অম্বুবাচীঃ নিবৃত্তিৰ পাছত ভি আই পিৰ বাবে নাথাকিব বিশেষ দৰ্শনৰ অনুমতি

0 12

২২ জুনৰ পৰা ২৫ জুনলৈ শক্তিপীঠ মা কামাখ্যা ধামত অম্বুবাচী মেলা। অম্বুবাচী মেলাৰ বিভিন্ন দিশ তদাৰক মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ। মাছখোৱাৰ পুৰণি জেইল চৌহদ, কামাখ্যা ষ্টেচন, বড়িপাৰা খেলপথাৰ আৰু পুৰণি মালিগাঁও ষ্টেচন চৌহদত অম্বুবাচী উপলক্ষে মা কামাখ্যালৈ অহা ৪০ সহস্ৰাধিক তীর্থযাত্ৰীক বিগত বছৰবোৰৰ দৰেই আৱাস তথা আপ্যায়নৰ প্ৰস্তুতি।

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৬ জুনঃ ২২ জুনৰ পৰা ২৫ জুনলৈ শক্তিপীঠ মা কামাখ্যা ধামত অনুষ্ঠিত হ’ব অম্বুবাচী মেলা। অম্বুবাচী মেলাৰ প্ৰতি লক্ষ্য ৰাখি আজি পুৱাৰ ভাগত পৰ্যটন মন্ত্রী জয়ন্ত মল্ল বৰুৱাই মেলা সম্পৰ্কীয় বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ লগতে সামগ্ৰিক পৰিস্থিতিৰ বুজ লয়। ক’ভিডৰ সাময়িক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ কেৱল ধৰ্মীয় নিয়মাৱলীৰ বাদে বাকী অনুষ্ঠানসমূহ যেনে শুভাৰম্ভণি অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। লগতে আন বছৰৰ দৰে কোনোধৰণৰ প্ৰচাৰ কাৰ্য্যও এইবাৰ কৰা নাযাব। মন্ত্রীগৰাকীয়ে জানিবলৈ দিয়া মতে অম্বুবাচী উপলক্ষে কামাখ্যা ধামলৈ অহা ভক্ত সকলৰ থকা খোৱাৰ ব্যৱস্থা আগৰ দৰেই কৰা হ’ব। মাছখোৱাৰ পুৰণি জেইল চৌহদ, কামাখ্যা ষ্টেচন, বড়িপাৰা খেলপথাৰ আৰু পুৰণি মালিগাঁও ষ্টেচন চৌহদত অম্বুবাচী উপলক্ষে মা কামাখ্যালৈ অহা ৪০ সহস্ৰাধিক তীর্থযাত্ৰীক বিগত বছৰবোৰৰ দৰেই আৱাস তথা আপ্যায়নৰ প্ৰস্তুতি চলি আছে। স্বচ্ছতাৰ ওপৰত এইবেলি বিশেষভাবে মনোনিৱেশ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। এইবাৰ পাহাৰৰ ওপৰলৈ আৱশ্যকীয় সেৱাৰ বাহিৰে কোনো ব্যক্তিগত যান বাহন উঠিবলৈ দিয়া নহ’ব। লগতে এইবাৰ কোনো Car Passৰ ব্যৱস্থা কৰা হোৱা নাই। কামাখ্যাৰ মূল পথ, পাণ্ডুৰ পৰা কামাখ্যালৈ যোৱা পথ আৰু মেখেলা উজোৱা পথেৰে খোজ কাঢ়িয়ে অম্বুবাচীৰ সময়ত কামাখ্যা পাহাৰলৈ উঠিবলৈ সকলো ভক্তলৈ তেওঁ অনুৰোধ জনায়। মাথোঁ দিব্যাঙ্গ, জ্যেষ্ঠ নাগৰিক আৰু বিশেষ প্ৰয়োজনৰ তাগিদাতহে যাত্ৰীৰ বাবে বিশেষ ফেৰী বাছৰ ব্যৱস্থা কৰা হ’ব। গোটেই কামাখ্যা পাহাৰতেই স্বচ্ছতা, অনাময়, পোহৰ আৰু ধৰ্মীয় সংগীতৰ বিশেষ ব্যৱস্থা থাকিব। মুখ্যমন্ত্ৰীৰ আগ্ৰহমৰ্মে নিবৃত্তিৰ দিনাখন মন্দিৰৰ দুৱাৰ খোলাৰ লগে লগে কোনো ভি আই পিক এইবাৰ দৰ্শনৰ অনুমতি দিয়া নহ’ব। সকলোৱে সাধাৰণ দৰ্শনাৰ্থীৰ দৰেই মাৰ দৰ্শন কৰিব লাগিব। মা কামাখ্যাৰ এই মেলাক সফল কৰিবলৈ সকলোকে চৰকাৰে লোৱা এই সিদ্ধান্ত সমূহৰ লগত সহযোগ কৰিবলৈ তেওঁ আহ্বান জনায়। পুৱাৰ পৰা কেইবা ঘণ্টা সময় তেওঁ সকলো বিভাগৰ সংশ্লিষ্ট বিষয়া সকলক লগত লৈ আটাইকেইটা স্থানত প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে কেতবোৰ নিৰ্দেশনা দিয়ে। তেওঁক সংগ দিয়ে মেয়ৰ মৃগেন শৰনীয়াই।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More