‘অগ্নিবীৰ’ৰ প্ৰতিবাদত নিয়ম শিথিল চৰকাৰৰ 

বয়সৰ উচ্চ সীমা ২১ৰ পৰা ২৩ লৈ বৃদ্ধি

0 12

নতুন দিল্লী. ১৭ জুনঃ কেন্দ্ৰীয় চৰকাৰে পূর্বে চাৰি বছৰৰ চুক্তিৰে অগ্নিপথ প্রকল্পত ১৮ৰ পৰা ২১ বছৰ বয়সৰ যুৱক-যুৱতীক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছিল।ফলত বিহাৰৰ পৰা গুৰুগ্ৰামলৈকৈ  প্ৰতিবাদত দেশ উত্তাল হৈ পৰে। এনে অৱস্থাত সেই প্ৰকল্পত নিযুক্তিৰ বাবে বয়সৰ সীমা বৃদ্ধি পাইছে। আবেদনৰ বয়স ২১ বছৰৰ পৰা ২৩ বছৰলৈ বৃদ্ধি কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ এক বিবৃতিত প্ৰকাশ যে যোৱা দুবছৰত সেনাবাহিনীত নিযুক্তি দিয়াটো সম্ভৱ হোৱা নাছিল। এই বিষয়টোৰ প্ৰতি চৰকাৰ যথেষ্ট সচেতন। গতিকে ২০২২ চনত প্ৰস্তাৱিত অগ্নিপথ প্ৰকল্পত নিযুক্তিৰ ক্ষেত্ৰত এককালীন ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। নিযুক্তিৰ ক্ষেত্ৰত উচ্চ বয়সৰ সীমা ২৩ বছৰলৈ বৃদ্ধি কৰা হৈছে।ইয়াৰ পূৰ্বে কেন্দ্ৰই চাৰি বছৰৰ চুক্তিৰে ১৮ৰ পৰা ২১ বছৰ বয়সৰ লোকক সেনাবাহিনীত নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছিল। চৰকাৰে এই প্ৰকল্পটোৰ নাম অগ্নিপথ ৰাখিছিল। চুক্তিৰ আধাৰত সেনা নিযুক্তিৰ বিৰুদ্ধে বিহাৰকে ধৰি দেশৰ কেইবাটাও প্ৰান্তত প্ৰতিবাদৰ হয়। বিহাৰত প্ৰতিবাদৰ সময়ত বিজেপিৰ কাৰ্যালয়তো জুই জ্বলাই দিয়া হয়। বিজেপিৰ এজন বিধায়কৰ গাড়ীত ইটা নিক্ষেপ কৰাৰো অভিযোগ উঠিছে। চাপৰাত জুই জ্বলাই দিয়া হৈছিল এখন ৰে’লত। এনে অৱস্থাত কেন্দ্ৰই নিয়ম শিথিল কৰিবলৈ বাধ্য হয়।উল্লেখযোগ্য যে যোৱা মঙলবাৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অগ্নিপথ প্ৰকল্পৰ কথা ঘোষণা কৰিছিল। এই প্ৰকল্পৰ অধীনত ১৮-২১ বছৰীয়া লোকে চাৰি বছৰৰ বাবে মাহেকীয়া ৩০-৪৫ হাজাৰ টকাৰ চুক্তিৰে সশস্ত্ৰ বাহিনীৰ তিনিটা শাখাত (স্থল, নৌসেনা আৰু বায়ুসেনা) যোগদান কৰিব পাৰিব। তেওঁলোকৰ নাম হ’ব ‘অগ্নিবীৰ’। চতুৰ্থ বছৰৰ শেষলৈকে সেই বেটচৰ সৰ্বাধিক ২৫ শতাংশ যুৱকক সেনাবাহিনীত খালী হোৱা পদ আৰু অৰ্হতাৰ ভিত্তিত অন্তৰ্ভুক্ত কৰা হ’ব। বাকী ১১-১২ লাখ টকা অৱসৰৰ সময়ত নগদ ধন প্ৰদান কৰা হ’ব।এই ব্যৱস্থাত পেঞ্চন নাথাকিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More