অসমত উগ্ৰপন্থী কাৰ্যকলাপ পূৰ্বতকৈ নিষ্ক্ৰিয়, জেহাদীক লৈ চিন্তিত এছ এছ বি

0 14

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৯ আগষ্ট : অসমত বিগত ২০২০ চনৰ পৰা বি টি এ ডি এলেকাত উগ্ৰপন্থী কাৰ্যকলাপ বন্ধ আছে আৰু এক শান্তিৰ বাতাবৰণ ঘূৰি আহিছে । কিন্ত জেহাদী সমস্যা অসমত নতুনকৈ আৰম্ভ হৈছে আৰু ইয়াৰ বাবে বিভিন্ন সুৰক্ষা বাহিনীৰ লগত এছ এছ বি গুৱাহাটী ফ্ৰণ্টিয়াৰে সমান্তৰাল ভাৱে কাম কৰি আছে । আজি তেজপুৰ দেৱেন্দ্ৰ নগৰ ৬৮ নং এছ এছ বি ৰ তৃতীয় দীক্ষান্ত সামাৰোহত অংশগ্ৰহণ কৰি সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত এইদৰে কয় গুৱাহাটী ফ্ৰণ্টিয়াৰ মহা পৰিদৰ্শক সঞ্জীৱ কুমাৰে।তেওঁ কয় সমগ্ৰ ভাৰততে বৰ্তমান জেহাদীৰ কাৰ্যকলাপৰ বিৰুদ্ধে সুৰক্ষা বাহিনী সৰৱ হৈ পৰিছে আৰু ই মষিমূৰ হব । বিশেষকৈ নামনি অসমৰ দায়িত্ব থকা এছ এছ বিৰ মহা পৰিদৰ্শক গৰাকীয়ে বিষয়তো সংবেদনশীল বুলিও কয় ।আনহাতে অনুষ্ঠানত উপস্থিত থকা আন এগৰাকী তেজপুৰ ফ্ৰণ্টিয়াৰ মহা পৰিদৰ্শক বিনোদ নায়ক আৰু অন্যান্য উচ্চ পদস্থ বিষয়া সকল ।উল্লেখযোগ্য যে আজি মুঠ ৯৪ গৰাকী শিক্ষাৰ্থীয়ে এক নতুন যাত্ৰাৰ শপত গ্ৰহণ কৰে । ইয়াৰ ভিতৰত ৪০ গৰাকী স্নাতক ডিগ্ৰী, ৪২ গৰাকী দ্বাদশ উত্তীৰ্ণ আৰু ১১ জন দশম শ্ৰেণীৰ উত্তীৰ্ণ । তেওঁলোকে বিভিন্ন অস্ত্ৰ শস্ত্ৰ প্ৰশিক্ষণ প্ৰাপ্ত লগতে ট্ৰেড মেনৰ লগত জড়িত হৈ বিভিন্ন ঠাইলৈ নিজৰ কৰ্তব্যত যোগদান কৰিব

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More