অষ্টম মৃত্যুবাৰ্ষিকীত তেজপুৰৰ বাণ থিয়েটাৰত কাৰ্তিক হাজৰিকাক স্মৰণ

বাণ থিয়েটাৰৰ বাবে কাৰ্তিক হাজৰিকাই কৰা ত্যাগ একক আৰু অনন্য - দিলীপ বৰা

0 12

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ , ৪ মে’ঃ একেৰাহে চৈধ্য বছৰ ধৰি তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থাকি বাণ থিয়েটাৰৰ সামগ্ৰিক উত্তৰণত অহোপুৰুষাৰ্থ কৰি যোৱা সদৌ অসম ছাত্ৰ সন্থাৰ একালৰ সভাপতি, দক্ষ মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা, জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ একনিষ্ঠ সেৱক কাৰ্তিক হাজৰিকাৰ অষ্টম মৃত্যু বাৰ্ষিকীৰ আজিৰ দিনটোত বাণ থিয়েটাৰে সন্ধিয়া আয়োজন কৰা বিশেষ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠানত স্মৰণ কৰিলে একাংশ সতীৰ্থই। বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিৰ আৰম্ভণিতে বাণ থিয়েটাৰৰ উপসভাপতি ভৱানন্দ দাসে কাৰ্তিক হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে আন এগৰাকী উপসভাপতি তথা কাৰ্তিক হাজৰিকাৰ সতীৰ্থ দিলীপ বৰাই ধূপ প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে। আনহাতে বাণ থিয়েটাৰৰ সাধাৰণ পৰিচালক ভূপেন শৰ্মা,সংগীতাধিকাৰ সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱা, প্ৰেক্ষাগৃহ পৰিচালক মনোৰঞ্জন মহন্ত, সেউজ কক্ষ পৰিচালক কিশোৰ শৰ্মা, কাৰ্যনিৰ্বাহক সদস্য তাজ হুছেইন, জিন্টু বৰঠাকুৰ, নৰেণ শইকীয়া, হেমধৰ দাস, ভূপেন বৰুৱা, দেৱব্ৰত শৰ্মা, মৰমী শইকীয়াৰ লগতে অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্র বড়া, বিশিষ্ট নাট্যকাৰ – পৰিচালক তথা কাৰ্তিক হাজৰিকাৰ সহপাঠী কৰুণা শইকীয়া, বাণ থিয়েটাৰৰ জ্যেষ্ঠ সদস্য ৰণজিৎ শইকীয়া আদিয়ে প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে সহপাঠী তথা অসম আন্দোলনৰ সতীৰ্থ কৰুণা শইকীয়া আৰু দিলীপ বৰাই বিশেষ ভাৱে স্মৃতিচাৰণ কৰে ।১৯৬৭ চনৰ পৰা তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ হৈ থকাৰ পৰাই কাৰ্তিক হাজৰিকাৰ সৈতে সহপাঠী হিচাপে থকা বিশিষ্ট নাট্যকাৰ – পৰিচালক তথা ভোলা কলিতা সোঁৱৰণী বঁটা প্ৰাপক কৰুণা শইকীয়াই সান্নিধ্যৰ স্মৃতিৰ লগতে অসম আন্দোলনৰ সময়ত আৰক্ষীৰ ভয়ত আঁতৰি থকা সময়ৰ কিছু স্মৃতি ৰোমন্থন কৰি কাৰ্তিক হাজৰিকা এগৰাকী বহল অন্তৰৰ ব্যক্তি আছিল বুলি মন্তব্য কৰে। নাটকৰ ক্ষেত্ৰতো তাহানিতেই বহু প্ৰতিযোগিতাত একেলগে অভিনয় কৰি কৃতিত্ত্বৰ পৰিচয় দিয়াৰ প্ৰসংগও উত্থাপন কৰে। আনহাতে বাণ থিয়েটাৰৰ বৰ্তমানৰ উপসভাপতি তথা কাৰ্তিক হাজৰিকাৰ ঘনিষ্ঠ সান্নিধ্য লাভ কৰা দিলীপ বৰাই নিজৰ সংসাৰ, পৰিয়ালতকৈও অধিক সময় বাণ থিয়েটাৰৰ উত্তৰণৰ বাবে কাৰ্তিক হাজৰিকাই যি ত্যাগ কৰি গ’ল, তেনে ত্যাগ আজিৰ সময়ত অসম্ভৱ বুলি মন্তব্য কৰি কাৰ্তিক হাজৰিকাৰ সাংগঠনিক দক্ষতা একক আৰু অনন্য আছিল বুলি মন্তব্য কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More