অভিনৱ থিয়েটাৰ ৰাষ্ট্ৰীয় নাট সমাৰোহ

0 70
লখিমপুৰ, ২৪ জুনঃ লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ ১নং মাজ গাঁৱৰ অভিনৱ থিয়েটাৰ প্ৰকল্পত অহা ২৬ আৰু ২৭ জুনত “অভিনৱ থিয়েটাৰ ৰাষ্ট্ৰীয় নাট সমাৰোহ’২০২২”  অনুষ্ঠিত .কৰা হৈছে। এই নাট সমাৰোহৰ প্ৰথম দিনা সন্ধিয়া ৬ বজাৰ পৰা .যোৱা ১৪ জুনৰ পৰা ২৪ জুন লৈ অভিনৱ থিয়েটাৰ প্ৰকল্পত অনুস্থিত সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ নাট্য বিধাৰ নাট কর্ম্মশালাৰ সামৰণি‍ অনুষ্ঠানটি অনুস্থিত কৰা হ’ব। ইয়াৰ পাছতে এই কর্ম্মশালাত অংশ গ্ৰহণ কৰা শিল্পীসকলৰ দ্বাৰা নৱকান্ত বৰুৱাৰ ৰচনা আৰু দয়াল কৃষ্ণ নাথৰ পৰিচালনাৰ শিশু নাটক “মই টুনিয়ে টুন টুনালো” মঞ্চস্থ কৰা হ’ব। এই IMG 20220624 WA0008নাটকৰ সহ পৰিচালক –তৰুন কৃষ্ণ নাথ, সংগীত পৰিচালনা জিন্টু শইকীয়া, নৃত্য পৰিচালনা সুকন্যা কোচঁ, সাজ-সজ্জা  লক্ষ্যজ্যোতি বৰুৱা আৰু পোহৰ পৰিচালনা প্ৰনৱ মহন্তৰ। ইয়াৰ পাছতে দ্বিতীয় প্ৰদর্শনীত  ডিব্ৰুগড় জিলাৰ ৰংডুলি সাংস্কৃতিক কেন্দ্ৰৰ দ্বাৰা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক গুণমনি বৰুৱাৰ পৰিচালনা আৰু একক অভিনয়ৰ নাটক “ধোঁৱা চাঙৰ চেওঁ” মঞ্চস্থ কৰা হ’ব। ২৭ জুনৰ সন্ধিয়া ৬:৩০ বজাৰ পৰা দয়াল কৃষ্ণ নাথৰ পৰিচালনাৰ শিশু নাটক “মই টুনিয়ে টুন টুনালো”, বিহাৰৰ বেগুচৰাইৰ ৰং দর্শন আর্ট গ্ৰুপৰ দ্বাৰা শশীকান্ত কুমাৰৰ পৰিচালনা আৰু একক অভিনয়ৰে কবি ৰামধাৰী সিং দিনকৰৰ ৰচনা নাটক “ৰশ্মিৰথী”  আৰু বিশ্বনাথ চাৰিআালিৰ বর্নম নাট্য গোষ্ঠীৰ দ্বাৰা নাট্যকাৰ সুশান্ত মহন্তৰ ৰচিত নাটক “এক বৃহৎ কাৰাগাৰ” কুশল ডেকাৰ পৰিকল্পনাত তপন গোস্বামীৰ পৰিচালনাত মঞ্চস্থ কৰা হ’ব বুলি অভিনৱ থিয়েটাৰৰ প্ৰমুখ দয়াল কৃষ্ণ নাথে জনাইছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More