অচিৰেই মুকলি হ’ব মাজুলীৰ আয়ুৰ্বেদিক চিকিৎসালয়

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ  পৰিদৰ্শন

0 54

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩ জুন : WhatsApp Image 2023 06 03 at 7.53.50 PMমাজুলীত নৱনিৰ্মিত আয়ুৰ্বেদিক চিকিৎসালয়খন অতি সোনকালে মুকলি কৰিব ৰাজ্য চৰকাৰে। উজনি মাজুলীৰ ফুলনিৰ সমীপৱৰ্তী শ্ৰীৰাম দেৱোত্তৰত নিৰ্মাণ কৰা ৫০ খন বিছনাযুক্ত মাজুলী আয়ুৰ্বেদিক চিকিৎসালয়খন বাবে আজি পৰিদৰ্শন কৰি স্থানীয় সাংবাদিক তথা ৰাইজৰ আগত এই কথা ঘোষণা কৰে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই। স্বাস্থ্যমন্ত্ৰী মহন্তই শনিবাৰে আগবেলা মাজুলীৰ বিধায়ক ভুবন গামক লগত লৈ শ‌্ৰীৰাম দেৱোত্তৰত উপস্থিত হৈ নৱনিৰ্মিত আয়ুৰ্বেদিক চিকিৎসালয়খনৰ আন্তঃগাঁথনি পৰিদৰ্শনৰ লগতে উদ্বোধন পূৰ্বৰ অন্তিম প্ৰস্তুতিৰ বুজ লয়। চিকিৎসালয়খনৰ লেবৰেটৰী, ক্লিনিকেল লেবৰেটৰী, মেডিচিন ষ্টোৰ ৰোম, ৱাৰ্ড, কেবিন আদি চাক্ষুক পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খন উদ্বোধনৰ বাবে সাজু হৈ উঠিছে নে নাই, সেই বিষয়ত আশ্বস্ত হয়। বিভাগীয় মন্ত্ৰীগৰাকীৰ পৰিদৰ্শনৰ সময়ত মাজুলীৰ জিলা আয়ুক্ত (উপায়ুক্ত) কাবেৰী শৰ্মা, ৰাজ্যৰ আয়ুষ সঞ্চালিকা পমী বৰুৱা, মাজুলীৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ এল এন দেউৰীও উপস্থিত থাকে। পাছত মন্ত্ৰী মহন্তই স্থানীয় বিধায়ক, জিলা আয়ুক্ত, আয়ুষ সঞ্চালিকা, জিলা স্বাস্থ্যসেৱা সঞ্চালকৰ লগত চিকিৎসালয়খন শীঘ্ৰে ৰাইজৰ সেৱাত মুকলি কৰাৰ বিষয়ে আলোচনা কৰে। চিকিৎসালয়খন পৰিদৰ্শনৰ পাছত স্থানীয় সাংবাদিকৰে মত বিনিময় কৰি স্বাস্থ্যমন্ত্ৰী মহন্তই কয়, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আয়ুৰ্বেদিক চিকিৎসাকে ধৰি প্ৰাচীন ভাৰতীয় পৰম্পৰাগত চিকিৎসা পদ্ধতিক ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো প্ৰতিষ্ঠা কৰি দেশ-বিদেশত জনপ্ৰিয় কৰি তুলিছে। যোগাভ্যাসক বিশ্বজনীন কৰি প্ৰতিবছৰে ২১ জুনত বিশ্বজুৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰাটো সম্ভৱ কৰি তুলিলে৷ প্ৰধানমন্ত্ৰীগৰাকীৰ মাৰ্গদৰ্শনত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু আয়ুষ মন্ত্ৰালয়ে এতিয়া দেশত আধুনিক আৰু পৰম্পৰাগত ভাৰতীয় চিকিৎসা পদ্ধতিৰ দুয়োটা ব্যৱস্থাকে সমন্বিত চিকিৎসা পদ্ধতি ৰূপে একত্ৰ কৰি জনসাধাৰণৰ বাবে যথোপযুক্ত চিকিৎসা সেৱা উপলব্ধ কৰোৱাৰ উদ্যোগ লৈছে। অসমতো আমি এই দুয়োটা চিকিৎসা পদ্ধতিক সমানে গুৰুত্ব দি ৰোগীৰ চিকিৎসা প্ৰয়োজনীয়তা পূৰণত সফল প্ৰয়োগৰ বাবে ব্যৱস্থা লৈছো। মাজুলী আয়ুৰ্বেদিক চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে সম্পূৰ্ণ হৈছে। অতি কম দিনৰ ভিতৰতে এই চিকিৎসালয়খন ৰাইজক চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে মুকলি কৰাৰ বাবে আমি প্ৰস্তুতি চলাইছো।’ ৫০খন বিচনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয়খনত শেহতীয়াকৈ ৬৫ গৰাকী চিকিৎসক আৰু স্বাস্থ্যকৰ্মীক নিযুক্তি দিয়া হৈছে বুলিও তেওঁ সদৰি কৰে। ইয়াৰে ৪৩ জনে ইতিমধ্যে যোগদানো কৰিছে। অৱশিষ্ট সকলে ৬ জুনৰ ভিতৰতে যোগদান কৰিব বুলি স্বাস্থ্যমন্ত্ৰী মহন্তই উল্লেখ কৰে৷ নৱনিৰ্মিত আয়ুৰ্বেদিক চিকিৎসালয়খনত পুৰুষ কক্ষত ২০খন, মহিলা কক্ষত ২০খন বিচনাৰ লগতে ১০ টা কেবিন উপলব্ধ হ’ব ৷ বহিঃ ৰোগী চিকিৎসা সেৱাৰ লগতে আয়ুৰ্বেদিক চিকিৎসাৰ পঞ্চকৰ্মা থেৰাপী, যোগাভ্যাস, প্ৰাকৃতিক চিকিৎসা আদিৰো সুব্যৱস্থা থাকিব চিকিৎসালয়খনত৷ আনহাতে মাজুলীৰ এই চিকিৎসালয়খনৰ লগতে দুধনৈত নিৰ্মিত আয়ুৰ্বেদিক চিকিৎসালয়খনো শীঘ্ৰে শুভাৰম্ভ কৰা হ’ব বুলি বিভাগীয় মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More