অগপৰ অভিনন্দন অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

0 7

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৮ মে’ : বিগত এবছৰীয়া কাৰ্যকাল বিজেপি মিত্রজোঁটৰ চৰকাৰখনৰ বাবে ৰাজনৈতিকভাৱে সোণোৱালী যাত্রা আছিল। এই এবছৰীয়া কাৰ্যকালত কীৰ্তি স্থাপন হৈছে।- এই মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ। দেওবাৰে মিত্রদল অগপৰ গুৱাহাটীৰ আমবাৰীস্থ মুখ্য কাৰ্যালয়ত আয়োজন কৰা অভিনন্দন অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্রীয়ে এইদৰে কয়। উল্লেখ যে ১০ মে’ত বিজেপি মিত্রজোঁটৰ চৰকাৰখনৰ এবছৰ হ’ব আৰু এই এবছৰীয়া কাৰ্যকালক মুখ্যমন্ত্রীয়ে ৰাজনৈতিকভাৱে সোণোৱালী যাত্রা বুলি অভিহিত কৰে। বিগত এবছৰত হোৱা প্ৰতিটো নিৰ্বাচনতে বিজেপি মিত্রদলে লাভ কৰা অভূতপূৰ্ব সফলতাৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে বিজেপি মিত্রজোঁটৰ ভোট বিভাজন হোৱা নাই। ভোট বিভাজন হৈছে বিৰোধীৰ। বৰং বিজেপি মিত্রজোঁটৰ ভোটৰ হাৰ বৃদ্ধি হৈছে। তেওঁ কয় যে বিজেপি মিত্রজোঁটৰ ৰাজনৈতিক সমৰ্থন বৃদ্ধি পাইছে আৰু ৰাজনৈতিক প্ৰতিদ্বন্দ্বী নোহোৱা হৈছে। ৰাইজে আস্থা আৰু বিশ্বাসত লোৱাৰ লগে লগে দায়বদ্ধতা বৃদ্ধি পাইছে বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাইজৰ মৰমে দায়িত্ব বঢ়ায়। তেওঁ লগতে কয় যে ৰাইজৰ আশা-আকাংক্ষা পূৰণ কৰিব নোৱাৰিলে কেতিয়াও ৰাজনৈতিক ভৱিষ্যৎ নাথাকে। ক্ষমতাৰ শীৰ্ষৰ পৰা তললৈ নামিবলৈ বেছি সময় নালাগে। বিজেপি মিত্রজোঁটে ৰাইজৰ প্ৰতিবিম্ব সন্মূখত ৰাখি সেৱাৰ মনোভাৱেৰে কাম কৰিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে বৰ্ত্তমানলৈকে আমি কৰা কামত ৰাইজ সন্তুষ্ট। ৰাইজে আৰু বহু বেছি আশা কৰে আৰু সেই আশা আমি পূৰণ কৰিব লাগিব বুলি তেওঁ কয়। তেওঁ দলকো শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে আৰু এইক্ষেত্রত কাৰ্যকৰ্তা নিৰ্মাণ, কাৰ্যসূচী গ্ৰহণ, কাৰ্যালয় নিৰ্মাণ আৰু কোষ গঠনৰ প্ৰসংগ উল্লেখ কৰে। অনুষ্ঠানত পৌৰ সভা আৰু পৌৰ নিগমৰ নিৰ্বাচনত জয়ী হোৱা অগপৰ প্ৰাৰ্থীসকলক অভিনন্দন জনোৱা হয়। অগপ সভাপতি তথা মন্ত্রী অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত দলৰ লগতে দলৰ আন ভাতৃ-ভগ্নী সংগঠনৰ তৰফৰ পৰা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক উষ্ম আদৰণি জনোৱা হয়। ভাষণ প্ৰসংগত মন্ত্রী অতুল বৰাই কয় যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত উন্নয়ন আৰু বিকাশৰ শক্তিশালী ধাৰা বৈছে। তেওঁ মুখ্যমন্ত্রীক প্ৰশংসাৰে উপচাই পেলাই কয় যে মুখ্যমন্ত্রীয়ে কৰ্মসংস্কৃতিৰ নজিৰবিহীন নিদৰ্শন দাঙি ধৰিছে। আনহাতে অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্রী কেশৱ মহন্তই কয় যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ ভাগ্য নিৰ্ণয় কৰিবলৈ আগবাঢ়িছে। অনুষ্ঠানত বিধায়ক তৰংগ গগৈৰ উপৰি অগপৰ ভালেসংখ্যক নেতা উপস্থিত আছিল

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More