অসমীয়া মাধ্যমৰ বিদ্যালয়ক লৈ দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মাই প্ৰতিষ্ঠা কৰা তেজপুৰৰ তৰুণ অসম সংঘৰ স্থিতি

তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান ইংৰাজী মাধ্যমত শিক্ষা দিয়াৰ পৰিৱৰ্তে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পোষকতা

0 52

গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজীত শিকালে স্কুল এৰা বিদ্যাৰ্থীৰ সংখ্যা আৰু বাঢ়িব কিয়নো শিশুক জটিল কথা বোধগম্য কৰাবলৈ মাতৃভাষাৰ কোনো বিকল্প নাই

শতাব্দ প্ৰতিনিধি তেজপুৰ ২৯ আগষ্টঃ অসমৰ বিদ্যালয়সমূহত যদিহে তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান আৰু অংকৰ পাঠদান ইংৰাজী মাধ্যমত কৰা হয় তেনেহ’লে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ অনুসৰি ৰাজ্যসমূহত শিশুক মাতৃভাষাত শিক্ষাদান কৰাৰ যি নিৰ্দেশনা তাক উলংঘা কৰা হ’ব৷ সেয়েহে তৃতীয় শ্ৰেণীৰ পৰা ইংৰাজী মাধ্যমত অংক আৰু বিজ্ঞানৰ শিক্ষা প্ৰদান বিষয়টোৰ সকলো দিশ পৰ্যালোচনা কৰিবলৈ তেজপুৰৰ অন্যতম সামাজিক অনুষ্ঠান তৰুণ অসম সংঘই এক বিবৃতিৰ জৰিয়তে চৰকাৰলৈ আহ্বান জনাইছে৷ উল্লেখ্য যে, সমগ্ৰ ৰাজ্যজুৰি চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ হোৱাৰ সময়তে তেজপুৰত ১৯৩০ চনতে গঢ় লৈ উঠা সামাজিক অনুষ্ঠান তৰুণ অসম সংঘই এই স্পৰ্শকাতৰ বিষয়টোৰ সন্দৰ্ভত নিজৰ স্থিতি প্ৰকাশ কৰি কেতবোৰ সিদ্ধান্ত গ্ৰহণেৰে চৰকাৰলৈ এক বিবৃতিৰ জৰিয়তে আহ্বান জনাইছে৷ এই সন্দৰ্ভত সংঘৰ সভাপতি ৰবীন্দ্ৰনাথ শৰ্মাই আজি তেজপুৰত প্ৰদান কৰা বিবৃতিত ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি ৰাজ্যসমূহত শিশুক মাতৃভাষাত শিক্ষা প্ৰদানৰ পোষকতা কৰে৷ বিবৃতিটোত এইবুলি অৱতাৰণা কৰিছে যে, অসমৰ বিদ্যালয় সমূহত যদিহে তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান আৰু অংকৰ পাঠদান ইংৰাজী মাধ্যমত কৰা হয় তেনেহলে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ অনুসৰি ৰাজ্যসমূহত শিশুক মাতৃভাষাত শিক্ষাদান কৰাৰ যি নিৰ্দেশনা তাক উলংঘা কৰা হ’ব৷ অসমীয়া মাধ্যমত পঢ়া বিদ্যাৰ্থীসকলৰ তৃতীয় শ্ৰেণীৰ পৰা ইংৰাজী মাধ্যমত অংক আৰু বিজ্ঞানৰ শিক্ষা প্ৰদানত অসুবিধা নহ’বৰ বাবে অসম বিজ্ঞান সমিতিয়ে প্ৰস্তুত কৰা বিজ্ঞান কোষ আৰু বিজ্ঞান অভিধানৰ সহায় লৈ পাঠ্যপুথি প্ৰস্তুত কৰি পাঠদান আৰু পাঠগ্ৰহণ সহজ কৰি তুলিব পৰা যায় ৷ শিক্ষকে যেতিয়া পাঠদান কৰে তেতিয়া একে সময়তে ইংৰাজী আৰু অসমীয়া প্ৰতিশব্দৰ জ্ঞান প্ৰদান কৰা দেখা যায়৷ আনহাতে এই দুটা বিষয়ৰ বহু শব্দ ইংৰাজীতে লিখা হয়৷ অসমীয়া মাধ্যমত পঢ়িও জগতত স্বকীয় প্ৰতিভাৰে জিলিকি থকা গণিতজ্ঞ নাইবা বিজ্ঞানী বহুতো আছে৷ অভিভাৱক সকলৰ নিজ সন্তানক ভাল স্কুলত ভাল শিক্ষকৰ অধীনত উপযুক্ত শিক্ষা দিয়াৰ আকাংক্ষাক সন্মান আৰু গুৰুত্ব দিয়া উচিত৷ তেখেতসকল ব্যক্তিগত খণ্ডৰ স্কুলৰ প্ৰতি আকৰ্ষিত হোৱাৰ মূল কাৰণ হ’ল, সুস্থ বাতাৱৰণ , উপযুক্ত আন্তঃগাঁথ, অভিজ্ঞ শিক্ষক , নিয়মীয়া পৰিদৰ্শন, দক্ষতাবৰ্ধক পাঠ্যক্ৰম বহিৰ্ভূত কাৰ্য-কলাপ আৰু পৰীক্ষাৰ উন্নত ফলাফল ৷ সেয়ে এইবোৰ কাৰক যদি অসমীয়া মাধ্যমৰ স্কুলবোৰত উপলব্ধ হয় তেনেহলে নিম্নগামী ছাত্ৰৰ সংখ্যাই যি ভয়াবহ সমস্যাৰ সৃষ্টি কৰিছে তাক প্ৰতিৰোধ কৰিব পৰা যাব৷ ইংৰাজী মাধ্যমত পঢ়া বিদ্যাৰ্থীসকল অধিক মেধাৱী আৰু স্মাৰ্ট হোৱাৰ ফলত প্ৰতিযোগিতামূলক পৰীক্ষাবোৰত সহজে সফল হ’ব পাৰিব বুলি যি এক ভ্ৰান্ত ধাৰণাৰ আলমত গণিত আৰু বিজ্ঞান বিষয় দুটাৰ পাঠদানৰ ব্যৱস্থা কৰিব খোজা হৈছে সি সম্পূৰ্ণ অমূলক৷ কিয়নো, এজন লোকে সফলতাৰ উচ্চ শিখৰলৈ উধাবৰ বাবে বিশেষ কোনো এক ভাষাৰ পাৰদৰ্শিতাৰ পৰিবৰ্তে একাগ্ৰতা, নিষ্ঠা, প্ৰায়োগিক জ্ঞান আৰু ধৈৰ্য আদি গুণসমূহৰহে প্ৰয়োজন৷ অসমত আধাতে স্কুল এৰা ল’ৰা-ছোৱালীৰ (school dropout) ৰ সংখ্যা দেশৰ ভিতৰতে বেছি৷ গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজীত শিকালে স্কুল এৰা বিদ্যাৰ্থীৰ সংখ্যা আৰু বাঢ়িব কিয়নো শিশুক জটিল কথা বোধগম্য কৰাবলৈ মাতৃভাষাৰ কোনো বিকল্প নাই ৷ আনহাতে বৰ্তমান স্কুলসমূহত এই দুটা বিষয়ৰ উপযুক্ত শিক্ষকৰে অভাৱ; তেনেক্ষেত্ৰত ইংৰাজীতে গণিত আৰু বিজ্ঞান বুজাবৰ বাবে শিক্ষকসকলৰ পাৰদৰ্শিতাৰ নিশ্চয়তা চৰকাৰে দিব পাৰিবনে বুলি বিবৃতিটোত প্ৰশ্ন উত্থাপনৰে তৰুণ অসম সংঘৰ তৰফৰ পৰা উল্লেখ কৰে যে- কম সংখ্যক ছাত্ৰ-ছাত্ৰী থকা স্কুলবোৰক আন স্কুলৰ লগত চামিলকৰণৰ বাবে অসম চৰকাৰে যি আঁচনি গ্ৰহণ কৰিছে সেইটোৱে মূল সমস্যাৰ সমাধান কৰিব নোৱাৰে৷ গতিকে অসমীয়া মাধ্যমৰ শিক্ষা ব্যৱস্থাত থকা কেৰোণবোৰ চিনাক্ত কৰি তাৰ সমাধানৰ ব্যৱস্থা হাতত ল’লেহে এই সমস্যা সমাধান হ’ব বুলি আশা কৰিব পাৰি৷ নহলে বৰ্তমানৰ স্থিতাৱস্থা বাহাল থাকিলে এসময়ত অসমত চৰকাৰী অসমীয়া মাধ্যমৰ স্কুল নাথাকিবগৈ, তাৰ ঠাইত কেৱলমাত্ৰ ব্যক্তিগত খণ্ডৰ স্কুলহে থাকিবগৈ৷ এই গুৰুত্বপূৰ্ণ দিশ সমূহ সংশ্লিষ্ট কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণৰে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ৰ ভাষা সম্পৰ্কীয় প্ৰস্তাৱত থকা নিৰ্দেশ অনুযায়ী পাঠদান পাঠগ্ৰহণ কাৰ্যসূচী ৰূপায়ন কৰিবলৈ সংঘৰ তৰফৰ পৰা অনুৰোধ জনাইছে

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More