অসমত প্ৰথমবাৰৰ বাবে দৰং মহাবিদ্যালয়ত অসম লোক সেৱা আয়োগৰ পৰীক্ষাৰ সজাগতা কাৰ্যসূচী

 দিহা-পৰামৰ্শ আগবঢ়াই অসম লোক সেৱা আয়োগৰ অধ্যক্ষ ভৰত ভূষণ দেৱ চৌধুৰীয়ে

0 34

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৮ জানুৱাৰীঃ শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ সহযোগত আজি অসম লোকসেৱা আয়োগৰ দ্বাৰা পৰিচালিত বিভিন্ন পৰীক্ষাৰ ওপৰত জিলাখনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এক সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। দৰং মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা আজিৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম লোক সেৱা আয়োগৰ অধ্যক্ষ তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ভৰত ভূষণ দেৱ চৌধুৰীয়ে ৷ আজিৰ সভাত ভাষণ প্ৰদান কৰি অধ্যক্ষগৰাকীয়ে জনাই যে অসমৰ ভিতৰতে এই অনুষ্ঠানটো প্ৰথমবাৰৰ বাবে শোণিতপুৰত অনুষ্ঠিত কৰা হৈছে আৰু অসম লোক সেৱা আয়োগে একে ধৰণৰ কাৰ্যসূচী অসমৰ অন্যান্য জিলাতো অনুষ্ঠিত কৰিব বুলি জানিবলৈ দি এই ক্ষেত্ৰত জিলা উপয়ুক্ত দেৱ কুমাৰ মিশ্ৰ তথা জিলা প্ৰশাসনে গ্ৰহণ কৰা বিশেষ উদ্যোগক তেখেতে আদৰণি জনায়। ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰি অধ্যক্ষগৰাকীয়ে অসম অসামৰিক সেৱা আৰু অন্যান্য সংশ্লিষ্ট সেৱাত প্ৰৱেশৰ বাবে সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাকে ধৰি লোক সেৱা আয়োগে অনুষ্ঠিত কৰা বিভিন্ন ধৰণৰ পৰীক্ষা, আৰু অসম চৰকাৰৰ অধীনত অন্যান্য সেৱাত প্ৰৱেশৰ বাবে অনুষ্ঠিত হোৱা আন বিভিন্ন পৰীক্ষাৰ বিষয়ে বক্তব্য আগবঢ়ায় । লগতে, ছাত্ৰ-ছাত্ৰীসকলক আগন্তুক পৰীক্ষাৰ বাবে নিজকে কি ধৰণে প্ৰস্তুত কৰিব, সাম্প্ৰতিক ঘটনা প্ৰৱাহৰ বিষয়ে জ্ঞান আহৰণ, পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে কিমান সময় উচৰ্গা কৰিব আৰু একে সময়তে নিজৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ যত্ন লোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আগতীয়াকৈ এক পৰিকল্পনা প্ৰস্তুত কৰিবলৈ ছাত্ৰ-ছাত্ৰী সকলক পৰামৰ্শ আগবঢ়ায়৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ ব্যৱসায় প্ৰশাসন বিভাগৰ মুৰব্বী তথা সহযোগী অধ্যাপক ড০ ত্ৰিদিব ৰঞ্জন শৰ্মাই অনুপ্ৰেৰণামূলক বক্তা হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক নিজৰ ওপৰত বিশ্বাস ৰাখিবলৈ তথা জ্ঞান আহৰণৰ উদ্দেশ্য আগত ৰাখি অধ্যয়ন কৰিবলৈ আৰু নিজৰ গুণ আৰু দুৰ্বলতা সমূহ চিনাক্ত কৰি নিজৰ ব্যক্তিত্বৰ বিকাশ ঘটাবলৈ পৰামৰ্শ আহবঢ়ায় । আজিৰ সভাৰ আদৰণি ভাষণ প্ৰদান কৰি উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই শোণিতপুৰ জিলাৰ অন্তৰ্গত জামুগুৰিহাটৰ ত্যাগবীৰ হেম বৰুবা মহাবিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, তেজপুৰ মহাবিদ্যালয়, লোকপ্ৰিয় গোপীনাথ বৰদলৈ বালিকা মহাবিদ্যালয়, দৰং মহবিদ্যালয়, ঢেকীয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়, বিশ্বনাথ মহাবিদ্যালয়, ছয়দুৱাৰ মহাবিদ্যালয়েকে আদি কৰি বিভিন্ন উচ্চ শিক্ষানুষ্ঠানৰ পৰা প্ৰায় ৫০০ ছাত্ৰ-ছাত্ৰীয়ে আজিৰ এই সজাগতা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে। আজিৰ কাৰ্যসূচীত স্নাতক পাঠ্যক্ৰমৰ অন্তিম বৰ্ষত অধ্যয়নৰত তথা শেহতীয়াকৈ স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে বুলি জনাই এই কাৰ্যসূচীয়ে ছাত্ৰ-ছাত্ৰীসকলক এনে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাত বহুখিনি সহায় কৰিব বুলি উপায়ুক্তগৰাকীয়ে আশা প্ৰকাশ কৰে । অনুষ্ঠানৰ শেষত দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ পলাশমণি শইকীয়াই শলাগৰ শৰাই আগবঢ়ায় ৷ আজিৰ সভাত অতিৰিক্ত উপায়ুক্ত ৰমী বৰুৱা, জিলা তথ্য আৰু জনসংযোগ বিষয়া নীনা বৰুৱা, সাংস্কৃতিক উন্নয়ন বিষয়া জিতেন দাস, জিলা প্ৰশাসনৰ অন্যান্য উচ্চপদস্থ বিষয়াসকল আৰু দৰং মহাবিদ্যালয়ৰ অধ্যাপক আৰু কৰ্মচাৰীসকলো উপস্থিত থাকে

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More