অসমীয়া চিনেমাৰ প্ৰতি দর্শকৰ আগ্ৰহ স্তিমিত হৈছে নেকি !
বিমল বৰগোঁহাই
মই যেতিয়া মাধ্যমিক শ্ৰেণীত পঢ়ি আছিলো (১৯৮০-৮১), সেই তেতিয়াৰ পৰাই চিনেমা চোৱাৰ এটা অভ্যাস আছিল। সেইসময়ত বোধকৰোঁ আমি ক’লা-বগা(Black & White) ছবিকেই বৰ আগ্ৰহেৰে চাইছিলো। কাৰিকৰী দিশ সমূহো বৰ উন্নত নাছিল, যদিও কাহিনী ভাল আছিল বাবে দৰ্শকৰ উপস্থিতি যথেষ্ট আছিল। পাছলৈ লাহে লাহে ৰঙীণ ছবিৰ প্ৰচলন হল। আমি সেই সময়ত অসমীয়া, হিন্দী যিকোনো চিনেমা চাবলৈ গৈছিলোঁ। কেতিয়াবা কেতিয়াবা বৰদেউতাৰ লৰা আৰু লগৰ লৰাৰ সৈতে ঘৰত নোকোৱাকৈ মনে মনে চিনেমা চাবলৈ গৈ মা-দেউতাৰ পৰা চেকণী এচাৰী ৰ কোব খোৱাৰো অভিজ্ঞতা আছে। অসমীয়া চিনেমা হললৈ আহিলে, সেই সময়ত পৰিয়ালৰ লোকৰ সৈতে চোৱাটো আমাৰ অসমীয়া সমাজৰ এটা পৰম্পৰাৰ দৰেই আছিল। মোৰ জন্ম স্থান ডিগবৈত সেই সময়ত দুটা চিনেমা হ’ল আছিল।জনতা আৰু যশোদা চিনেমা হ’ল।অৱশ্যে এতিয়া যশোদা হ’লটো বন্ধ হৈ তাত এখন নতুন শ্বপিং মল হৈছে। মই বাল্য কালত লগৰীয়া আৰু পৰিয়ালৰ সৈতে চোৱা অসমীয়া চিনেমাবোৰৰ কথা ৰোমন্থন কৰি এতিয়াও নষ্টালজিক হৈ পৰো। মোৰ মনত পৰে, সেই সময়ত নতুন চিনেমা এখন হ’ললৈ আহিলে মাত্ৰ এখন ৰিক্সাতে মাইক্ এটা বজাই আমাৰ গোটেই ডিগবৈ টাউনখন ঘূৰি প্ৰচাৰ চলাইছিল আৰু আৰ্ট কৰা নিচিনা কিছুমান পোষ্টাৰ লগাই দৰ্শকক আকৰ্ষণ কৰিবলৈ সামান্য চেষ্টা কৰিছিল। সেই সামান্য প্ৰচাৰৰ যোগেদিয়েই দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিছিল। আচৰিত কথা যে সেই সময়ত এখন চিনেমা চাৰি-পাঁচ সপ্তাহলৈকে হলত চলিছিল। এতিয়াও এটা কথা ভাবি আচৰিত হওঁ যে আমি কেতিয়াবা কেতিয়াবা টিকট ব্লেকত কিনিব লগা হৈছিল আৰু এটা ব্লেকত কিনা টিকটৰ মূল্য মূল টিকটৰ মূল্যতকৈ প্ৰায় দুগুণ-তিনিগুণ বেছি আছিল। চিনেমা টিকটৰ বাবে সেই সময়ত প্ৰায়ে চিনেমা হ’লত মাৰ-পিট হৈছিল। ঠেলা হেঁচা কৰি মানুহৰ ওপৰেদি বগাই ব্লেকাৰ সকলে টিকট কাউন্টাৰৰ পৰা টিকট লোৱা দৃশ্যৰ কথা মনত পৰিলে, আজিও মোৰ গাৰ নোম সিঁয়ৰি উঠে। মই চোৱা আৰু মোৰ মনত পৰা সেই সময়ৰ অসমীয়া চিনেমা কিছুমানৰ নাম হল, চামেলি মেমচাব্ , মন প্ৰজাপতি, ৰজা হৰিচন্দ্ৰ, এৰাবাটৰ সুৰ, আজলী নবৌ, অগ্নিস্নান, হালধীয়া চৰায়ে বাওধান খায়, পিতা পুত্ৰ, সোণ মইনা, গ্ৰহণ, সেন্দুৰ, অজলা ককাই, ককা দেউতা নাতি আৰু হাতী, এণ্টনী মোৰ নাম, পূজা, মন মন্দিৰ, অপৰূপা, ৰঙা নদী, বোৱাৰী, প্ৰভাতী পখীৰ গান, আই মোৰ জনমে জনমে, ফিৰিঙতি, সাৰথি, পাপৰি, হলধৰ, সূত্ৰপাত, গ্ৰহণ, দৃষ্টি, উত্তৰকাল, যুঁজ, বান ইত্যাদি। অৱশ্যে সেই সময়ৰ বহু অসমীয়া চিনেমাৰ নাম এতিয়াও মোৰ মনলৈ আনিব পৰা নাই। মোৰ মনলৈ অহা সেই সময়ৰ অসমীয়া চিনেমাৰ জনপ্রিয় অভিনেতা, অভিনেত্ৰী সকল আছিল বিজু ফুকন, বিজয় শঙ্কৰ, আব্দুল মাজিদ, অমূল্য কাকতি, ইন্দ্ৰ বনিয়া, বিষ্ণু খাৰঘৰীয়া, সুৰেন মহন্ত, নিপন গোস্বামী, মিৰেল কুড্ডুছ, দীনেশ দাস, ৰাজীৱ গোস্বামী, প্ৰাঞ্জল শইকীয়া, তপন দাস, অতুল পাঁচনি, ব্ৰজেন বৰা, অৰুণ নাথ, উপকূল বৰদলৈৰ নামহে মোৰ মনলৈ আহিছে। অন্যহাতে, অভিনেত্ৰী সকলৰ ভিতৰত বিদ্যা ৰাও, ইভা আছাও, ৰুণু দেৱী, প্ৰতিভা বৰঠাকুৰ, চেতনা দাস, মৃদুলা বৰুৱা, মঞ্জুলা বৰুৱা, পূৰ্ণিমা শইকীয়া, কাশ্মিৰী শইকীয়া, মলয়া গোস্বামী, পূৰবী শৰ্মাৰ নাম মোৰ মনলৈ আহিছে। সঁচাকৈ, সেই সময়ৰ অসমীয়া চিনেমাৰ প্ৰতি গৰাকী অভিনেতা আৰু অভিনেত্ৰীৰ নিখুঁত অভিনয়ে দৰ্শকক বৰ আমোদ দিছিল লগতে সুন্দৰ চিনেমাবোৰৰ দুখৰ কাহিনী বা দুখৰ মুহূৰ্তৰ বাবে দৰ্শকসকল কান্দিবলৈও বাধ্য হৈছিল। যিহেতুকে সেই সময়ত উন্নত প্ৰযুক্তিৰ উদ্ভাৱন হোৱা নাছিল, গতিকে কম বাজেটৰ ভিতৰত আৰু সীমিত কাৰিকৰী দিশ সামৰি কেনেকৈ সুন্দৰ, শব্দ আৰু পোহৰ ব্যৱস্থা, দৃশগ্ৰহণ আদিৰে এখন উন্নত মানৰ চিনেমা উপহাৰ দি দৰ্শকক আকৰ্ষিত কৰিব পাৰি, সেই কথা অসমীয়া চিনেমা পৰিচালক আৰু প্ৰয়োজকসকলে সদায় চিন্তা চৰ্চা কৰিছিল। আমাৰ অসমীয়া ৰাইজেও চিনেমাসমূহ আদৰি লৈছিল। চিনেমা হল’ত দৰ্শকৰ অভূতপূৰ্ব উপস্থিতিয়ে তাকেই যেন প্ৰমাণ কৰিছিল।
কিন্তু, আজি যেন যুগৰ পৰিৱৰ্তন হল। সেই তেতিয়াৰ চিনেমাৰ প্ৰযুক্তি বা কাৰিকৰী দিশ সমূহৰ মাজত আজি যেন আকাশ- পাতাল পার্থক্য হল। বলিউডী চিনেমাৰ সমসাময়িক ভাৱে অসমীয়া চিনেমাৰ পৰিচালক আৰু প্ৰযোজকসকলেও উন্নত প্ৰযুক্তিবিদ্যাৰ প্ৰচলন ঘটাই দর্শক তথা ৰাইজক আকৰ্ষণ কৰিবলৈ চেষ্টাৰ কোনো ত্ৰুটি এৰা নাই। সাম্প্ৰতিক সময়ত মুক্তি পোৱা প্ৰতিখন অসমীয়া চিনেমাৰ শব্দ আৰু পোহৰ ব্যৱস্থা, দৃশ্য গ্ৰহণৰ গুণ, সংগীত আদি উন্নত মানৰ হোৱাৰ লগতে প্ৰতিগৰাকী অভিনেতা আৰু অভিনেত্ৰীৰ অভিনয়ে সঁচাকৈ এক নতুন আমোদ দিবলৈ প্রয়াস কৰিছে লগতে প্রতি খন চিনেমাৰ কাহিনীৰ জৰিয়তে আমাৰ সমাজলৈ এটা বাৰ্তা প্ৰেৰণ কৰি সমাজখন কিছু হলেও সংস্কাৰমুখী হবলৈ গতি কৰিছে বুলি মোৰ ধাৰণা হৈছে। এক কথাত কবলৈ গলে আমাৰ সমাজত চলি থকা ভালেমান কুসংস্কাৰ বা কু-কৰ্মবোৰৰ বিৰুদ্ধে এই চিনেমাবোৰে এটা বাৰ্তা প্ৰেৰণ কৰিছে। এতিয়া, মূল কথাটো হল ইমান প্ৰচাৰ আৰু প্ৰসাৰৰ পাছতো সাম্প্রতিক সময়ত চিনেমা হ’লত অসমীয়া চিনেমাৰ দর্শকৰ উপস্থিতি তেনেই কম দেখা যায় অথবা অসমীয়া চিনেমাৰ প্ৰতি দর্শকৰ আগ্ৰহ স্তিমিত কিয় বুলি মনত এটা প্রশ্ন হয়! কেতিয়াবা কেতিযাবা দুই-এটা দৰ্শনীত “Housefull” দেখা যায় যদিও বেছিভাগ দৰ্শনীতে দর্শকৰ উপস্থিতি তেনেই সামান্য দেখা যায়। কেতিয়াবা মাত্ৰ চাৰি-পাঁচ জন দৰ্শকৰ উপস্থিতিৰে চিনেমা এখন দেখুৱাব লগীয়া হয়। যাৰ বাবে ছবি গৃহ কৰ্তৃপক্ষই প্ৰায়েই ছবিখনৰ দৰ্শনী দেখুৱাবৰ বাবে অসমর্থ প্ৰকাশ কৰে। এনে খবৰ আমি প্ৰায়েই বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে অৱগত হও। আৰু এটা অভিযোগ প্ৰায়েই শুনিবলৈ পোৱা যায় যে অসমীয়া চিনেমা এখন চলিবলৈ চিনেমা হ’লত এসপ্তাহ বা দুইসপ্তাহৰ এটা নিৰ্দিষ্ট সময়ৰ বাবে আগতীয়াকৈ থিক কৰি ৰখা হয়। কিন্তু, তৎস্বতেও কাৰোবাৰ ষড়যন্ত্ৰত অসমীয়া চিনেমাবোৰ কেতিয়াবা কেতিয়াবা আঁতৰাই পেলোৱা হয়। এগৰাকী চিনেমা পৰিচালক বা প্ৰয়োজকে অকল তেওঁলোকৰ ব্যক্তিগত লাভা-লাভ বা ব্যৱসায়ৰ বাবেই যে চিনেমা এখন বনায়, সেয়া নহয়। চিনেমা হৈছে আমাৰ সমাজৰ কলা-সংস্কৃতিৰ এটা অংশ। এটা জাতিৰ ভাষা, সাহিত্য, কলা, কৃষ্টি, সংস্কৃতি আদি জীয়াই ৰাখিবলৈ আমাৰ সমাজৰ প্রতি গৰাকী সচেতন ব্যক্তিয়ে যিদৰে বিভিন্ন প্ৰচেষ্টা চলাই আছে, ঠিক সেইদৰে এই সাংস্কৃতিক কৰ্মী- শিল্পী সকলেও অহৰহ নিজৰ নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰি আহিছে। নিত্য ন ন সৃষ্টিৰে আমাৰ সমাজখনক মনোৰঞ্জন, আমোদ, হাঁহিৰ খোৰাক আৰু এক বাৰ্তা দিবলৈ সদায় চেষ্টা চলাই আছে। কিন্তু, দুখ লাগে যেতিয়া আমাৰ অসমীয়াৰ চিনেমাৰ দুৰ্গতি হয়। অৱশ্যে যোৱা কেইবছৰমান আগতে মুক্তি পোৱা জুবিন গাৰ্গৰ কাঞ্চনগঙ্গা আৰু যতীন বৰাৰ ৰত্নাকৰ চিনেমা দুখনে কিন্তু যথেষ্ট ৰাইজৰ আদৰ লাভ কৰিছিল। এইখিনি কথাখিনি লিখিবলৈ মই এই কাৰণেই বাধ্য হলো যে, যোৱা ১৪ অক্টোবৰ, ২০২২ তাৰিখৰ পৰা অসমৰ সকলো ছবি গৃহত প্ৰবাল বৰুৱাৰ পৰিচালনাত আৰু বিজয় দুৱাৰৰ প্ৰযোজনাত ” মোৰ শেষ গান” নামৰ এখন অতি সুন্দৰ সামাজিক ছবি প্ৰদৰ্শন হৈছিল। এই চিনেমাখনত ভালেকেইজন পুৰণি অভিনেতা আৰু অভিনেত্ৰী বিশেষকৈ অৰুণ নাথ, বিভূতি ভূষণ হাজৰিকা, মৃদুলা বৰুৱা আদিৰ লগতে দুগৰাকী নতুন মুখৰ অভিনেতা( অর্ঘদ্বীপ বৰুৱা) আৰু অভিনেত্ৰী (সৃজনী ভাস্ব মহন্ত) সুন্দৰ অভিনয়ৰ লগতে চিনেমাখনৰ অন্যান্য বিভিন্ন কাৰিকৰী দিশ বিশেষকৈ, শব্দ, পোহৰ, চিত্ৰগ্ৰহণ, সংগীত আদিৰ সুন্দৰ পয়োভৰ ঘটিছে আৰু কাহিনীৰ উপস্থাপন বৰ মনোৰম হৈছে। ডিগবৈৰ সু-সন্তান আৰু সেই তেতিয়াৰ ডিগবৈ আই.অ.চি বয়জ্ হাই স্কুলৰ মোৰ জ্যেষ্ঠ আৰু বৰ্তমান মুম্বাই নিবাসী বিজয় দুৱৰা দাদা এই চিনেমাখনৰ প্ৰয়োজক। সেইসূত্ৰে তেখেতৰ সৈতে মোৰ এটা ঘনিষ্ঠতা আছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন সামাজিক মাধ্যম যোগে এই চিনেমাখনৰ প্ৰচাৰ আৰু প্ৰসাৰ চলোৱাৰ লগতে পৰিচালক, প্ৰযোজক, কলা কুশলী সকলোৱে নিজেই অসমৰ বিভিন্ন ঠাইত গৈ বিশেষকৈ বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, গুৰুত্বপূৰ্ণ ৰাজহুৱা ঠাই যেনে বজাৰ, জিলা সদৰৰ “বাৰ সংস্থা”, অন্যান্য অনুষ্ঠান আদিলৈ গৈ প্ৰচাৰ চলাইছিল। মুঠতে চিনেমাখনৰ লগত জড়িত সকলোৱে যিকোনো মাধ্যমৰ জৰিয়তে এই চিনেমাখনৰ বিষয়ে ৰাইজৰ মাজলৈ লৈ যাবৰ বাবে আপ্ৰাণ চেষ্টা চলাইছিল। তিনিচুকীয়া জিলা সদৰতো দুখন নামজ্বলা মহাবিদ্যালয়, তিনিচুকীয়া মহাবিদ্যালয় আৰু তিনিচুকীয়া মহিলা মহাবিদ্যালয়ত প্ৰচাৰ চলাইছিল চিনেমাখন মুক্তি পোৱাৰ প্রায় দহ-পোন্ধৰ দিনৰ আগৰে পৰা। বিজয় দা’ৰ অনুৰোধ মৰ্মে ময়ো তেওঁলোকৰ লগত এই প্ৰচাৰ আৰু প্ৰসাৰ কাৰ্য্যসূচীত এই দুয়োখন মহাবিদ্যালয়ত উপস্থিত আছিলোঁ। প্ৰচাৰৰ সময়ত ছাত্র ছাত্ৰীসকলৰ মাজত যথেষ্ট উৎসাহ দেখিছিলো আৰু মই ভাবিছিলো, ১৪ অক্টোবৰৰ পৰা প্ৰতিটো দিনেই এই চিনেমাখন উপভোগ কৰিবৰ বাবে ৰাইজৰ লানি নিচিঙা সোঁত বব। কিন্তু, মোৰ সেই ধাৰণা ভুল হল যেতিয়া তিনিচুকীয়াৰ দুটা চিনেমা হ’লত, প্ৰথম দিনা(গেলেৰীয়াত) মাত্ৰ ৫৫ জন আৰু আনটো হ’ল(ৰংঘৰত) মাত্ৰ ৩৩ জনমান দর্শকৰ উপস্থিতিৰে এই চিনেমাখন শুভাৰম্ভ হল। পাছৰ দিনকেইটাও একে অৱস্থা হল বুলি চিনেমা হ’ল কৰ্তৃপক্ষৰ পৰা জানিব পৰিছিলোঁ । অৱশ্যে কোনোবা কোনোবা দিনা অলপ বাঢ়িছিল, যদিও কোনো দিনেই “Houseful” নহল। অৱশ্যে, অসমৰ দুই এটা চিনেমা হ’লত “Housefull” হৈছে বুলি জানিব পাৰিছো আৰু দুই এখন ঠাইত বৰ্তমান দ্বিতীয় সপ্তাহ চলিছে বুলিও খবৰ পাইছোঁ। ই সঁচাকৈ এটা সুখবৰ। কিন্তু, সামগ্ৰিকভাৱে বিষয়টো বৰ চিন্তনীয়। মই অকল এই “মোৰ শেষ গান” চিনেমাখনৰ বিষয়েই কব বিচৰা নাই। মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কব বিচাৰো যে অসমীয়া চিনেমা প্ৰায়বোৰতেই দর্শকৰ উপস্থিতি তেনেই সেৰেঙা। এনেকৈ হলে আমাৰ অসমীয়া চলচ্চিত্ৰ উদ্যোগটি চলি থাকিবলৈ এদিন জটিল হৈ পৰিব। যাৰ ফলত এই উদ্যোগটোৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে ভাবে জড়িত বহু শিল্পী, কলা কুশলী, বাদ্যযন্ত্ৰকাৰী, কাৰিকৰী দিশৰ লগত জড়িত লোক সকল যথেষ্ট আৰ্থিক অসুবিধাৰ সন্মুখীন হব। যিহেতু অসমীয়া চিনেমা নচলিলে এইসকল লোক কৰ্মহীন হৈ পৰিব। সেয়েহে, এই উদ্যোগটি জীয়াই ৰাখিবলৈ লগতে আমাৰ সংস্কৃতি আৰু কৃষ্টি অটুট ৰাখিবলৈ হলে আমি আমাৰ মানসিকতা সলনি কৰিবই লাগিব। আমি অসমীয়াই যদি অসমীয়া চিনেমা নাচাও, তেন্তে আমাৰ ভাষা, সাহিত্য, সংস্কৃতি আদিৰ ৰক্ষা কৰাৰ বাবে শ্লোগান দিয়াৰ কিবা যুক্তি আছে জানোঁ অথবা অকল শ্লোগান দিলেই আমাৰ ভাষা বা সংস্কৃতি ৰক্ষা হব নেকি? গতিকে, মই এই লেখাৰ যোগেদি প্ৰতিগৰাকী সমাজ সচেতন লোক, জাতীয় দল-সংগঠন লৈ আহ্বান জনাওঁ যে অসমীয়া চিনেমা এখন ছবি গৃহলৈ আহিলে, অকণমান সময় উলিয়াই, কেইটকা মান টকা খৰচ কৰি সকলোৱে পৰিয়াল লৈ চিনেমাখন চাবলৈ যাওঁক। আমি দৈনন্দিন চাহ, তামোল, বিভিন্ন ৰাগীয়াল বস্তু, চিগাৰেট, গোটকা, মদ আদিত বহু টকা খৰচ কৰোঁ, নিজৰ পুত্ৰ-কন্যাৰ জন্মদিন উদযাপন্ কৰোঁতে হাজাৰ হাজাৰ টকা খৰচ কৰোঁ, কিন্তু অসমীয়া চিনেমা এখন চাবলৈ টকা দুশ বা তিনিশ খৰছ কৰিব নিবিচাৰোঁ। এয়াই আমাৰ শিক্ষিত সমাজৰ মানসিকতা। আজি দক্ষিণ ভাৰতৰ চিনেমাবোৰে কিদৰে গোটেই দেশ দখল কৰিছে, সেয়া আমি সদায় দেখি আছোঁ। তেওঁলোকৰ মানুহবোৰে নিজে চিনেমা চোৱাৰ লগতে আনকো চাবলৈ অনুপ্ৰাণিত কৰে। গতিকে, মই পুনৰবাৰ আমাৰ অসমবাসীক কব বিচাৰো যে অসমীয়া চিনেমাৰ প্ৰতি আমাৰ ৰাইজৰ আগ্ৰহ স্তিমিত হৈছে বুলি যি ধাৰণা হৈ আছে, সেয়া প্ৰমাণ কৰিবলৈ সকলোৱে যেন ছবিগৃহলৈ গৈ অসমীয়া চিনেমা চায়। তেতিয়াহে আমাৰ পৰিচালক, প্ৰযোজক, কলা কুশলীসকলে আৰ্থিক ভাৱে সবল হবলৈ সক্ষম হব, লগতে আমাৰ কৃষ্টিৰ পথাৰখনত ন ন সৃষ্টিৰে এক আমূল পৰিৱৰ্তন আনিবলৈ প্ৰেৰণা পাব। নহলে আমাৰ খেতিৰ পথাৰৰ মাটিত ছন পৰাৰ দৰে, এই কৃষ্টিৰ পথাৰখনতো ছন পৰিবলৈ বেছি সময় নালাগিব।
বৰবিল নং ২ ডিগবৈ, তিনিচুকীয়া ফোন নং:৯৪৩৫০৩৫১৭৭