অবিশ্বাস্য! বিনা চাৰ্জত ৩০০০ কিলোমিটাৰ চলিব টেছলাৰ ইলেক্ট্ৰিক গাড়ী

0 14

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ অক্টোবৰ : বৰ্তমান সময়ত সকলোতে পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি পাইছে। সেইবাবেই সকলোৱে সেই মূল্যবৃদ্ধিৰ পৰা মুক্তি পাবলৈ বিকল্প উপায় বিচাৰিছে। কেৱল সেয়াই নহয়, বৰ্ধিত ইন্ধনৰ মূল্যৰ পৰা পৰিত্ৰাণ পাবলৈ এতিয়া বহু লোক ইলেক্ট্ৰিক বাইক, গাড়ীৰ প্ৰতি আকৰ্ষিত হৈছে। এনে পৰিস্থিতিত গ্ৰাহকৰ প্ৰয়োজনীয়তাক মনত ৰাখি কোম্পানীসমূহে বজাৰলৈ ইখনৰ পিছত সিখনকৈ শক্তিশালী বৈদ্যুতিক বাহন আনিছে। কিন্তু বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত পুনৰ চাৰ্জ কৰাটো এটা ডাঙৰ সমস্যা হৈ পৰে। লগতে যিকোনো কাৰণত গাড়ী বা বাইক চাৰ্জ কৰিবলৈ পাহৰি যোৱাটো বিপজ্জনক। অৱশ্যে এইবাৰ জনপ্ৰিয় ইলেক্ট্ৰিক গাড়ী নিৰ্মাতা কোম্পানী টেছলাই কঢ়িয়াই আনিছে এক সুন্দৰ খবৰ। য’ত তেওঁলোকে এখন ইলেক্ট্ৰিক গাড়ীত ছেল্ফ চাৰ্জিং প্ৰযুক্তি ব্যৱহাৰ কৰিছে। ইয়াৰ দ্বাৰা গাড়ীখনে সহজেই ৩ হাজাৰ কিলোমিটাৰ দূৰত্ব চাৰ্জ নকৰাকৈ অতিক্ৰম কৰিব পাৰিব। এই প্ৰসংগত এই অবিশ্বাস্য গাড়ীখনৰ নাম টেছলা মডেল এছ। ইভি ইনছাইড ৱেবছাইটে প্ৰকাশ কৰা অনুসৰি টেছলাৰ ইলেক্ট্ৰিক গাড়ীখনত অনব’ৰ্ড জেনেৰেটৰ ব্যৱহাৰ কৰা হৈছে। এই জেনেৰেটৰে গাড়ীখন চাৰ্জ কৰাত কাম কৰে। ইফালে ইভি ইনছাইডৰ ৱেবছাইটত মেট মিক্কা নামৰ গাড়ীখনৰ ব্যৱহাৰকাৰী এজনৰ উদ্ধৃতি দি কয় যে গাড়ীখনত ব্যৱহাৰ কৰা জেনেৰেটৰৰ আকাৰ সৰু। ই ৪০০ চিচিৰ একক চিলিণ্ডাৰ ইঞ্জিন আৰু ইয়াৰ শক্তি ১৩ হৰ্চপাৱাৰ। এই ক্ষেত্ৰত মেটে গাড়ীখন চাৰ্জ নকৰাকৈ গোটেই সপ্তাহটো গাড়ী চলাইছিল আৰু গাড়ীৰ ইঞ্জিনটোও বন্ধ কৰা নাছিল। কেৱল সেয়াই নহয়, ৰাতি শুই থাকোতেও তেওঁ গাড়ী ষ্টাৰ্ট কৰি ৰাখিছিল বুলি জনায়। ফলত গাড়ীখনত অবিৰতভাৱে বিদ্যুৎ সংযোগ কৰা হৈছিল। অৱশ্যে বাহনখনৰ বেটাৰী চাৰ্জ কৰিবলৈ ব্যৱহাৰ কৰা জেনেৰেটৰৰ আকাৰ সৰু আছিল বুলিও তেওঁ জানিবলৈ দিয়ে। ফলত তেওঁ গাড়ীখন ত্বৰান্বিত কৰিব পৰাকৈ পৰ্যাপ্ত শক্তি দিব পৰা নাছিল। এনে অৱস্থাত তেওঁ লেহেমীয়া গতিৰে গাড়ী চলাব লগা হৈছিল। আনকি মেটে গতি সীমাৰ তলত গাড়ী চলোৱাৰ বাবে এটা সময়ত আৰক্ষীৰ জৰিমনাৰ সন্মুখীন হ’বলগীয়া হয়। এই ক্ষেত্ৰত তেওঁ এই আকৰ্ষণীয় পৰীক্ষাটোত সুখী যদিও জেনেৰেটৰৰ কাৰ্যক্ষমতাত একেবাৰেই সন্তুষ্ট নহয়। অৱশ্যে এই পৰীক্ষাত পোৱা ভুলবোৰ শুধৰণি কৰা হ’ব বুলি তেওঁ কয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More