দাদুল দেৱকৃষ্ণ বৰুৱা
সম্প্রতি কেন্দ্রীয় মন্ত্রীসভাই (Union Cabinet) চৰকাৰী কর্মসূচীৰ অধীনত ফর্টিফাইড চাউল বা সুৰক্ষিত চাউল (Fortified Rice) বিতৰণৰ এটা প্রকল্পত অনুমোদন জনাইছে। ভাৰতীয় খাদ্য নিগম বা Food Corporation of India আৰু ৰাজ্যৰ সংস্থাসমূহে সৰবৰাহ আৰু বিতৰণৰ বাবে ইতিমধ্যেই ৮৮.৬৫ লাখ মেট্রিক টন সুৰক্ষিত চাউল সংগ্রহ কৰিছে । বিগত বছৰৰ স্বাধীনতা দিৱসৰ ভাষণত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২০২৪ চনৰ ভিতৰত ৰেচন আৰু মধ্যাহ্ন ভোজন আঁচনি (Midday Meal Scheme)-সহ বিভিন্ন চৰকাৰী প্রকল্পৰ অধীনত বিতৰণ কৰা চাউলৰ মান উন্নত কৰাৰ কথা ঘোষণা কৰিছিল।
* কি এই সুৰক্ষিত চাউল?
ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অব ইণ্ডিয়া (Food Safety and Standards Authority of India)-ৰ সুৰক্ষিত খাদ্য সামগ্রীৰ সংজ্ঞা হ’ল— “সুচিন্তিতভাৱে সকলো ধৰণৰ সতর্কতা বজাই ৰাখি এবিধ খাদ্যত প্রয়োজনীয় মাইক্র’নিউট্রিয়েন্ট (Micronutrients)-ৰ পৰিমাণ বৃদ্ধি কৰা হয়। যাতে খাদ্যৰ পুষ্টিৰ গুণমান উন্নত কৰা যায় আৰু স্বাস্থ্যৰ বাবে ন্যূনতম উপাদানসহ জনস্বাস্থ্যৰ সুবিধা প্রদান কৰা হয়।” সাধাৰণ চাউলত (Regular Rice) মাইক্র’নিউট্রিয়েন্ট যোগ কৰাৰ বাবে বিভিন্ন প্রযুক্তিৰ সহায় লোৱা হয়। যেনে— কোটিং (Coating), ডাষ্টিং (Dusting) আৰু এক্সট্রুচন (Extrusion)। একোটা এক্সট্রুডাৰ মেচিন ব্যৱহাৰ কৰি এটা মিশ্রনৰ পৰা ফর্টিফাইড চাউলৰ দানা (FRKs) উৎপাদন কৰা হয়। এইটো ভাৰতৰ বাবে সৰ্বোৎকৃষ্ট প্রযুক্তি বুলি কোৱা হয়। সুৰক্ষিত চাউলৰ দানাখিনি সাধাৰণ চাউলৰ লগত মিহলাই ফর্টিফাইড চাউল তৈয়াৰ কৰা হয়।
* সুৰক্ষিত চাউল কিদৰে কৰা হয় উৎপাদন?
মাইক্র’নিউট্রিয়েন্টৰ প্রিমিক্সৰ লগত শুকান চাউলৰ গুড়ি মিহলোৱা হয় আৰু এই মিশ্রণত পানী যোগ দিয়া হয়। হিটিং জ’নসহ একোটা ট্যুইন-স্ক্রু এক্সট্রুডাৰৰ মাজেৰে এই মিশ্রণটো পঠোৱা হয়, যি চাউলৰ দৰে আকাৰ-আকৃতিৰ শস্য বা দানা তৈয়াৰ কৰে। ইয়াৰ পিছত শস্যখিনি শুকুৱাই আৰু ঠাণ্ডা কৰি ব্যৱহাৰৰ বাবে পেকেজ কৰা হয়। এই ফর্টিফাইড চাউল কমপক্ষেও ১২ মাহলৈকে খোৱাৰ বাবে উপযুক্ত হৈ থাকে। উপভোক্তা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰণালয়ে (Ministry of Consumer Affairs, Food and Public Distribution) জাৰি কৰা নির্দেশ অনুযায়ী, সুৰক্ষিত চাউলৰ দানাৰ আকাৰ-আকৃতি যিমান সম্ভৱ সাধাৰণ চাউলৰ দৰেই হোৱা উচিত। শস্যৰ দৈর্ঘ্য আৰু প্রস্থ যথাক্রমে ৫ মিলিমিটাৰ আৰু ২.২ মিলিমিটাৰ হোৱা উচিত।
* কিয় প্ৰয়োজন সুৰক্ষিত চাউল?
আচলতে আমাৰ দেশৰ বেছিভাগতেই নাৰী আৰু শিশুসকল অপুষ্টিৰ (Malnutrition) চিকাৰ। ইয়াতেই শেষ নহয়; খাদ্য মন্ত্ৰণালয়ৰ মতে, দেশৰ বেছিভাগ মহিলাই ৰক্ত স্বল্পতা (Anemia)-ত আক্রান্ত। তদুপৰি অপুষ্টিৰ ফলত বহু শিশুৰেই শাৰীৰিক বিকাশ আৰু বৃদ্ধি ঠিকমতে বিকশিত নহয়। আৰু এই অপুষ্টিৰ মোকাবিলা কৰিবলৈ খাদ্যসামগ্রীৰ মান উন্নত কৰাটোৱেই সকলোতকৈ গুৰুত্বপূর্ণ বুলি বিবেচনা কৰা হয়। ভাত হৈছে ভাৰতৰ অন্যতম প্রধান খাদ্য। দেশৰ প্রায় দুই-তৃতীয়াংশ মানুহে ভাত খায়। ভাৰতত জনমূৰি হিচাপত চাউলৰ ব্যৱহাৰ প্রতিমাহে ৬.৮ কেজি । সেয়ে মাইক্র’নিউট্রিয়েন্টসহ চাউলৰ মান উন্নত কৰিলে সকলোতকৈ বেছি লাভবান হ’ব দৰিদ্রসকলেই। তদুপৰি তেওঁলোকৰ পুষ্টিৰ চাহিদাও পূৰণ হ’ব এই ধৰণৰ ভাতৰ পৰাই।
* চাউল সুৰক্ষিতকৰণৰ মান কিদৰে নির্ধাৰিত হয় ?
খাদ্য মন্ত্রণালয়ৰ নির্দেশ অনুসৰি, ১০ গ্রাম সুৰক্ষিত চাউল ১ কেজি সাধাৰণ চাউলৰ লগত মিহলাব লাগিব। ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অৱ ইণ্ডিয়াৰ নিয়ম অনুসৰি, ১ কেজি সুৰক্ষিত চাউলত আইৰণ (২৮ মিলিগ্ৰাম-৪২.৫ মিলিগ্ৰাম), ফলিক এচিদ (৭৫-১২৫ মাইক্র’গ্রাম), ভিটামিন বি-১২ (০.৭৫ – ১.১৫ মাইক্র’গ্রাম) থকাটো বাঞ্ছনীয়। তদুপৰি চাউল সুৰক্ষিতকৰণৰ বাবে ব্যৱহাৰ কৰা হয় জিংক (১০-১৫ মিলিগ্রাম), ভিটামিন-এ (৫০০ – ৭৫০ মাইক্র’গ্রাম), ভিটামিন বি-১ (১ মিলিগ্রাম-১.৫ মিলিগ্রাম), ভিটামিন বি-২ (১.২৫ মিলিগ্রাম-১.৭৫ মিলিগ্রাম), ভিটামিন বি-৩ (১২.৫ -২০ মিলিগ্ৰাম ) আৰু ভিটামিন বি-৬ (১.৫-২.৫ মিলিগ্ৰাম )।
* সুৰক্ষিত চাউল সুকীয়াকৈ ৰান্ধিব লাগিব নেকি ?
সুৰক্ষিত চাউলৰ ভাত ৰান্ধিবলৈ কোনো বিশেষ পদ্ধতিৰ প্রয়োজন নহয়। ভাত ৰন্ধাৰ আগেয়ে আমি যিদৰে সাধাৰণ চাউল ধুই লওঁ, ঠিক সেইদৰেই সুৰক্ষিত চাউলো ধুই পৰিষ্কাৰ কৰি ল’ব লাগে। ৰন্ধাৰ আগেয়ে সুৰক্ষিত চাউলত যি গুণাগুণ আৰু মাইক্র’ নিউট্রিয়েন্টৰ মাত্রা আছিল, ৰন্ধাৰ পিছতো সেই মাত্ৰা একেই থাকে।
* সুৰক্ষিত চাউল উৎপাদনত ভাৰতৰ ক্ষমতা কিমান ?
যোৱা বছৰ প্রধানমন্ত্রীৰ ঘোষণাৰ সময়ত, প্রায় ২,৭০০টা চাউল-কল সুৰক্ষিত চাউল উৎপাদনৰ বাবে ব্লেন্ডিং ইউনিট (Blending Units) তৈয়াৰ কৰা হৈছিল। মন্ত্রণালয়ৰ পৰিসংখ্যা অনুযায়ী, ১৪খন প্রধান ৰাজ্যৰ এই ইউনিটসমূহত মুঠ উৎপাদন ক্ষমতা আছিল ১৩.৬৭ লাখ টন। যোৱা ২ বছৰত সুৰক্ষিত চাউলৰ উৎপাদন ৭,২৫০ টনৰ পৰা ৬০,০০০ টনলৈ দ্রুততৰে বৃদ্ধি পাইছে। সুৰক্ষিত চাউল উৎপাদনৰ বাবে একোটা বিদ্যমান চাউল-কলৰ (Rice Mills) পৰিকাঠামো উন্নত কৰিবলগীয়া হয়। প্রতি ঘণ্টাত ৪-৫ টন সুৰক্ষিত চাউল উৎপাদনৰ বাবে একোটা চাউল-কলৰ পৰিকাঠামো উন্নত কৰিবলৈ ১৫-২০ লাখ টকা বিনিয়োগ কৰিবলগীয়া হয়। আইৰণ, ফলিক এচিদ আৰু ভিটামিন বি-১২ মিহলাই প্রতিকেজি সুৰক্ষিত চাউল তৈয়াৰ কৰিবলৈ ৬০ পইচা খৰচ হয়।
* কেনেকৈ চিনিব পৰা যাব সুৰক্ষিত চাউল ?
বিষয়টো খুবেই সহজ। সাধাৰণতে (+F) লগ’সহ বস্তাত এই চাউল পেকিং কৰা হয়। বস্তাত লেখা থাকিব— “আইৰণ, ফলিক এচিদ আৰু ভিটামিন বি-১২-সহ সুৰক্ষিত চাউল।”