অমৃত মহোৎসৱৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ গৈ ৮ গৰাকী ছাত্ৰ-ছাত্ৰী ৰ’দত ঢলি পৰিল

শোণিতপুৰৰ বৰছলা সমষ্টিৰ ১নং বচাশিমলু গাঁৱত অঘটন 

0 61

শতাব্দ প্ৰতিনিধি, তেজপুৰ,১১ আগষ্টঃ বৰছলা বিধান সভা সমষ্টিৰ ১নং বচাশিমলু গাঁৱত অঘটন ৷ ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে দেশজুৰি অনুষ্ঠিত হোৱা আজাদী কা অমৃত মহোৎসৱৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ গৈ তিনিখন বিদ্যালয়ৰ ৮ গৰাকী ছাত্ৰ-ছাত্ৰী আজি প্ৰখৰ ৰ’দত ঢলি পৰাৰ ফলত চিকিৎসাধীন হ’ব লগা এক পৰিস্থিতিৰ সৃষ্টি হয় ৷উল্লেখযোগ্য যে ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে শিক্ষা বিভাগৰ নিৰ্দেশ অনুসৰি বৰছলা বিধান সভা সমষ্টিৰ ১নং বচাশিমলু গাঁৱৰ ১ নং বচাশিমলু মধ্য ইংৰাজী বিদ্যালয়,১ নং বচাশিমলু প্ৰাথমিক বিদ্যালয়ৰ লগতে ৭৪৮ নং বচাশিমলু প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰছাত্ৰীসকলে আজি পুৱা ৮-৩০ বজাত এক জাগৰণ শোভাযাত্ৰা কৰে ৷শোভাযাত্ৰাত প্ৰখৰ ৰ’দৰ ফলত ৮ গৰাকী ছাত্ৰ-ছাত্ৰী ডেৰ কিলোমিটাৰ খোজ কাঢ়ি যোৱাৰ পিছতি অসুস্থ হৈ ঢলি পৰে ৷অসুস্থ হৈ ঢলি পৰা ছাত্ৰ-ছাত্ৰীকেইগৰাকীক লগে লগে শিক্ষকবৃন্দই ঢেকিয়াজুলিৰ শ্বহীদ মনবৰ নাথ সামূহিক চিকিৎসালয়ত ভৰ্তি কৰে ৷ইয়াৰে ৫ গৰাকী ছাত্ৰ-ছাত্ৰী বৰ্তমান সুস্থ হৈ উঠিছে বুলি জানিব দিছে ১ নং বচাশিমলু মধ্য ইং বিদ্যালয়ৰ শিক্ষকে আনহাতে ইয়াৰ বিপৰীতে ৩ গৰাকী ছাত্ৰছাত্ৰী বৰ্তমান শ্বহীদ মনবৰ নাথ সামূহিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জনালে শিক্ষকবৃন্দই ৷ সমগ্ৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More