অত্যাধুনিক হ’ব দেশৰ ১৪৫০০খন বিদ্যালয়

পি এম শ্ৰী' আঁচনিত অনুমোদন মোদী কেবিনেটৰ

0 21
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ ছেপ্টেম্বৰ : কালি ৭ ছেপ্টেম্বৰ বুধবাৰে কেন্দ্ৰীয় কেবিনেটে ‘প্ৰধানমন্ত্ৰী স্কুল ফৰ ৰাইজিং ইণ্ডিয়া’ বা PMSRI প্ৰকল্পত অনুমোদন জনায়। এই আঁচনিৰ অধীনত সমগ্ৰ দেশৰ প্ৰায় ১৪,৫০০খন বিদ্যালয়ক পি এম-শ্ৰী বিদ্যালয় হিচাপে উন্নীত কৰা হ’ব। এই বিষয়ে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে কয়— “শিক্ষা সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। ইতিমধ্যে সমগ্ৰ শিক্ষা অভিযানৰ অধীনত ২.৯৪ কোটি টকা অনুমোদন কৰা হৈছে। কেন্দ্রীয় কেবিনেটে আজি প্রধানমন্ত্রী-শ্ৰী আঁচনিত অনুমোদন জনায়৷” কেন্দ্রীয় শিক্ষামন্ত্রী ধৰ্মেন্দ্র প্রধানে কয়— “কেন্দ্রীয় বিদ্যালয় আৰু নৱোদয় বিদ্যালয়কে ধৰি ১৪,৫০০খন বিদ্যালয়ক প্রধানমন্ত্রী-শ্ৰী বিদ্যালয় হিচাপে গঢ়ি তোলা হ’ব।” নিজৰ অঞ্চলত অন্তৰ্ভুক্ত আৰু উপভোগ্য পৰিৱেশ; যিয়ে বিভিন্ন পটভূমি, বিভিন্ন ভাষা আৰু বিভিন্ন শৈক্ষিক ক্ষমতাৰ শিশুকো সহায় কৰিব। ই তেওঁলোকক শিক্ষাৰ ক্ষেত্ৰত সক্ৰিয় অংশগ্ৰহণকাৰী কৰি তুলিব। সূত্ৰসমূহে জনোৱা মতে, এই বিদ্যালয়সমূহত পৰীক্ষাগাৰ, স্মাৰ্ট শ্ৰেণীকোঠা, পুথিভঁৰাল, ক্ৰীড়া সঁজুলি, আধুনিক আন্তঃগাঁথনিৰ সৈতে আৰ্ট ৰুম আদি বিভিন্ন সুবিধাৰে সজ্জিত কৰা হ’ব। পাঠ্যক্ৰমত পানী সংৰক্ষণ, আৱৰ্জনা পুনঃব্যৱহাৰ আৰু জৈৱিক জীৱনশৈলীৰ অন্তৰ্ভুক্ত কৰি বিদ্যালয়সমূহকো ‘সেউজ বিদ্যালয়’ হিচাপে গঢ়ি তোলা হ’ব। মন কৰিবলগীয়া যে প্ৰধানমন্ত্ৰীয়ে ৫ ছেপ্টেম্বৰত নিজেই শিক্ষক দিৱসত এই বিদ্যালয় উন্নয়নৰ কথা ঘোষণা কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক টুইটযোগে কৈছিল— ‘‘আজি শিক্ষক দিৱসত এক নতুন পদক্ষেপ ঘোষণা কৰি সুখী হৈছোঁ— প্ৰধানমন্ত্ৰী স্কুলছ ফৰ ৰাইজিং ইণ্ডিয়া যোজনাৰ অধীনত সমগ্ৰ ভাৰততে ১৪,৫০০খন বিদ্যালয়ৰ উন্নয়ন কৰা হ’ব। এইবোৰ আদৰ্শ বিদ্যালয়ত পৰিণত হ’ব যিয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সম্পূৰ্ণ মনোভাৱক সামৰি ল’ব।” প্ৰধানমন্ত্ৰীয়ে আৰু কয়— “বিদ্যালয়সমূহে আৱিষ্কাৰভিত্তিক, হাতে কামে কৰা শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। আধুনিক প্ৰযুক্তি, স্মাৰ্ট শ্ৰেণীকোঠা, ক্ৰীড়া আদিকে ধৰি আধুনিক আন্তঃগাঁথনি সৃষ্টিৰ ওপৰতো গুৰুত্ব দিয়া হ’ব। ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে শেহতীয়া বছৰবোৰত শিক্ষাখণ্ডত পৰিৱৰ্তন আনিছে। মই নিশ্চিত যে সমগ্ৰ ভাৰতৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে পিএম-শ্ৰী বিদ্যালয়ৰ দ্বাৰা উপকৃত হ’ব।’’
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More