অসমত প্ৰথমবাৰৰ বাবে তেজপুৰত পৰীক্ষামূলক ভাবে ড্ৰোণৰ সহায়ত কৃষি পথাৰত সাৰ প্ৰয়োগ

0 121

IMG 20220913 WA0071শতাব্দ প্ৰতিনিধি তেজপুৰ ১৩ছেপ্টেম্বৰঃ শোণিতপুৰ জিলাৰ বিন্দুকুৰি কৃষি চক্রৰ অন্তৰ্গত পক্ষীয়াঝাৰ গাঁৱত পৰীক্ষামূলকভাৱে ড্ৰো’ণৰ সহায়ত কৃষি পথাৰত সাৰ ( নেন’ ইউৰিয়া ) প্ৰয়োগ কৰাৰ এক কাৰ্যসূচী ৰূপায়ন কৰা হয়।অসমত প্ৰথমবাৰৰ বাবে তেজপুৰ পক্ষীয়াঝাৰ গাঁৱত পৰীক্ষামূলকভাৱে প্ৰয়োগ কৰা এই পদ্ধতিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই । অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্প চমুকৈ APART, কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ উত্তৰ পূৱ আঞ্চলিক কৃষি যন্ত্ৰ প্ৰশিক্ষণ আৰু পৰীক্ষণ প্ৰতিষ্ঠান, IFFCO আৰু বি চি এছ ৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসন, জিলা কৃষি বিভাগ, ICCOA আৰু বিন্দুকুৰিৰ মজিয়া কৃষি উৎপাদক গোটৰ সহযোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত উপস্থিত থাকে জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, উত্তৰ-পূব আঞ্চলিক কৃষি যন্ত্ৰ প্ৰশিক্ষণ আৰু পৰীক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক ড° পি পি ৰাও , জিলা উন্নয়ন আয়ুক্ত উৎপল বৰা, IFFCO ৰ উপ মহা প্ৰৱন্ধক বেদ পাল, আৰু Beyer Company ৰ খাদ্য শৃংখল প্ৰৱন্ধক নন্দিনী মণ্ডল, জিলা কৃষি বিষয়া পংকজ শইকীয়া, ICCOA ৰ জিলা বিষয়া কিশোৰ বৰুৱা, কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী অংগনা শৰ্মা, মহকুমা কৃষি বিষয়া ( উদ্যান শস্য) প্ৰাঞ্জল শৰ্মা, জেষ্ঠ্য কৃষি উন্নয়ন বিষয়া ড° খনীন্দ্ৰ বৰ্মন, প্ৰনৱ বৰাৰ লগতে উপস্থিত থাকে বহু বিশিষ্ট ব্যক্তি। ড্ৰোণৰ যোগেদি কৃষি পথাৰত পৰীক্ষামূলকভাৱে নেন’ ইউৰিয়া প্ৰয়োগৰ পাছতে কৃষকসকলৰ এই পদ্ধতিৰ বিষয়ে প্ৰদান কৰা হয় এক প্ৰশিক্ষণ । উল্লেখযোগ্য যে ১০ লিটাৰ নেন’ ইউৰিয়া কঢ়িয়াই লৈ যাব পৰা ড্ৰো’ণখনে ৬ পৰা ৮ মিনিটৰ ভিতৰত তিনি বিঘা কৃষি পথাৰত নেন’ ইউৰিয়া প্ৰয়োগ কৰিব পাৰিব । উত্তৰ-পূব আঞ্চলিক কৃষি যন্ত্ৰ প্ৰশিক্ষণ আৰু পৰীক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক ড° পি পি ৰাৱে সদৰি কৰা অনুসৰি এই অত্যাধুনিক ড্ৰো’ণখন ২০২৩ বৰ্ষৰ জানুৱাৰী মাহৰ পৰা উপলব্ধ হোৱাৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰসমূহে এই ড্ৰো’ণখন বিনামূলীয়াকৈ আৰু কৃষি উৎপাদক গোটসমূহে ৮০% ৰেহাই মূল্যত লাভ কৰিব ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More