অভিনৱ থিয়েটাৰ ৰাষ্ট্ৰীয় নাট সমাৰোহ

0 40
উত্তৰ লখিমপুৰ, ২৯ জুনঃ লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ ১নং মাজ গাঁৱৰ অভিনৱ থিয়েটাৰ প্ৰকল্পত  ২৬ আৰু ২৭ জুনত “অভিনৱ থিয়েটাৰ ৰাষ্ট্ৰীয় নাট সমাৰোহ’’২০২২”  অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি নাট্য সমাৰোহৰ শুভ উদ্বোধন কৰে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ লখিমপুৰ জিলাৰ প্ৰচাৰক ৰাজীৱ কলিতাই। অনুষ্ঠানত পশ্চিমবংগৰ নাট পৰিচালক বৰুণ কৰ আৰু বিহাৰৰ নাট পৰিচালক ঋষিকেশ কুমাৰক সম্বৰ্ধনা  জনোৱা হয়। অনুষ্ঠানৰ আঁত ধৰে নাট পৰিচালক দয়াল কৃষ্ণ নাথে। নাট সমাৰোহৰ প্ৰথম দিনা সন্ধিয়া ৭ বজাত যোৱা ১৪ জুনৰ পৰা ২৪ জুন লৈ অভিনৱ থিয়েটাৰ প্ৰকল্পত অনুস্থিত সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ নাট্য বিধাৰ নাট কর্ম্মশালাৰ সামৰণি অনুষ্ঠানটি অনুষ্ঠিত হয়। ইয়াৰ পাছতে  ডিব্ৰুগড় জিলাৰ ৰংডুলি সাংস্কৃতিক কেন্দ্ৰৰ দ্বাৰা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক গুনমনি বৰুৱাৰ পৰিচালনা আৰু একক অভিনয়ৰ নাটক “ধোঁৱা চাঙৰ চেঁও” মঞ্চস্থ কৰে। ইয়াৰ পাছতে এই কর্মশালাত অংশ গ্ৰহণ কৰা শিল্পীসকলৰ দ্বাৰা নৱকান্ত বৰুৱাৰ ৰচনা আৰু দয়াল কৃষ্ণ নাথৰ পৰিচালনাৰ শিশু নাটক “মই টুনিয়ে টুন টুনালো” মঞ্চস্থ কৰা হয়। ২৭ জুনৰ সন্ধিয়া ৬:৩০ বজাৰ পৰা বিহাৰৰ বেগুচৰাইৰ ৰং দর্শন আর্ট গ্ৰুপৰ দ্বাৰা শশীকান্ত কুমাৰৰ পৰিচালনা আৰু একক অভিনয়ৰে কবি ৰামধাৰী সিং দিনকৰৰ ৰচনা নাটক “ৰশ্মিৰথী”  আৰু বিশ্বনাথ চাৰিআালিৰ বৰ্ণম নাট্য গোষ্ঠীৰ দ্বাৰা নাট্যকাৰ সুশান্ত মহন্তৰ ৰচিত নাটক “এক বৃহৎ কাৰাগাৰ” কুশল ডেকাৰ পৰিকল্পনাত  তপন গোস্বামীৰ পৰিচালনাত মঞ্চস্থ কৰা হয়। অন্তিম নাটক দয়াল কৃষ্ণ নাথৰ পৰিচালনাত অভিনৱ থিয়েটাৰৰ শিশু শিল্পীসকলৰ দ্বাৰা মই টুনীয়ে টুন টুনালো” মঞ্চস্থ কৰা হয়।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More