৱা দ্বীপৰ ক্ষেত্রত সেয়া কিছু ভিন্ন।
  •  শর্কৰা আৰু আমিষৰ অনুপাত
    অকিনাৱা দ্বীপৰ আৱাসীসকলৰ খাদ্যত শর্কৰা আৰু প্র’টিনৰ অনুপাত যথাক্রমে ১০:১। এয়াই কি তেন্তে তেওঁলোকৰ দীর্ঘ জীৱনৰ ৰহস্য? যদিও এই তথ্যৰ ওপৰত ভিত্তি কৰি দীর্ঘজীৱন প্রত্যাশীসকলক জীৱনযাত্রাত পৰিৱর্তন অনাৰ পৰামর্শ খুব বেছি ততাতৈয়াকৈ দিয়া যেন লাগিলেও এই লৈ বেছ কিছু গৱেষণা আৰু বিভিন্ন প্রাণীৰ ওপৰত পৰীক্ষা-নিৰীক্ষাত এই বিষয়টোৱে বেছ গুৰুত্ব পাইছে। এইসমূহ গৱেষণা অনুযায়ী, কম আমিষ আৰু উচ্চ শর্কৰাৰ খাদ্যই বিভিন্ন শাৰীৰিক প্রতিক্রিয়াৰ সৃষ্টি কৰে, যি বার্ধক্যজনিত ৰোগবোৰৰ ক্ষেত্রত কার্যকৰী ভূমিকা লয়। বিশেষকৈ কেন্সাৰ, হৃদৰোগ আৰু এলজেইমাৰৰ দৰে কঠিন ৰোগবোৰৰ বিৰুদ্ধে শক্তিশালী ভূমিকা লয়। এই ক্ষেত্রত খাদ্যত আমিষ আৰু শর্কৰাৰ অকিনাৱান অনুপাতে অনুকূল খাদ্য তালিকাৰ ভিতৰ ভাৰসাম্য সৃষ্টি কৰিব পাৰে।1650857738681
  •  অকিনাৱা চেন্টাৰিয়ান ষ্টাডি
    দীর্ঘ জীৱনৰ ৰহস্য সম্পর্কিত গৱেষণাৰ বেছিভাগ তথ্যই আহিছে ‘অকিনাৱা চেন্টাৰিয়ান ষ্টাডি’ (অ’চিএছ)ৰ পৰা। ১৯৭৫ চনৰ পৰা এই প্রতিষ্ঠানটোৱে বয়স্ক মানুহৰ স্বাস্থ্যৰ বিষয়ত নানা অনুসন্ধান কার্যক্রম পৰিচালনা কৰিছে। অকিনাৱা অঞ্চলত থকা প্রায় ডেৰশটা দ্বীপৰ বাসিন্দাসকলৰ ওপৰত নানা ধৰণৰ পৰীক্ষা-নিৰীক্ষা কৰিছে এই প্ৰতিষ্ঠানটোৱে। ২০১৬ চনলৈকে প্রতিষ্ঠানটোৱে অকিনাৱা অঞ্চলৰ শত বছৰীয়া মাইলফলক স্পৰ্শ কৰা ১০০০ মানুহৰ ওপৰত গৱেষণা কৰিছে। লাহে লাহে মৃত্যুৰ ওচৰ চপা অকিনাৱাৰ শতবর্ষীয় ব্যক্তিসকলে বয়স্ক হোৱাৰ স্বাভাৱিক প্রভাৱবোৰক বিলম্বিত কৰিবলৈ বহুখিনি সক্ষম হৈছে। এইসকল শতবর্ষীৰ দুই-তৃতীয়াংশই ৯৭ বছৰ বয়সপর্যন্ত নির্ভেজাল ৰোগমুক্ত জীৱন যাপন কৰিছে। অর্থাৎ এই বয়সপর্যন্ত বার্ধক্যজনিত ৰোগবোৰক তেওঁলোকে ওচৰ চাপিবলৈ দিয়া নাই। যদিও এই বয়সৰ অন্যান্য অঞ্চলৰ লোকে বার্ধক্যজনিত নানা সমস্যাৰ মোকাবিলা কৰিবলগীয়া হয়। ১০০ বছৰ পাৰ কৰা অকিনাৱাৰ বেছিভাগ মানুহেই হৃদৰোগৰ পৰাও মুক্ত আছিল। অবিশ্বাস্যভাৱে তেওঁলোকৰ ধমনিত কোনো কেলক্লিফিক ফলকৰ সৃষ্টি হোৱা নাই, যি হৃদৰোগৰ অন্যতম প্রধান কাৰণ। অন্যান্য অঞ্চলতকৈ অকিনাৱাৰ শতবর্ষী ব্যক্তিসকলৰ ভিতৰত কেন্সাৰ, ডায়াবেটিচ আৰু ডিমেনচিয়াৰ লক্ষণো উল্লেখযোগ্য মাত্রাত কম।
  •  জেনেটিক গঠনৰ ভূমিকা
    বার্ধক্যজনিত বিভিন্ন ফলাফলৰ ভিত্তিত এটা কথা কোৱা যায় যে, অকিনাৱাৰ জনগোষ্ঠীয়ে এক বিশেষ বৈশিষ্ট্য ধাৰণ কৰি আছে। কিন্তু তেওঁলোকৰ দীর্ঘজীৱনৰ বাবে কোনটো ফলাফল বিশেষ গুৰুত্ব দিব পৰা যায়? জিনগত বৈশিষ্ট্য এইক্ষেত্রত এক গুৰুত্বপূর্ণ কাৰণ হ’ব পাৰে। ইয়াৰ বাবে অকিনাৱা দ্বীপাঞ্চলৰ ভৌগোলিক অৱস্থানক কৃতিত্ব দিব লাগিবই। ঐতিহাসিক কাৰণত অকিনাৱাৰ মানুহ দীর্ঘ সময় বিচ্ছিন্ন অৱস্থাত আছে। এই বিচ্ছিন্নতাই হয়তো তেওঁলোকক ব্যতিক্রম জিনগত বৈশিষ্ট্য দিছে। প্রাথমিক গৱেষণাত দেখা গৈছে, তেওঁলোকৰ জিনত ক্ষতিকৰ বৈশিষ্ট্যৰ উপস্থিতি কম। ইয়াৰ ভিতৰত API-4-ৰ কথা উল্লেখ কৰিব পাৰি। হৃদৰোগ আৰু আলঝেইমাৰৰ অন্যতম প্রধান কাৰণ এই জিনগত বৈশিষ্ট্যটো অকিনাৱানসকলৰ জিনৰ গঠনত নাই বুলিলেও হয়। তদুপৰি তেওঁলোকৰ জিনত AFOXO-3 নামৰ এটা প্রতিৰক্ষামূলক বৈশিষ্ট্য দেখা গৈছে, যি বিপাক নিয়ন্ত্রণ আৰু কোষৰ সংখ্যা বৃদ্ধিত গুৰুত্বপূর্ণ ভূমিকা লয়। ইয়াৰ উপৰি ই কেন্সাৰসহ বার্ধক্যজনিত ৰোগৰ পৰাও দূৰত ৰাখে। তদুপৰি অকিনাৱাবাসীৰ দীর্ঘজীৱনৰ ৰহস্যৰ ক্ষেত্রত তেওঁলোকৰ ভাল জিনগত বৈশিষ্ট্যক এককভাৱে কৃতিত্ব দিয়া নাযায়, বৰং তেওঁলোকৰ জীৱনযাত্রায়ো এইক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা লয়।
  •  সামাজিক বন্ধন
    ‘অকিনাৱা চেন্টাৰিয়ান ষ্টাডি’ (OCS)-ৰ অনুসন্ধানত এইটোও দেখা গৈছে যে, অন্যান্য অঞ্চলৰ মানুহৰ দৰে অকিনাৱাৰ মানুহৰ মাজত ধূমপানৰ অভ্যাস কম আৰু তেওঁলোকে কৃষিকাৰ্য আৰু মাছ ধৰাৰ দৰে অন্য শাৰীৰিক কামবোৰত প্রচুৰ সময় ব্যয় কৰে। শাৰীৰিকভাৱে অকিনাৱাৰ সকলোৱেই খুব কর্মঠ। এই অঞ্চলৰ মানৱ সমাজ ভীষণ ৰক্ষণশীল। ফলত এই সমাজত থকা মানুহ বৃদ্ধ বয়সতো সক্রিয় সামাজিক জীৱন যাপন কৰে। সামাজিক বন্ধনে শাৰীৰিক অন্তৰায় আঁতৰাই সুস্বাস্থ্যকৰ জীৱন কটাবলৈ মানুহক উদ্বুদ্ধ কৰে। গৱেষকসকলে দাবী কৰে যে, প্রতিদিনে ১৫টি চিগাৰেট সেৱন কৰাতকৈয়ো বেছি ক্ষতিকৰ ‘একাকীত্ব’।
  •  অকিনাৱান খাদ্যাভ্যাস
    সকলোবোৰ আঁতৰাই গৱেষকসকলে অকিনাৱানসকলৰ খাদ্যাভ্যাসক আগত ৰাখিছে তেওঁলোকৰ সুস্বাস্থ্যকৰ বার্ধক্যৰ কাৰণ হিচাপে। এছিয়াৰ অন্যান্য অঞ্চলৰ প্রধান খাদ্য ভাত হ’লেও অকিনাৱাত তেনে নহয়। তেওঁলোকৰ খাদ্যৰ সকলোতকৈ উল্লেখযোগ্য উপাদান হ’ল মিঠা আলু। সপ্তদশ শতিকাত এই ফচলবিধ প্রথমবাৰৰ বাবে অকিনাৱা পায়গৈ। নেদাৰলেণ্ডছৰ বণিকসকলে বাণিজ্য কৰিবলৈ এই আলু অকিনাৱালৈ লৈ গৈছিল ৪০০ বছৰ আগেয়ে। অকিনাৱাবাসীৰ খাদ্য-তালিকাৰ এক বৃহৎ অংশজুৰি আছে সেউজীয়া আৰু হালধীয়া শাক-পাচলি। এইবোৰৰ ভিতৰত কেৰেলা আৰু চয়াজাতীয় পণ্য উল্লেখযোগ্য। তদুপৰি তেওঁলোকে গাহৰিৰ মাংস, মাছ আৰু অন্যান্য প্রাণীজ মাংস গ্রহণ কৰে। অৱশ্যে মাংস তেওঁলোকৰ সামগ্রিক খাদ্য তালিকাত খুব কম অংশজুৰি থাকে। তেওঁলোকৰ প্রধান খাদ্য মূলতঃ উদ্ভিদজাত উপাদানৰ পৰা আহে। উদ্ভিজাত হোৱা বাবেই অকিনাৱাবাসীৰ খাদ্য তালিকাত কেলৰিৰ মাত্রা কমকৈ থাকে আৰু প্রয়োজনীয় ভিটামিন আৰু খনিজ উপাদানৰ উপৰি এন্টি অক্সিডেন্টৰ প্রাচুর্য থাকে। বিশেষকৈ অতীতত যেতিয়া ফাষ্টফুড এই দ্বীপাঞ্চলত প্রচলিত হোৱা নাছিল তেতিয়া পৈণত বয়সীয়াসকলৰ খাদ্যত অন্যান্য এলেকাৰ মানুহতকৈ গড়ে অন্ততঃ ১১ শতাংশ কম কেলৰি থাকে। এই কাৰণে কিছু কিছু বিজ্ঞানীয়ে বিশ্বাস কৰে যে, খাদ্যাভ্যাসৰ মাধ্যমেৰে জীৱনীশক্তি বঢ়োৱাৰ ক্ষেত্রত অকিনাৱাৰ মানুহৰ মাজত এক বিশেষ বৈশিষ্ট্য হ’ল কম কেলৰিযুক্ত খাদ্য গ্রহণ। ১৯৩০ৰ পৰা ডাক্তৰ আৰু বিজ্ঞানীসকলৰ মাজত এই বিষয়টি লৈ নানা বিতর্ক অনুষ্ঠিত হৈছে য’ত কোৱা হৈছে যে, অবিচ্ছিন্নভাৱে মানুহে যি কেলৰি বা শক্তি গ্রহণ কৰে সেয়া সীমিত কৰিলে বা নিয়ন্ত্রিত ব্যৱহাৰৰ যোগেদি স্থূলতা কমোৱাৰ লগতে বার্ধক্য প্রক্রিয়াও হ্রাস কৰাটো সম্ভৱ। এই বিষয়ক আলোচনা বেছ দীঘলীয়া হয়। সেয়ে ইয়াত সকলো কথা সামৰিব বিচৰা নাই। তদুপৰি আছে ‘ইকিগাই’ৰ কথা। সেইবোৰ কেতিয়াবা সুকীয়াকৈ আলোচনা কৰা হ’ব।

বিজ্ঞানীসকলে কয় যে, অকিনৱানসকলৰ দীৰ্ঘ আৰু নিৰোগী জীৱনৰ মূল ৰহস্য আছে তেওঁলোকৰ খাদ্যাভ্যাসতে। এওঁলোকৰ খাদ্য ভিটামিন, খনিজ আৰু এন্টি অক্সিডেন্ট সমৃদ্ধ। কিন্তু কেলৰি কম। নির্দিষ্টভাৱে কি থাকে অকিনাৱাবাসীৰ খাদ্য তালিকাত? তেওঁলোকৰ খাদ্যত থাকে ৫৮ৰ পৰা ৬০ শতাংশ শাক-পাচলি। সেইবোৰৰ ভিতৰত মিঠা আলু, সামুদ্রিক উদ্ভিদ, বাঁহৰ গাজ, মূলা, তৰমূজ, বন্ধাকবি, গাজৰ, কোমোৰা, কেঁচা অমিতা আৰু জিকা আদিয়েই প্ৰধান। দানা শস্য থাকে ৩৩ শতাংশ— বাজৰা, গম, চাউল আৰু নুডলচ। চয়া ফুড থাকে ৫ শতাংশ। মাংস আৰু সামুদ্রিক খাদ্য থাকে ১ৰ পৰা ২ শতাংশ — বগা ৰঙৰ মাছ, সামুদ্রিক মাছ, গাহৰিৰ মাংস। অন্যান্য খাদ্য থাকে ১ শতাংশ— এলকহল , চাহ, হালধি, মছলা, যিমান মন যায় সিমান জেচমিন টি।

কেৱল খাদ্যই নহয়, অকিনাৱানসকলে চাপমুক্ত প্ৰাত্যহিক জীৱন অতিবাহিত কৰে। তেওঁলোকে ভাল পায় আনন্দমুখৰ হৈ থাকিবলৈ। অকিনৱানৰ সুবিমল প্ৰাকৃতিক পৰিৱেশৰ মাজত তেওঁলোকে যেন গঢ়ি লৈছে মৰ্ত্যৰ অমৰাৱতী— য’ত সদা গুঞ্জৰিত হয় সুস্বাস্থ্য আৰু দীৰ্ঘজীৱনৰ মহামন্ত্ৰ !

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More