শতাব্দ বিশেষ প্ৰতিনিধি, ২ মে’: ভাৰতৰ এটা আগশাৰীৰ নৱীকৰণীয় শক্তি উৎপাদন প্ৰতিষ্ঠান ‘এজিঅ’ৰ পাৱাৰ’ এ অসমত ৯০ মেগাৱাটৰ সৌৰশক্তি উৎপাদন প্ৰকল্প এটাৰ পৰা সম্পূৰ্ণ বিদ্যুৎ শক্তি উৎপাদনৰ কাম আজিৰে পৰা আৰম্ভ কৰিছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত ইয়েই সৰ্ববৃহৎ সৌৰশক্তি প্ৰকল্প।
অসমৰ চাৰিখন জিলা ওদালগুৰি, কামৰূপ, নগাঁও আৰু কাছাৰ জিলাত স্থাপন কৰা চাৰিটা পৰ্যায়ৰ পৰা মুঠ ৯০ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদন কৰা হ’ব। প্ৰতিষ্ঠানটোৱে জনোৱা মতে ৯০ মেগাৱাট সৌৰবিদ্যুৎ শক্তি ক্ৰয়ৰ বাবে অসম শক্তি বিতৰণ কৰ্পোৰেছন লিমিটেডৰ লগত ইতিমধ্যেই ২৫ বছৰৰ বাবে এখন চুক্তিত স্বাক্ষৰ কৰা হৈছে। প্ৰতিষ্ঠানটোৱে প্ৰতি কিল’ৱাট আৱাৰত ৩.৩৪ টকাকৈ এ পি ডি চি এল ক এই বিদ্যুৎ বিক্ৰী কৰিব। উল্লেখযোগ্য যে, ২০০৯ চনত প্ৰতিষ্ঠা হোৱা এজিঅ’ৰ পাৱাৰে ভাৰতৰ কেইবাখনো ৰাজ্যত এতিয়ালৈকে মুঠ ২,৯০০ মেগাৱাট সৌৰশক্তি উৎপাদন কৰিবলৈ সমৰ্থ হৈছে।